নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্য প্রদূষণৰ ভয়াৱহতা

আধুনিক মানৱৰ জীৱন যাপন সহজ কৰি তুলিবলৈ বিজ্ঞানৰ দ্বাৰা উৎপাদিত অধিকাংশ উপাদানেই পৃথিৱীৰ পৰিৱেশ, পাৰিপার্শ্বিকতা আৰু জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি হৈ পৰিছে৷ এই কথা নিশ্চিত হৈছে যে মানৱসৃষ্ট কাৰকেই বায়ু, পানী, মাটিকে ধৰি পৃথিৱীৰ সকলো ক্ষেত্রতেই নেতিবাচক প্রভাৱ পেলাইছে৷ ইতিবাচক দিশৰ সমান্তৰালকৈ নেতিবাচক প্রভাৱৰ মাত্রা বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত মানৱ জাতিলৈ ন ন সমস্যা কঢ়িয়াই আনিছে৷ আৰু এনে অনেক সমস্যা মানৱ সভ্যতাৰ বাবে প্রত্যাহ্বান হৈ থিয় দিছে৷ ধাৰণা কৰাতকৈও অধিক ভয়াৱহ ৰূপত খাদ্য প্রদূষণ এতিয়া মানৱ সভ্যতাৰ বাবে প্রত্যাহ্বান হৈ উঠিছে৷ স্বাভাৱিক দৃষ্টিত খাদ্যত বিষাক্ত দ্রব্যৰ উপস্থিতিকেই খাদ্য প্রদূষণ বুলিব পাৰি৷ বাহ্যিকভাৱে খাদ্যত বিষাক্ত ৰাসায়নিক দ্রব্যৰ অৱস্থিতি যিমান ভয়াৱহ, তাতোকৈ অধিক ভয়াৱহ আভ্যন্তৰীণভাৱে খাদ্যত তেনে বিষাক্ত দ্রব্যৰ মিশ্রণ৷ বিজ্ঞানী–গৱেষকৰ মতে, খাদ্য প্রদূষণ হৈছে খাদ্যত প্রাকৃতিকভাৱে নাথাকিবলগীয়া বিষাক্ত ৰাসায়নিক পদার্থ অথবা জৈৱিক কণিকাৰ উপস্থিতি৷ নতুবা প্রাকৃতিকভাৱে খাদ্যত থাকিবলগীয়া ৰাসায়নিক পদার্থৰ মাত্রা যদি বৃদ্ধি পায়৷ খাদ্য প্রদূষণ মানৱ স্বাস্থ্যৰ কাৰণে কিমান হানিকাৰক তাক বর্ণনাৰ পূর্বে খাদ্য প্রদূষণৰ কাৰক বিশ্লেষণ কৰিব লাগিব৷ খাদ্য প্রদূষণৰ অনেক কাৰণ আছে৷ সাধাৰণতে কোনো প্রদূষিত সামগ্রী খাদ্যৰ সৈতে সংস্পর্শিত হ’লেই খাদ্য প্রদূষণৰ সম্ভাৱনা থাকে৷ বিভিন্ন শাক–পাচলি বিষাক্ত হৈ পৰে যেতিয়া সেইবোৰ জলসিঞ্চনৰ পানী, ভূজল অথবা মাটিৰ সৈতে সংস্পর্শত আহে৷ খাদ্যত বিষাক্ত বেক্টেৰিয়াৰ প্রভাৱ পৰে, এইবোৰ অতি উচ্চ তাপমাত্রাত বিনাশ কৰিব পাৰি৷ আনহাতে বিষাক্ত ৰাসায়নিক বিভিন্ন মাধ্যমেৰে খাদ্যত মিহলি হ’ব পাৰে৷ প্রদূষিত মাটি, গোটা আৱর্জনা অথবা প্রদূষিত ভূজলৰ অঞ্চল বর্ধিত হোৱা শস্য, ফলমূল, শাক–পাচলি প্রদূষণৰ কবলত পৰে৷ প্রদূষিত পানী আৰু প্রদূষিত বায়ু অঞ্চলত