জ্ঞানবাপীৰ শিক্ষা
বাৰাণসীৰ জ্ঞানবাপী মন্দিৰ প্রসংগত আদালতে দিয়া মন্তব্যই দেশৰ সাংস্কৃতিক জগতখনলৈ বিশেষ শিক্ষামূলক বার্তা বহন কৰিছে৷ কাশী বিশ্বনাথ মন্দিৰৰ সমীপত থকা জ্ঞানবাপী মছজিদৰ উৎপত্তিক লৈ এটা বিতর্ক চলি আছিল৷ এই বিতর্ক প্রত্নতাত্ত্বিক বিষয়ৰ নাছিল, আছিল ধর্মীয় কাৰণৰ৷ ১৯৯১ চনৰ এখন আবেদনৰ পৰা আৰম্ভ হৈছিল এই বিতর্ক৷ শেহতীয়াভাৱে ন্যায়পালিকাই এই বিষয়ত লোৱা সিদ্ধান্তই এই কাহিনীত সোমাই থকা জটিলতাৰ শিপা উঘালি পেলোৱাৰ ইংগিত দিছে৷ এই জ্ঞানবাপী মন্দিৰ–মছজিদ প্রসংগৰ গোচৰৰ সিদ্ধান্তত উপনীত হোৱাৰ বাবে প্রয়োজন হোৱা তথ্য–প্রমাণৰ বাবে ভাৰতীয় প্রত্নতাত্ত্বিক জৰীপৰ প্রতিবেদন উন্মোচনৰ বাবে আদালতে সেউজ সংকেত দিছে৷ বিস্তৃত সমীক্ষাৰ পিছত প্রস্তুত হৈ উঠা এই প্রতিবেদনৰ তথ্যই হ’ব মূল ৰায়দানৰ সম্বল৷ এই বিবাদৰ মূল হ’ল ধর্মীয় বিশ্বাস৷ একাংশ লোকে বিশ্বাস কৰে যে কাশী বিশ্বনাথ মন্দিৰৰ গাঁথনিৰ ওপৰতেই নির্মাণ কৰা হৈছে৷ সেয়ে বর্তমান থকা মছজিদটো আঁতৰাই মন্দিৰটো উদ্ধাৰ কৰাৰ প্রার্থনাৰে বহু লোকে উচ্চতম ন্যায়ালয়, এলাহাবাদ উচ্চ ন্যায়ালয়, বাৰাণসী জিলা আদালতকে ধৰি বিভিন্ন আদালতত আবেদন কৰিছিল৷ দাবী কৰা হৈছিল যে এই মছজিদটো ঔৰংগজেৱৰ নির্দেশত নির্মাণ কৰা হৈছিল আৰু মছজিদ নির্মাণৰ বাবে মন্দিৰৰ এটা অংশ ভাঙি পেলোৱা হৈছিল৷ এই দাবীৰ বিৰুদ্ধাচৰণ কৰা মানুহো ওলাল, তেওঁলোকেও সমান উদ্যমেৰে সেই দাবীৰ বিৰোধিতা কৰিলে৷ ধর্মীয় বিশ্বাস আৰু উপাসনা পদ্ধতি সদায়েই সংবেদনশীল বিষয়৷ প্রশাসন অথবা ন্যায়পালিকা দুয়োপক্ষই এই বিষয়ত সিদ্ধান্ত ল’বলগীয়া হ’লে বিভিন্ন দিশৰ ওপৰত যথেষ্ট মনোযোগ দিবলগীয়া হয়৷ জ্ঞানবাপী মন্দিৰ–মছজিদৰ এই বিবাদৰ অন্ত পেলাবলৈ ন্যায়ালয়ে তথ্য–প্রমাণ হিচাপে প্রত্নতাত্ত্বিক সম্পদক গুৰুত্ব দিয়া কথাটোৱে এই সম্পদবোৰৰ গুৰুত্বৰ কথা চৰকাৰৰ কাণত আকৌ এবাৰ ডাঙৰকৈ পেলাই দিলে৷
