কিতাপৰ বছৰ
শৰতৰ আগমনৰ লগে লগে অসমত আৰম্ভ হয় গ্রন্থ উৎসৱৰ বতৰ৷ ৰাজ্যখনৰ বিভিন্ন জিলাত গ্রন্থমেলা আৰু সাহিত্য উৎসৱ অনুষ্ঠিত হোৱাৰ পিছত ২৭ ডিচেম্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে গুৱাহাটী গ্রন্থমেলা৷ এইবাৰ গুৱাহাটী গ্রন্থমেলা অনুষ্ঠিত হোৱাৰ পূর্বে ২০২৫ বর্ষটো ৰাজ্য চৰকাৰে কিতাপৰ বছৰ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে৷ ২৪ ডিচেম্বৰত ডিব্রুগড়ত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ কেবিনেট বৈঠকৰ শেষত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে যে আগন্তুক বর্ষটোক কিতাপৰ বছৰ ৰূপে ঘোষণা কৰাৰ লগতে গ্রন্থ ক্রয়ৰ বাবে চৰকাৰে এলানি পদক্ষেপ গ্রহণ কৰিব৷ গ্রন্থমেলালৈ গৈ মন্ত্রীসকলক গ্রন্থ ক্রয়ৰ লগতে বিভাগীয় পুঁজিৰে প্রয়োজনীয় গ্রন্থসমূহ ক্রয় কৰিবলৈ নির্দেশ দিছে৷ শিক্ষামন্ত্রীগৰাকীকো এই সন্দর্ভত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীগৰাকীয়ে পৰামর্শ দিছে৷ ২০২৫ বর্ষটোক কিতাপৰ বছৰৰূপে মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা সিদ্ধান্তক ৰাজ্যখনৰ গ্রন্থপ্রেমী আৰু বিদ্বৎ সমাজে আদৰণি জনাইছে৷ সাম্প্রতিক সময়ত অসমীয়া ভাষা–সাহিত্যৰ প্রকাশিত গ্রন্থৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ তিনি দশক পূর্বে গুৱাহাটী গ্রন্থমেলা আৰু অসম সাহিত্য সভাৰ অধিৱেশনৰ পূর্বেহে নতুন গ্রন্থ প্রকাশ পাইছিল৷ বিশেষকৈ প্রতিষ্ঠিত লেখকসকলৰ গ্রন্থক লৈ চর্চাও হৈছিল৷ এতিয়া গ্রন্থমেলাৰ বতৰত একোটা প্রকাশন গোষ্ঠীয়ে শতাধিক নতুন গ্রন্থ ছপা কৰে৷ গ্রন্থমেলাৰ বতৰত সহস্রাধিক নতুন গ্রন্থ ছপা হয় যদিও প্রকাশিত গ্রন্থ অনুপাতে পঢ়ুৱৈৰ সংখ্যা তেনেই তাকৰ৷ এতিয়া পঢ়ুৱৈৰ অভাৱত একোজন প্রতিষ্ঠিত লেখকেও তেওঁলোকৰ নতুন গ্রন্থ পাঁচশৰ অধিক ছপা কৰিবলৈ সাহস নকৰে৷ অসমীয়া ভাষা–সাহিত্যৰ সাধনাত নিয়োজিত অধিকাংশ লোকে অন্য লেখকৰ সৃষ্টিৰাজি পঢ়াৰ মানসিকতা যেন হেৰুৱাই পেলাইছে৷ আনকি আমাৰ কবিসকলে অন্য কবিৰ কবিতা, গল্পকাৰসকলে অন্য গল্পকাৰৰ গল্প, ঔপন্যাসিকসকলে অন্য উপন্যাস, প্রবন্ধকাৰসকলে অন্য লেখকৰ গৱেষণালব্ধ প্রবন্ধসমূহ পঢ়িলেই সাম্প্রতিক সময়ত পঢ়ুৱৈৰ পুতৌজনক অৱস্থাৰ সৃষ্টি নহ’লহেঁতেন৷ অসমীয়া ভাষা–সাহিত্যৰ উৎকর্ষ সাধনৰ বাবে সম্প্রতি আটাইতকৈ প্রয়োজন পঢ়ুৱৈৰ সৃষ্টিৰ এক জনমুখী আন্দোলন৷ বিশেষকৈ তথ্য–প্রযুক্তিৰ দ্রুত বিকাশৰ ফলত এণ্ড্রইড ম’বাইলৰ জৰিয়তে হাতৰ মুঠিতে বিশ্বব্রহ্মাণ্ডৰ সমস্ত তথ্য আৰু জ্ঞান আহৰণৰ প্রৱণতাৰ বাবেই ছপা গ্রন্থৰ প্রতি পঢ়ুৱৈসকলৰ আগ্রহ বহু পৰিমাণে হ্রাস হৈছে৷ ফলত দশক দশক ধৰি গ্রন্থ অধ্যয়নৰ জৰিয়তে মহৌষধ লাভ কৰা পৰম্পৰাই যেন গভীৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ কিন্তু তথ্য–প্রযুক্তিৰ এনে দ্রুত বিকাশ সত্ত্বেও গ্রন্থৰ গুৰুত্ব এতিয়াও নিঃশেষ হোৱা নাই৷
