নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচন

আগন্তুক ৫ নৱেম্বৰত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনক লৈ দেশখনৰ ৰাজনীতিত আৰম্ভ হৈছে উত্তপ্ত পৰিস্থিতি৷ ৰিপাব্লিকান প্রার্থী তথা প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প নে উপ–ৰাষ্ট্রপতি তথা ডেম’ক্রেটিক প্রার্থী কমলা হেৰিছে এই নির্বাচনত জয়লাভ কৰিব তাক লৈ ইতিমধ্যে বিভিন্ন মহলত চলিছে অংক৷ লক্ষণীয়ভাৱে ৰাষ্ট্রপতি জ’ বাইডেনে এই নির্বাচনৰ পৰা নাম প্রত্যাহাৰ কৰাৰ লগে লগে ডেম’ক্রেটিক শিবিৰত আৰম্ভ হৈছে নতুন উৎসাহ৷ ভাৰতীয় বংশোদ্ভৱ ৰাজনীতিক কমলা হেৰিছৰ সন্মুখত আমেৰিকাত ইতিহাস সৃষ্টিৰ এক সুযোগ আহি পৰিছে৷ যদি এই নির্বাচনত ট্রাম্পক পৰাভূত কৰি কমলা হেৰিছে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়, তেন্তে আমেৰিকাৰ ইতিহাসত প্রথমগৰাকী মহিলা ৰাষ্ট্রপতি হিচাপে নজিৰ সৃষ্টি কৰিব হেৰিছে৷ ইতিমধ্যে টেলিভিছনৰ প্রেছিডেন্সিয়েল ডিবেটত দুয়োগৰাকী প্রার্থীয়ে এবাৰ মুখামুখি হৈছে৷ এই ডিবেটত কমলা হেৰিছৰ সন্মুখত নিষ্প্রভ হৈ পৰে ট্রাম্প৷ বিশেষকৈ অতি বিচক্ষণতাৰ পৰিচয় দি বিভিন্ন আন্তর্জাতিক আৰু আভ্যন্তৰীণ বিষয় লৈ ট্রাম্পক প্রশ্ণৰে থকা–সৰকা কৰে হেৰিছে৷ হেৰিছে ডেম’ক্রেটিক দলৰ প্রার্থী হিচাপে মনোনয়ন নোপোৱালৈকে আমেৰিকাৰ বিভিন্ন সংবাদ সংস্থাই এইবাৰ নির্বাচনত ট্রাম্পে জয়লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছিল৷ কিন্তু কমলা হেৰিছে প্রার্থিত্ব লাভ কৰাৰ পাছত ডেম’ক্রেটিক শিবিৰৰ প্রতি আস্থা বৃদ্ধি পাইছে সাধাৰণ মার্কিন জনতাৰ৷ বিভিন্ন সমীক্ষাত ইতিমধ্যে কমলা হেৰিছ আগবাঢ়ি আছে ট্রাম্পতকৈ৷ আনকি পুঁজি সংগ্রহৰ ক্ষেত্রতো কমলা হেৰিছে ট্রাম্পক অতিক্রম কৰি নতুন নজিৰ সৃষ্টি কৰিছে৷ গতিকে এই নির্বাচনত হেৰিছে জয়লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি বুলি বিশ্লেষকসকলে ধাৰণা কৰিছে৷ অন্য এটা বিষয় হৈছে আমেৰিকাত পপুলাৰ ভোটত হেৰিছে ট্রাম্পক অতিক্রম কৰাৰ যথেষ্ট সম্ভাৱনা আছে৷ নেত্রী হিচাপে হেৰিছে সাধাৰণ মার্কিন জনতাৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে৷ পপুলাৰ ভোটে নির্বাচনী ফলাফল নির্ধাৰণ নকৰে যদিও ইয়াৰ প্রভাৱ সমগ্র প্রক্রিয়াটোত পৰিব৷ এই দিশৰ পৰা চাবলৈ গ’লে কমলা হেৰিছে সুৰক্ষিত অৱস্থান লাভ কৰিবলৈ সক্ষম হ’ব৷
