নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ অশান্ত মধ্যপ্রাচ্য

প্রত্যাক্রমণ আৰম্ভ৷ ইজৰাইলৰ আক্রমণত কঁপি উঠিল ইৰানৰ ৰাজধানী তেহৰানসহ একাধিক অঞ্চল৷ হিজবুল্লাৰ মুৰব্বীক হত্যাৰ পিছতে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দি দুই শতাধিক ড্রোন আৰু ক্ষেপণাস্ত্রৰে ইহুদী ৰাষ্ট্রখনৰ ওপৰত ইৰানে আক্রমণ চলোৱাৰ পিছত ইৰানৰ বিৰুদ্ধে সঠিক সময়ত প্রত্যাক্রমণ চলোৱা হ’ব বুলি হুংকাৰ দিছিল ইজৰাইলী ৰাষ্ট্রপতি বেঞ্জামিন নেতান্যেহুৱে৷ অৱশেষত ইৰানৰ ওপৰত আক্রমণ চলালে ইজৰাইলে৷ ইৰানৰ সেনাঘাটিক লক্ষ্য কৰি শতাধিক যুদ্ধবিমানেৰে আক্রমণ চলাইছে ইহুদী ৰাষ্ট্রখনে৷ ইয়াৰ সমান্তৰালকৈ আক্রমণ চলোৱা হয় ইৰাক আৰু চিৰিয়াত৷ ইৰানৰ সেনাঘাটিত আক্রমণৰ কথা ঘোষণা কৰিছে ইজৰাইলী সেনাই৷ ইফালে ইজৰাইলৰ এই আক্রমণৰ প্রত্যুত্তৰ দিবলৈ ইৰানৰ সেনাই প্রস্তুতি চলোৱা বুলি তেহৰান প্রশাসনে ঘোষণা কৰিছে৷ অর্থাৎ এক পূর্ণাংগ যুদ্ধৰ সন্মুখীন হৈছে মধ্যপ্রাচ্য৷ গাজাত হামাছবিৰোধী অভিযান ইজৰাইলে চলাই থকাৰ সময়তে সমগ্র মধ্যপ্রাচ্যজুৰি এক অশান্তিকৰ পৰিৱেশ সৃষ্টি হৈছিল৷ হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাই সামৰিক অভিযান আৰম্ভ কৰাৰ পিছতে পেলেষ্টাইনী সশস্ত্র সংগঠনটোৰ প্রতি একতা প্রদর্শন কৰি য়েমেনৰ হুথী আৰু লেবাননৰ হিজবুল্লাই ইজৰাইলৰ বিৰুদ্ধে আক্রমণ আৰম্ভ কৰে৷ হুথীয়ে প্রত্যক্ষভাৱে ইজৰাইলৰ ওপৰত আক্রমণ আৰম্ভণিতে চলোৱা নাছিল যদিও ইজৰাইলৰ সৈতে সম্পর্ক থকা পাশ্চাত্যৰ দেশসমূহৰ বাণিজ্যিক জাহাজত আক্রমণ চলাবলৈ লয়৷ ইয়াৰ পিছত ইজৰাইলৰ বিৰুদ্ধে ক্ষেপণাস্ত্র আক্রমণো আৰম্ভ কৰে হুথীয়ে৷ লক্ষণীয়ভাৱে লেবাননৰ ইৰান সমর্থনপুষ্ট সশস্ত্র সংগঠন হিজবুল্লাই ইজৰাইলৰ বিৰুদ্ধে প্রত্যক্ষ যুদ্ধ ঘোষণা কৰে৷ ইয়াৰ মাজতে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদে লেবাননত পেজাৰ আৰু অন্যান্য ডিভাইচ বিস্ফোৰণ ঘটাই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে৷ লগে লগে হিজবুল্লাই ইজৰাইলৰ বিৰুদ্ধে আক্রমণ তীব্রতৰ কৰিব বুলি হুংকাৰ দিয়ে৷ হিজবুল্লাৰ এই হুংকাৰৰ পিছতে ইজৰাইলে লেবাননত আৰম্ভ কৰে সামৰিক অভিযান৷ লক্ষণীয়ভাৱে তেহৰানত হামাছৰ মুৰব্বী ইছমাইল হানিয়েহক ইজৰাইলে নৃশংসভাৱে হত্যা কৰা বুলি অভিযোগ তুলি ইজৰাইলৰ বিৰুদ্ধে ইৰানে যুদ্ধৰ হুংকাৰ দিয়ে৷ ইয়াৰ মাজতে মধ্যপ্রাচ্যৰ অশান্ত পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আমেৰিকাই অঞ্চলটোলৈ প্রেৰণ কৰে ৰণতৰী আৰু স্কাড ক্ষেপণাস্ত্র৷ ইজৰাইলৰ বিৰুদ্ধে ইৰানে যুদ্ধ আৰম্ভ কৰিলে আমেৰিকাই প্রত্যক্ষভাৱে ইজৰাইলক সহায় কৰিব বুলি ঘোষণা কৰিছে৷ গতিকে মধ্যপ্রাচ্যৰ পৰিস্থিতি এই মুহূর্তত জটিল হৈ পৰিছে৷
বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে মধ্যপ্রাচ্যত যদি এখন পূর্ণাংগ যুদ্ধৰ সূত্রপাত ঘটে তেন্তে ই তৃতীয় বিশ্বযুদ্ধৰ পথ মুকলি কৰিব৷ কাৰণ ৰাছিয়া–ইউক্রেইনৰ মাজত চলি থকা যুদ্ধত ইউক্রেইনক সমর্থন জনাই আহিছে আমেৰিকাসহ পাশ্চাত্যৰ শক্তিয়ে৷ ইফালে ইৰান হৈছে ৰাছিয়াৰ মিত্রদেশ৷ মধ্যপ্রাচ্যৰ খনিজ সম্পদৰ ওপৰত পূর্বৰে পৰা আমেৰিকা আৰু ৰাছিয়াৰ নজৰ আছে৷ গতিকে এই যুদ্ধখনত ৰাছিয়াই নিৰপেক্ষ অৱস্থান গ্রহণ কৰিব বুলি ক’ব নোৱাৰি৷ বিশেষকৈ ইৰানৰ ওপৰত আক্রমণ তীব্রতৰ হ’লে ইজৰাইলৰ বিৰুদ্ধে ৰাছিয়াও যুযুধান হৈ পৰিব পাৰে৷ লগে লগে ৰাছিয়াৰ মিত্রদেশ চীন আৰু উত্তৰ কোৰিয়াৰ অৱস্থান হৈ পৰিব লক্ষণীয়৷ সম্পদৰ লুণ্ঠনৰ প্রতিযোগিতাত আমেৰিকাক মধ্যপ্রাচ্যত একচেটিয়াভাৱে এই দেশসমূহে নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ যে নিদিয়ে সেয়া নিশ্চিত৷ গতিকে মধ্যপ্রাচ্যৰ এই যুদ্ধই বিশ্বজুৰি ভয়াৱহ পৰিস্থিতিৰ আশংকা কঢ়িয়াই আনিছে৷ তাৎপর্যপূর্ণভাৱে মধ্যপ্রাচ্যৰ এনে অশান্ত পৰিস্থিতিৰ বাবে উদ্বিগ্ণ ভাৰতো৷ ইৰানৰ ওপৰত ইজৰাইলে আক্রমণ কৰাৰ লগে লগে উদ্বেগ প্রকাশ কৰিছে ভাৰতে৷ বিভিন্ন সময়ত কূটনৈতিক পদক্ষেপ আৰু শান্তিপূর্ণ আলোচনাৰে সমস্যা সমাধানৰ পোষকতা কৰি অহা ভাৰতে ইৰান আৰু ইজৰাইলক সংযত হোৱাৰ বার্তা দিছে৷ ভাৰতৰ বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে মধ্যপ্রাচ্যৰ পৰিস্থিতিক হৈ উদ্বিগ্ণ নতুন দিল্লী প্রশাসন৷ উভয় পক্ষই শান্তি আৰু সুস্থিৰতা অক্ষত ৰখাৰ বাবে উদ্ধত আচৰণ পৰিহাৰ কৰিব লাগিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে৷ অর্থাৎ ভাৰতৰ দৃষ্টিত এই মুহূর্তত ইজৰাইল আৰু ইৰানে সংযত আচৰণ প্রদর্শন কৰিব লাগিব৷ কিন্তু পৰিস্থিতিয়ে এনে এক ৰূপ লৈছে যে যিকোনো মুহূর্ততে যুদ্ধই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে৷ ইৰানে ইজৰাইলৰ আক্রমণৰ প্রতিশোধ ল’লে আমেৰিকাই প্রত্যক্ষভাৱে যুদ্ধ আৰম্ভ কৰিব বুলি হুংকাৰ দিছে৷ এনে পৰিস্থিতিত মধ্যপ্রাচ্যৰ যুদ্ধই কেনে ৰূপ ধাৰণ কৰে সেয়া সময়েহে ক’ব৷

You might also like