নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটৰ মুখত মার্কিন অর্থনীতি

বিশ্বৰ সমৃদ্ধিশালী ৰাষ্ট্র আমেৰিকাক ঋণৰ বোজাই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন কৰাইছে৷ বিশ্বৰ বৃহত্তম অর্থনীতি হিচাপে চিহ্ণিত দেশখনৰ পৰিস্থিতি এতিয়া ইমানেই ভয়াৱহ যে ইয়াৰ পৰা পৰিত্রাণৰ শীঘ্রে ব্যৱস্থা গ্রহণ নকৰিলে আগন্তুক তিনি দশকৰ ভিতৰত ঋণৰ বোজাই ধ্বংস কৰিব পাৰে সমগ্র মার্কিন অর্থনীতিক৷ ইয়াৰ পূর্বেও কেইবাটাও মহামন্দাৰ সন্মুখীন হ’বলগীয়া হৈছিল মার্কিন অর্থনীতি৷ কিন্তু সেই গভীৰ সংকটৰ পৰাও পুনৰ মূৰ তুলি থিয় দিছিল সমৃদ্ধিশালী দেশখনৰ অর্থনীতিয়ে৷ এইবাৰৰ পৰিস্থিতি সুকীয়া৷ আমেৰিকাৰ কংগ্রেছনেল বাজেট কার্যালয়ৰ শেহতীয়া এক ব্যাখ্যাত দেখিবলৈ পোৱা গৈছে যে দেশৰ মুঠ ঋণ আৰু মুঠ আভ্যন্তৰীণ উৎপাদনৰ অনুপাত ক্রমান্বয়ে বাঢ়িছে৷ অর্থাৎ যিমান বেছি ঋণ, সেই হিচাপত উৎপাদন বেছি নহয়৷ পৰিসংখ্যা অনুসৰি আমেৰিকাৰ ঋণ আৰু উৎপাদনৰ অনুপাত ২০২৩ চনৰ ৯৮ শতাংশৰ পৰা ২০৫৩ চনত প্রায় দুগুণলৈ বৃদ্ধি পাব পাৰে৷ অর্থাৎ পৰিসংখ্যা অনুযায়ী ২০৫৩ চনত আমেৰিকাৰ ঋণ আৰু উৎপাদনৰ অনুপাত হ’ব ১৮১ শতাংশ৷ অন্য এক পৰিসংখ্যা অনুসৰি অনুপাত ২২২ শতাংশতকৈও বেছিলৈ বৃদ্ধি হ’ব পাৰে৷ ক’ভিড অতিমাৰীৰ সময়ৰ পৰাই আমেৰিকাৰ অর্থনীতিলৈ আহি পৰিছে অস্থিৰতা৷ ঋণ লৈ লৈ ঋণৰ ঊর্ধ্বসীমা অতিক্রম কৰিবলগীয়া হৈছে দেশখনৰ চৰকাৰে৷ সেই সীমা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে বাইডেন প্রশাসন৷ মূল্যবৃদ্ধিৰ মোকাবিলা কৰিবলৈ আমেৰিকাৰ বেংকসমূহে ধাৰাবাহিকভাৱে বৃদ্ধি কৰিছে সুদৰ পৰিমাণ৷ ঋণৰ সৈতে ৰকেটৰ গতিত বৃদ্ধি পাইছে সোঁত৷ অর্থনীতিবিদসকলে আশংকা কৰা অনুসৰি এই পৰিস্থিতি অব্যাহত থাকিলে আগন্তুক ৩০ বছৰৰ ভিতৰত আমেৰিকাৰ অর্থনীতি ধ্বংসৰ মুখত পৰিব একমাত্র ঋণৰ বোজা সহিব নোৱাৰি৷
