নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ মে’, ব’হাগ মাহৰ ২৭ তাৰিখ
শুকুৰবাৰ : তিথি– শুক্লা দ্বিতীয়া, নক্ষত্র : ৰোহিণী, যাত্রা : নাই

মেষ : পৰিৱেশ অনুকূল থাকিব৷ স্বাস্থ্য ভালেই যাব যদিও সৰু–সুৰা বেমাৰ–আজাৰে আমনি কৰিব পাৰে৷ ঘৰুৱা দিশত শান্তি বজাই থাকিব৷

বৃষ : দৈনন্দিন কর্মত মধ্যম ফল৷ পৰিস্থিতিগত কাৰণে এই ৰাশিৰ জাতক–জাতিকাসকলে নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িব৷

মিথুন : কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ বিভিন্ন ধৰণৰ যোগাযোগৰ ফলত এই ৰাশিৰ জাতক–জাতিকাৰ ব্যৱসায়–বাণিজ্যত লাভৱান হোৱাৰ যোগ৷ ভ্রমণত যাব পাৰে৷

কর্কট : পৰিস্থিতি প্রতিকূলতাৰ কাৰণে এই ৰাশিৰ জাতক–জাতিকাসকলৰ বাবে দিনটো শুভ কাৰক৷ ঘৰুৱা অশান্তি বৃদ্ধিৰ ফলত মানসিক অশান্তি বৃদ্ধি পাব৷

সিংহ : কর্মক্ষেত্রত প্রতিকূল পৰিৱেশৰ সৃষ্টি হ’ব পাৰে৷ শাৰীৰিক আৰু মানসিক অস্থিৰতাৰ কাৰণে দিনটো অশান্তিৰ মাজেৰে পাৰ হ’ব৷ ব্যৱসায়–বাণিজ্যত জটিলতা৷

কন্যা : কর্মক্ষেত্রত পৰিৱেশ অনুকূল থাকিব৷ দিনৰ প্রথম ভাগত আর্থিক ক্ষেত্রত সমস্যা থাকিব যদিও দিনৰ শেষভাগত শুভ ফলদায়ক৷ ব্যৱসায়–বাণিজ্যত সুফল৷

তুলা : কর্মক্ষেত্রত মধ্যম ফল৷ বিভিন্ন ধৰণৰ যোগাযোগৰ ক্ষেত্রত দিনটো শুভ ফলদায়ক৷ ঘৰুৱা আলহীৰ আগমন ঘটিব পাৰে৷ স্বাস্থ্যগত বিষয়ে সতর্কতা অৱলম্বন কৰিব৷

বৃশ্চিক : কর্মক্ষেত্রত ঊর্ধ্বতন কর্তৃপক্ষৰ লগত মতবিৰোধ হ’ব পাৰে৷ দিনটোত শত্রুৰ পৰাক্রম বৃদ্ধি পাব৷ গতিকে শত্রুৰ গতিবিধিৰ ওপৰত সতর্ক দৃষ্টি ৰাখিব লাগিব৷

ধনু : কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ দিনটোত প্রাপ্য ধন কিছু হ’লেও আয়ত্ত কৰিবলৈ সক্ষম হ’ব৷ বন্ধু–বান্ধৱে প্রতাৰণা কৰিব পাৰে৷ সাংসাৰিক জীৱনত অশান্তি৷

মকৰ : কর্মক্ষেত্রত জটিলতা থাকিব৷ দিনটোত পৰিশ্রম অনুপাতে ফল নাপাব পাৰে৷ নিবনুৱা জাতক–জাতিকাৰ বাবে দিনটো শুভ ফল৷

কুম্ভ : কর্মক্ষেত্রত শান্তি বজাই থাকিব৷ হঠাৎ শৰীৰত আঘাতৰ যোগ৷ আৱেগ জড়িত হৈ কোনো কাম কৰিবলৈ নাযাব৷ বিদ্যার্থীৰ সাফল্য৷

মীন : কর্মক্ষেত্রত প্রতিকূল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ পূর্বৰ কোনো পৰিকল্পনা বাস্তৱত পৰিণত হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত দিনটো শুভদায়ক৷

You might also like