প্রত্নতাত্ত্বিক সম্পদসমূহ সংৰক্ষণ কৰা আৰু তাক সুৰক্ষা প্রদান কৰাটো ব্যক্তিগত স্তৰৰ কাম নহয়৷ এই গুৰুত্বপূর্ণ দায়িত্ব চৰকাৰৰ দৰে শক্তিশালী সংস্থাসমূহৰ কান্ধতেই পৰে৷ এই শিল্পকর্মসমূহৰ স্থান, গঠন, নির্মাণৰ সময়, নির্মাণ সৌন্দর্য আদিৰ লগত ঐতিহাসিক মূল্যৰ কথাটো জড়িত হৈ থাকে আৰু তাৰ লগে লগে ই এটা জাতিৰ সাংস্কৃতিক, শৈক্ষিক আৰু অর্থনৈতিক দিশসমূহকো স্পর্শ কৰে৷ প্রত্নতাত্ত্বিক সম্পদবোৰ হৈছে এটা জাতিৰ সাংস্কৃতিক ঐতিহ্যৰ স্পষ্ট অৱশিষ্ট, যিয়ে অতীতৰ সভ্যতাৰ কৃতিত্ব, বিশ্বাস আৰু জীৱনশৈলীক প্রতিনিধিত্ব কৰে৷ ই বর্তমান আৰু অতীতৰ মাজত সংযোগ হিচাপে কাম কৰে৷ ই জাতিটোৰ পৰিচয় আৰু পৰিচয়ৰ ধাৰাবাহিকতাৰ দিশটোক উপযুক্ত ধৰণে প্রতিপালন কৰে৷ প্রত্নতাত্ত্বিক সম্পদবোৰৰ স্থানবোৰে আর্থ–সামাজিক ইতিহাসৰ বহু কথাত পোহৰ পেলায়, যাৰ দ্বাৰা গৱেষক, ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদসকলে সমাজৰ বিকাশৰ পুনর্গঠন ব্যাখ্যা কৰিব পাৰে৷ স্থানৰ লগতে শিল্পকৰ্মবোৰৰ নির্মাণ কৌশল, শিল্পধাৰা, সৌন্দর্য আদি দিশবোৰে ভাৰতৰ দৰে ধর্মৰ ঐতিহ্য থকা দেশ এখনত ধর্মীয় চিন্তা–ভাবনাৰ স্পষ্ট ছবি দাঙি ধৰিব পাৰে৷ প্রাচীন কালৰে পৰাই ভাৰতত শিল্পৰ চর্চা আৰু বিকাশৰ স্থলী হিচাপে হিন্দু মঠ–মন্দিৰৰ বিশেষ গুৰুত্ব আছিল৷ একেই গুৰুত্ব অসমত লাভ কৰিছিল নামঘৰ–সত্র আদিয়ে৷ একেবাৰে সহজ কথা– মন্দিৰ আৰু মছজিদৰ নির্মাণশৈলী একে নহয়, সেই নির্মাণবোৰৰ দেহত অংকন কৰা অলংকাৰবোৰৰ চৰিত্রও ভিন্ন৷ সেয়ে আদালতে সঠিক সিদ্ধান্তৰ বাবে প্রত্নতাত্ত্বিক বিভাগৰ গৱেষণাৰ সহায় লোৱাটো অতি স্বাভাৱিক৷ চৰকাৰে এই কথাটোৰ গুৰুত্ব বুজি পাব লাগে৷ অকল ধর্মীয় কাৰণতেই নহয়, শিল্পৰ গুৰুত্বৰ কথা বুজিও প্রত্নতাত্ত্বিক সম্পদবোৰ সংৰক্ষণ কৰাত মনোযোগ দিব লাগে৷ প্রত্নতাত্ত্বিক সম্পদেৰে ভৰা অসমৰ বহু সম্পদ ইতিমধ্যে নষ্ট হৈ গৈছে৷ বহু সম্পদৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে৷ এটা কথা চাব লাগিব যে চৰকাৰে সংৰক্ষণৰ নামতেই সম্পদবোৰ নষ্ট কৰিছে আৰু সেইবোৰ হ’বলৈ পাইছে দায়িত্বজ্ঞানহীন বিষয়াৰ বাবে৷ ঐতিহ্য–সম্পদৰ ক্ষেত্রত ল’বলগীয়া সিদ্ধান্তৰ বাবে চৰকাৰে এই দিশত জ্ঞান থকা দায়িত্বশীল গোট এটা গঠন কৰা অতি প্রয়োজনীয়৷