নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ঘটনাৰ ভয়ংকৰ সমস্যা

দেৰগাঁৱৰ বালিজানত তিনি জানুৱাৰীৰ পুৱতি নিশা বনভোজ–তীর্থযাত্রীক কঢ়িয়াই নিশা বাছৰ দুর্ঘটনাত ১২জন লোকৰ প্রাণহানি হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে ৩০জন লোক৷ কয়লা সৰবৰাহ কৰা দ্রুতবেগী ট্রাকৰ স’তে মুখামুখি খুন্দাত বাছখনত যাত্রা কৰা গোলাঘাট জিলাৰ বছা ভৰলুৱা গাঁৱৰ প্রতিজন যাত্রী হতাহত হৈছে৷ ৰাজ্যখনৰ ৰাস্তা–ঘাটৰ আন্তঃগাঁথনিৰ দ্রুত পৰিৱর্তন হোৱাৰ লগে লগে ৰাজ্যৰ মটৰ দুর্ঘটনা হ্রাস হোৱাৰ বিপৰীতে উদ্বেগজনকভাৱে পথ দুর্ঘটনা বাঢ়িবলৈ লৈছে৷ বালিজানৰ ৰাষ্ট্রীয় ঘাইপথত সংঘটিত ভয়াৱহ দুর্ঘটনাই কেইবাটাও গুৰুত্বপূর্ণ দিশ উন্মোচন কৰিছে৷ যিখন দুর্ঘটনাগ্রস্ত বাছত বনভোজ–তীর্থযাত্রীসকলে যাত্রা কৰিছিল সেই বাছখনৰ ৰাজপথত চলাচল কৰাৰ বাবে ‘ফিটনেছ’ প্রমাণ–পত্র নাছিল৷ আটাইতকৈ ভয়ংকৰ ঘটনা এয়ে যে প্রয়োজনীয় বীমা অবিহনে বাছখন চলাই থকা হৈছিল৷ পৰিবহণ বিভাগৰ ‘ফিটনেছ’ আৰু বীমা অবিহনে কোনো বাহন ৰাজপথত চলাচল কৰিব নোৱাৰে৷ এনে অৱস্থাত যাত্রীবাহী বাছখন কিদৰে বছৰ বছৰ ধৰি প্রয়োজনীয় অনুজ্ঞা অথবা অনুমতি অহিবনে চলি আছিল, সেয়া গুৰুতৰ বিষয়৷ একেদৰে প্রাণঘাতী তীব্রবেগী ট্রাকখনৰো প্রয়োজনীয় নথি–পত্রক লৈ বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷ ট্রাকখনে সৰবৰাহ কৰা কয়লাৰ বৈধতাক লৈও বিভিন্ন সন্দেহ ঘনীভূত হৈছে৷ ৰাজ্যখনৰ ৰাস্তা–ঘাটৰ দ্রুত উন্নয়নৰ লগে লগে যান–বাহনৰ সংখ্যাও বৃদ্ধি পাইছে৷ ইয়াৰ লগে লগে ৰাজ্যখনৰ সর্বসাধাৰণ ৰাইজ উপকৃত হোৱাৰ লগে লগে চৰকাৰৰ ৰাজকোষত ৰাজহো বৃদ্ধি হৈছে৷ অসমত সম্প্রতি ২০ লাখৰো অধিক যান–বাহন চলাচল কৰে৷ ইয়াৰে প্রায় ১৬ হাজাৰখন ট্রাক৷ চলাচল কৰা বাছৰ সংখ্যা ৯ হাজাৰৰো অধিক৷ অর্থাৎ ৰাজপথত চলাচল কৰা অসমত পঞ্জীভুক্ত ৭.৭৯ শতাংশ ট্রাক আৰু ০.