অসমীয়া ভাষাই কেইবা দশকজোৰা বৌদ্ধিক সংগ্রামৰ পৰিসমাপ্তিত ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰিছে৷ এনে স্বীকৃতি অসম আৰু অসমীয়াৰ বাবে এক গৌৰৱৰ ইতিহাস৷ অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পিছতেই ৰাজ্য চৰকাৰে ২০২৫ বর্ষটোক কিতাপৰ বছৰ ৰূপে উদযাপনৰ বাবে গ্রহণ কৰা পদক্ষেপে নিশ্চিতভাৱে পঢ়ুৱৈ সৃষ্টিত বিশেষ অৰিহণা যোগাব৷ এইক্ষেত্রত ৰাজ্যৰ শিক্ষা বিভাগে এলানি বিশেষ পদক্ষেপ গ্রহণ কৰিলে ছাত্র–ছাত্রীসকলৰ মাজত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি হ’ব৷ মাথোঁ গুৱাহাটী গ্রন্থমেলাতেই নহয়, জিলা অথবা মহকুমা, সদৰত অনুষ্ঠিত ছাত্র–ছাত্রীসকলক জড়িত কৰাৰ লগতে ৰাজ্যখনৰ প্রতিখন বিদ্যালয়তে একোটা পুথিভঁৰাল স্থাপন কৰা উচিত৷ পুথিভঁৰালসমূহত দৈনিক বাতৰিকাকত, আলোচনীসমূহৰ লগতে সাহিত্য অকাডেমিকে ধৰি ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় লেখকৰ গ্রন্থৰ লগতে জীৱনবোধৰ জ্ঞানলব্ধ গ্রন্থসমূহ ছাত্র–ছাত্রীৰ বাবে উপলব্ধ কৰাৰ প্রয়োজন৷ ছাত্রাৱস্থাতেই পঢ়ুৱৈৰ মানসিকতা গঢ়ি তোলাৰ অন্যতম পন্থা হোৱা উচিত৷ এইক্ষেত্রত শিক্ষানুষ্ঠানসমূহক শিক্ষা বিভাগে প্রয়োজনীয় পুঁজি আৰু আন্তঃগাঁথনি গঢ়াত গুৰুত্ব দিব লাগে৷ ৰাজ্যখনৰ প্রতিখন জিলাত পুথিভঁৰাল আছে৷ ইয়াৰ উপৰি ৰাজ্যখনত তিনি হাজাৰৰো অধিক গ্রাম্য পুথিভঁৰাল কার্যক্ষম অৱস্থাত আছে৷ তথ্য–প্রযুক্তি বিকাশৰ লগে লগে আমাৰ পুথিভঁৰালসমূহৰ আন্তঃগাঁথনিৰ বিশেষ পৰিৱর্তন হোৱা নাই৷ এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষৰ ভূমিকাও ইতিবাচক নহয়৷ কেইবা দশক ধৰি পুথিভঁৰালসমূহে নতুন গ্রন্থ ক্রয় কৰা নাই৷ ফলত পুথিভঁৰালসমূহলৈ পঢ়ুৱৈৰ সংখ্যা বহু পৰিমাণে হ্রাস হৈছে৷ এতিয়া উচ্চ শিক্ষা প্রতিষ্ঠানৰ পুথিভঁৰালসমূহতহে গৱেষণাৰত ছাত্র–ছাত্রীৰ পয়োভৰ দেখা গৈছে৷ জিলা সদৰত থকা পুথিভঁৰালকে ধৰি গ্রাম্য পুথিভঁৰালসমূহত পঢ়ুৱৈৰ সংখ্যা তেনেই নগণ্য৷ পুথিভঁৰালসমূহত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে ৰাজ্য চৰকাৰে আধুনিক তথ্য–প্রযুক্তিৰ আধাৰত জিলা আৰু গ্রাম্য পুথিভঁৰালসমূহৰ আন্তঃগাঁথনি নতুনকৈ গঢ়াৰ প্রয়োজন আছে৷ প্রায় তিনি দশকজোৰা সংঘর্ষমুখৰ অসমখনত এক শান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে৷ গঠনমুখী চিন্তাৰে নৱপ্রজন্মই এখন বিকাশশীল ৰাজ্য আৰু দেশ গঢ়াৰ সপোন দেখিছে৷ এনে অৱস্থাত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধিৰ জৰিয়তে নতুন শিক্ষানীতিৰ আধাৰত জ্ঞান আহৰণৰ জৰিয়তে ছাত্র–ছাত্রীসকলক নতুন পথৰ সন্ধান দিব পাৰে শিক্ষা বিভাগে৷ মাথোঁ ২০২৫ বর্ষটোৱেই নহয়, আগন্তুক দিনবোৰত প্রতিটো দিনেই যাতে কিতাপৰ বর্ষৰূপে উদযাপন কৰাৰ মানসিকতা সৃষ্টি কৰিবলৈ হ’লে আমাৰ পঢ়াশালিসমূহেই মুখ্য আধাৰ ৰূপে পৰিণত কৰাৰ প্রয়োজন৷ ছাত্র–ছাত্রীৰ মাজত পঢ়ুৱৈৰ মানসিকতা বৃদ্ধিৰ বাবে আমূল পৰিৱর্তন ঘটাব পাৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