গুৰুত্বপূর্ণ বিষয়টো হৈছে বিশ্বৰ ভিতৰতে মহাপৰাক্রমী দেশ হিচাপে চিহ্ণিত আমেৰিকাত যি সময়ত ৰাষ্ট্রপতি নির্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে, সেই সময়ত আন্তর্জাতিক ক্ষেত্রত বিভিন্ন সংকট অব্যাহত আছে৷ ইউক্রেইন–ৰাছিয়াৰ যুদ্ধ, গাজাত ইজৰাইল–পেলেস্তাইনী সশস্ত্র সংগঠন হামাছৰ সংঘাত আৰু সমগ্র মধ্য প্রাচ্যজুৰি ইজৰাইলবিৰোধী যুদ্ধৰ উকমুকনিয়ে আমেৰিকাৰ এই নির্বাচনক অধিক গুৰুত্বপূর্ণ কৰি তুলিছে৷ মধ্যপ্রাচ্যত আমেৰিকাৰ প্রভাৱ পূর্বৰে পৰা অব্যাহত আছে৷ বিশেষকৈ ইজৰাইলৰ বন্ধু ৰাষ্ট্র হিচাপে আমেৰিকাই সমগ্র মধ্যপ্রাচ্যত এক প্রভাৱ বিস্তাৰ কৰি আহিছে৷ ইফালে নাটো সামৰিক গোটৰ মুৰব্বী হিচাপে ৰাছিয়া–ইউক্রেইন যুদ্ধতো আমেৰিকাৰ প্রভাৱ আছে৷ গতিকে দেশখনত ৰিপাব্লিকান আৰু ডেম’ক্রেটিক পার্টীৰ প্রার্থীৰ মাজত হ’বলগীয়া মূল যুঁজখনৰ ওপৰত সমগ্র বিশ্ববাসীৰ নজৰ থাকিব৷ ৰাছিয়া–ইউক্রেইন যুদ্ধৰ মাজতে মস্কো প্রশাসনে এই নির্বাচনত ট্রাম্পৰ বিজয় বাঞ্ছনীয় বুলি ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে মধ্যপ্রাচ্যৰো বিভিন্ন দেশে ডেম’ক্রেটিক পার্টীতকৈ ৰিপাব্লিকান পার্টীক এই নির্বাচনত অধিক গুৰুত্ব প্রদান কৰিছে৷ ইফালে, চীন–ৰাছিয়া আৰু উত্তৰ কোৰিয়াক লৈ যি এক নতুন শক্তি সৃষ্টি হৈছে তাক প্রত্যাহ্বান জনোৱাৰ ক্ষেত্রত এই মুহূর্তত ডেম’ক্রেটিক প্রার্থীৰ বিজয় প্রয়োজনীয় বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ কিন্তু আমেৰিকাৰ আভ্যন্তৰীণ ক্ষেত্রত আটাইতকৈ বেছি প্রভাৱ বিস্তাৰ কৰিব পৰা নীতি গ্রহণ কৰিছে ডেম’ক্রেটিক পার্টীয়ে৷ ড’নাল্ড ট্রাম্পে পূর্বৰে পৰা প্রব্রজনবিৰোধী নীতি গ্রহণ কৰি আহিছে৷ অর্থাৎ আমেৰিকাত প্রব্রজনকাৰীৰ প্রৱেশৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰিব ট্রাম্পে৷ কিন্তু এইক্ষেত্রত কমলা হেৰিছ যথেষ্ট নমনীয়৷ ইয়াৰ উপৰি বহু বিতর্কিত হ’লেও গর্ভপাত আইনক সমর্থন জনাই আহিছে কমলা হেৰিছে৷ হেৰিছৰ এই স্থিতিক সমর্থন জনাইছে সাধাৰণ আমেৰিকান জনতাই৷ গতিকে ট্রাম্পৰ সন্মুখত ৰাষ্ট্রপতি নির্বাচনত কমলা হেৰিছে যে তীব্র প্রত্যাহ্বান সৃষ্টি কৰিব সেয়া নিশ্চিত৷

You might also like