বিশ্বৰ ভিতৰতে সমৃদ্ধিশালী দেশ হিচাপে চিহ্ণিত আমেৰিকাত বর্তমান সুদৰ পৰিমাণ সর্বোচ্চ পর্যায়ত উপনীত হৈছে৷ ২০০১ চনৰ পিছৰে পৰা এনে পর্বতসম সুদৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল মার্কিন অর্থনীতি৷ বিগত জুলাই মাহতো বেংকসমূহে বৃদ্ধি কৰিছে সুদৰ হাৰ৷ ঋণৰ সৈতে সুদৰ পৰিমাণ বৃদ্ধি পোৱাত মার্কিন চৰকাৰৰ ঋণৰ ‘ছার্ভিচিং কষ্ট’ বৃদ্ধি পাইছে৷ ঋণ ল’লে সুদৰ বাবদ যি খৰচ বৃদ্ধি হয়, তাক ছার্ভিচিং কষ্ট বুলি কোৱা হয়৷ ২০২২ চনত এই খৰচে ৪৭,৫০০ কোটি ডলাৰ অতিক্রম কৰিছে৷ কিন্তু তাৰ পূর্বৰ বছৰলৈ চৰকাৰৰ ঋণ ছার্ভিচিং কষ্ট আছিল ৩৫,২০০ কোটি ডলাৰ৷ কংগ্রেছনেল বাজেট কার্যালয়ৰ মতে চলিত বর্ষত এই ছার্ভিচিং কষ্ট ৬৬,৩০০ কোটি ডলাৰলৈ বৃদ্ধি পাব৷ এই পৰিসংখ্যা অনুসৰি আগন্তুক ১০ বছৰত সুদৰ বাবদ মার্কিন চৰকাৰৰ খৰচ হ’ব ১০ লাখ ৬ হাজাৰ কোটি ডলাৰ৷ আমেৰিকাৰ বজাৰ আৰু অর্থনীতিত ইয়াৰ প্রতিকূল প্রভাৱ পৰাটো নিশ্চিত৷ উদ্বেগৰ বিষয়টো হৈছে, এই পৰিস্থিতি অব্যাহত থাকিলে আমেৰিকা পুনৰ অর্থনৈতিক মহামন্দাৰ দিশলৈ গতি কৰিব৷ ২০২৪ চনৰ জুন মাহৰ পৰাই মন্দাৰ দিশলৈ গতি কৰিব মার্কিন অর্থনীতিয়ে৷ ইতিমধ্যে অর্থনীতিবিদসকলে এই সতর্কবাণী কৰিছে৷ বিভিন্ন আর্থিক সমীক্ষা অনুসৰি ২০২৪ত আমেৰিকাৰ অর্থনীতিত মন্দাৱস্থাৰ আবির্ভাৱ ঘটাৰ ৬৭ শতাংশ সম্ভাৱনা আছে৷ আশ্চর্যকৰ বিষয়টো হৈছে, আমেৰিকা বিশ্ব অর্থনীতিৰ শীর্ষত থকা দেশ৷ আমেৰিকান মুদ্রা ডলাৰেই বিশ্ব অর্থনীতিত নিজৰ প্রতাপ দীর্ঘদিন ধৰি চলাই আহিছে৷ ৮০ শতাংশ আন্তর্জাতিক ব্যৱসায়িক লেনদেন হয় ডলাৰৰ মাধ্যমত৷ তথাপি শেহতীয়াকৈ ডলাৰ বিশ্ব বজাৰত কিছু পিছ হুঁহকিবলগীয়া হৈছে৷ মূল কথাটো হৈছে, আমেৰিকাৰ অর্থনীতি যি সংকটৰ সন্মুখীন হৈছে, তাৰ কাৰণ আয় আৰু ব্যয়ৰ মাজত এক ভাৰসাম্যহীন অৱস্থা চলি আহিছে৷ ইয়াৰ ফলতেই বিশাল পৰিমাণৰ ঋণৰ বোজা কঢ়িয়াবলগীয়া হৈছে জ’ বাইডেন চৰকাৰে৷

You might also like