বর্ধিত হোৱা খাদ্য বিশেষকৈ শাক–পাচলি, ফলমূল আৰু শস্যত প্রদূষণ হয়৷ তেনেদৰে কৃষিকর্মত ব্যৱহূত কীটনাশক–ৰাসায়নিক সাৰ আদিৰ পৰাও খাদ্য প্রদূষণ হয়৷ বিদ্যুৎ প্রকল্পৰ পৰা নির্গত ছাই আৰু নলা–নর্দমাৰ পানী কৃষিত ব্যৱহাৰ হ’লেও খাদ্যত প্রদূষণ হয়৷ অর্থাৎ বায়ু–পানী আৰু মাটিৰ প্রদূষিত পৰিৱেশৰ পৰাই খাদ্য প্রদূষণ হৈ আছে৷ আনহাতে, খাদ্য সংসাধন, পেকেজিং আৰু হেণ্ডলিঙৰ পৰা খাদ্য প্রদূষণ হৈ আছে বুলি গৱেষকসকলে প্রকাশ কৰিছে৷ তদুপৰি প্রদূষিত পানী আৰু খাদ্য সেৱন কৰা জীৱ–জন্তু আৰু মাছৰ দ্বাৰাই আমাৰ মানৱ শৰীৰত প্রদূষিত খাদ্য প্রৱেশ কৰি আছে৷ মাটি, পানী আৰু বায়ুৰ পৰা খাদ্যত প্রদূষণ প্রসাৰিত হৈ পৰে গছ–গছনি অথবা প্রাণী যেতিয়া পৰিৱেশ প্রদূষণৰ কবলত পৰে৷ উদাহৰণস্বৰূপে প্রদূষিত পানীত থকা মাছ৷ এই মাছ খায় পক্ষীবোৰে, এই পক্ষীৰ দ্বাৰাই আন প্রাণীলৈ বিয়পে আৰু শেহত খাদ্যৰ জৰিয়তে মানৱ শৰীৰত প্রৱেশ কৰে৷ ইয়ে মানৱ স্বাস্থ্যৰ ক্ষতিসাধন কৰে৷
মানৱ জাতিৰ বাবে ভয়াৱহ হৈ উঠিছে খাদ্যত প্লাষ্টিক প্রদূষণ৷ সম্প্রতি বিশ্বত প্লাষ্টিক প্রদূষণৰ মাত্রা ইমানেই বৃদ্ধি পাইছে যে ইয়াক নিয়ন্ত্রণ কৰিবলৈ আন্দোলন কৰিবলগীয়া হৈছে৷ প্লাষ্টিকৰ আৱর্জনাই কিদৰে খাদ্যত প্রদূষণ ভয়াৱহ কৰি তুলিছে সেয়া শেহতীয়া অধ্যয়নৰ তথ্যই প্রমাণ কৰিছে৷ ২০১৮ চনৰ অক্টোবৰত ইউৰোপত এটা সংস্থাই চলোৱা অধ্যয়নত ৮গৰাকী ব্যক্তিৰ শৌচত ৯ বিধ পৃথক প্লাষ্টিকৰ কণিকা ধৰা পৰিছে৷ ৮গৰাকীৰ প্রত্যেকৰে ১০ গ্রাম শৌচত ২০ মাইক্র’প্লাষ্টিক কণিকা পাইছে আৰু এই প্লাষ্টিকৰ কণিকাৰ ভিতৰত পলিপ্র’পিলিন আৰু পলিইথিলিন টেৰেফ্টলেট প্রধান৷ কণিকাৰ আকাৰ হৈছে ৫০ৰ পৰা ৫০০ মাইক্র’মিটাৰ৷ এই তথ্যৰ আধাৰত গৱেষকসকলে পৃথিৱীৰ জনসংখ্যাৰ ৫০ শতাংশৰ শৰীৰত মাইক্র’প্লাষ্টিকৰ কণিকা থকাটো নিশ্চিত কৰিছে৷ মানৱৰ শৌচ–প্রস্রাৱত এই ভয়াৱহ প্লাষ্টিকৰ উপস্থিতি ধৰা পেলোৱা গৱেষকসকলে এই কথাও নিশ্চিত কৰিছে যে খাদ্যৰ জৰিয়তেই শৰীৰত প্লাষ্টিকৰ কণিকা প্রৱেশ কৰি আছে৷ উদাহৰণস্বৰূপে মাইক্র’প্লাষ্টিকৰ কণিকা মাটি, টেপৰ পানী, বটলত থকা পানী আৰু বায়ুত থকাটো প্রমাণ হৈছে৷ উল্লেখ্য যে প্রতিবছৰে বিশ্বব্যাপী ৩৩০ মিলিয়ন মেট্রিক টনতকৈ অধিক প্লাষ্টিক উৎপাদন হৈ আছে আৰু ইয়াৰে মাত্র ১৪ শতাংশহে পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিবলৈ সংগ্রহ কৰি আছে৷ অর্থাৎ ৮৬ শতাংশ প্লাষ্টিক আৱর্জনাৰ ৰূপত মাটি–পানীত ভিৰ কৰে আৰু ইয়াৰেই ক্ষুদ্র ক্ষুদ্র কণিকা খাদ্যত বিশেষকৈ শাক–পাচলি, ফলমূল, শস্যত প্রৱেশ কৰে৷ পিছলৈ এইবোৰেই মাছ, পক্ষীকে ধৰি অন্য প্রাণীৰ দেহত প্রৱেশ কৰে৷ অৱশেষত বিভিন্ন পর্যায়ৰে খাদ্যৰ জৰিয়তে মানৱ দেহত প্রৱেশ কৰি আছে৷ বিশ্বৰ জনসংখ্যা দ্রুতগতিত বর্ধিত হৈ থকা বাবে কৃষিৰ চাহিদা বৃদ্ধি পাইছে আৰু কৃষি ঔদ্যোগিক নীতিৰ প্রাধান্য বাঢ়িছে৷ ফলত ছিন্থেটিক সাৰ, কীটনাশক দ্রব্য আদিৰ প্রয়োগ বৃদ্ধি কৰিবলগীয়া হৈছে৷ যিয়ে কৃষিভূমিৰ লগতে বায়ু প্রদূষিত কৰিছে৷ জীৱাশ্ম ইন্ধন আৰু ৰাসায়নিক সাৰৰ প্রয়োগ বৃদ্ধিয়ে বায়ু প্রদূষণৰ মাত্রা বৃদ্ধি কৰিছে৷ ইয়েই পিছলৈ খাদ্যত প্রদূষণ বৃদ্ধি কৰিছে৷ খাদ্য প্রদূষণৰ ফলত মানুহে ক্ষুদ্র ৰোগৰ পৰা জীৱন সংকটত পেলোৱা গুৰুতৰ ৰোগত আক্রান্ত হ’ব পাৰে৷ খাদ্য প্রদূষণৰ ফলত বিশ্বব্যাপী বছৰি লক্ষাধিক লোকৰ মৃত্যু ঘটি আহিছে৷ উদাহৰণস্বৰূপে বিশ্বৰ সবাতোকৈ চহকী শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্রতে খাদ্য সম্পর্কীয় ৰোগত আক্রান্ত লোকৰ সংখ্যা বছৰি ৭০ নিযুত৷ ইয়াৰে ভিতৰত বছৰি ৫ সহস্রাধিকে প্রাণ হেৰুৱায়৷ বিশ্বৰ শক্তিশালী ৰাষ্ট্রতেই খাদ্য প্রদূষণৰ ভয়াৱহতা বর্ধিত হৈ আছে৷ গতিকে বিশ্বৰ আন দেশবোৰো ইয়াৰ ব্যতিক্রম নহয়৷ খাদ্য প্রদূষণ নিয়ন্ত্রণৰ বাবে ব্যৱস্থা গ্রহণৰ সময় সমাগত৷ খাদ্য প্রদূষণ নিয়ন্ত্রণ কৰিবলৈ হ’লে প্রথমতে এই প্রদূষণৰ কাৰকবোৰ নিয়ন্ত্রণ কৰিব লাগিব৷ বায়ু–পানী আৰু মাটি প্রদূষিত কৰি থকা মানৱসৃষ্ট কাৰকবোৰ নিয়ন্ত্রণ কৰিবই লাগিব৷ মানৱ জাতিলৈ নামি অহা সংকট আৰু প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ হ’লে গৱেষক–বিজ্ঞানীৰ সতর্কবাণীক গুৰুত্ব দিবই লাগিব৷ অন্যথা পৃথিৱী আৰু মানৱ জাতিৰ ভৱিষ্যৎ সংকটমুক্ত নহয়৷

You might also like