৯৪ শতাংশ বাছ৷ ইয়াৰ উপৰি ৪৩ হাজাৰৰো অধিক চাৰিচকীয়া বাহন, ১০ হাজাৰৰো অধিক অটোৰিক্সা, প্রায় ১৪ লাখ দুচকীয়া বাহন, ৮ হাজাৰৰো অধিক চৰকাৰী বাহন ৰাজপথত চলাচল কৰে৷ এই যান–বাহনসমূহে প্রয়োজনীয় নীতি–নির্দেশনা মানি চলিছে নে নাই, সেয়া তদাৰক কৰাৰ দায়িত্ব পৰিবহণ বিভাগৰ৷ ৰাজপথত চলাচল কৰা কোনখন বাহন ‘ফিটনেছ’ অবিহনে চলিছে, কোনখন বাহনৰ প্রয়োজনীয় বীমা নাই সেয়া যাত্রীসকলে জনাৰ সুবিধা নাই৷ পৰিবহণ বিভাগে এইক্ষেত্রত কঠোৰ হোৱাহেঁতেন ৰাজপথত এনেকৈ প্রয়োজনীয় অনুজ্ঞা অবিহনে যান–বাহন চলাবলৈ কোনো বাহনৰ গৰাকীয়ে সাহস নকৰিলেহেঁতেন৷ প্রয়োজনীয় নথি অবিহনে চলাচল কৰা দুর্ঘটনাগ্রস্ত বাছখনত যাত্রা কৰা যাত্রীসকলে এতিয়া বীমা কোম্পানীৰ পৰা ক্ষতিপূৰণ লাভ কৰাত অনিশ্চয়তাই দেখা দিছে৷ এনে ঘটনা যে অন্যান্য বাছ তথা বাণিজ্যিক বাহনসমূহত চলি থকা নাই সেয়া নুই কৰিব নোৱাৰি৷ সেয়ে পৰিবহণ বিভাগে এইক্ষেত্রত কঠোৰ পদক্ষেপ গ্রহণ কৰাটো বালিজানৰ দুর্ঘটনাই শিকনি দিছে৷ যাত্রীবাহী বাছকে ধৰি বাণিজ্যিক বাহনসমূহৰ ফিটনেছ চার্টিফিকেট, বীমা নৱীকৰণৰ নথি মুকলিভাৱে প্রদর্শন কৰাৰ ব্যৱস্থা পৰিবহণ বিভাগে গ্রহণ কৰিব লাগে৷
ৰাজপথত চলাচল কৰা যান–বাহনৰ সংখ্যা বৃদ্ধিৰ লগে লগে ৰাজ্যখনত পথ দুর্ঘটনাৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি হৈছে৷ ২০২৩ বর্ষত ৰাজ্যখনত ১০.৭ শতাংশ পথ দুর্ঘটনা বৃদ্ধি হৈছে৷ বিগত বর্ষত ৭ হাজাৰৰো অধিক পথ দুর্ঘটনাত প্রায় ২৭শ লোকৰ প্রাণহানি হোৱাৰ উপৰি গুৰুতৰভাৱে আহত হৈছে ৫ হাজাৰৰো অধিক লোক৷ ২০২৩ৰ জানুৱাৰীৰ পৰা মে’লৈকে ৰাজ্যখনত ৩,১৯১টা দুর্ঘটনা সংঘটিত হৈছিল৷ এই দুর্ঘটনাত ১,৪১৫জন লোকৰ মৃত্যু হৈছে৷ দুর্ঘটনাই একোটা পৰিয়াললৈ কিদৰে আকস্মিক দুর্যোগ নমাই আনে সেয়া ভুক্তভোগী পৰিয়ালসমূহে ভালদৰে উপলব্ধি কৰে৷ ৰাজ্যখনত ক্রমবর্ধমান দুর্ঘটনাই এই কথা প্রতীয়মান কৰিছে যে আমাৰ ৰাজপথসমূহৰ সম্প্রসাৰণ আৰু বিকাশ হৈছে যদিও সুৰক্ষিত নহয়৷ বিশেষকৈ ৰাজপথৰ দাঁতিকাষৰীয়া লোকসকল পদে পদে নিৰাপত্তাহীনতাত ভুগিছে৷ ৰাজ্যখনৰ দুর্ঘটনা বৃদ্ধিৰ অন্যতম কাৰক হৈছে ৰাজপথ নির্মাণৰ ক্ষেত্রত আসোঁৱাহ আৰু নীতি–নিয়ম নমনা চালকৰ অতপালি৷ ঘাইকৈ গাড়ীৰ তীব্রবেগ আৰু সুৰাপায়ী চালকৰ বাবেই অধিকাংশ দুর্ঘটনা সংঘটিত হয়৷ ৰাজ্যৰ পৰিবহণ বিভাগে দুর্ঘটনা প্রতিৰোধৰ বাবে যি পাঁচটা মন্ত্র জনসচেতনতাৰ বাবে প্রচাৰৰ ব্যৱস্থা লৈছে তাৰ ভিতৰত তীব্রবেগ পৰিহাৰ আৰু চালকক সুৰাপান নকৰিবলৈ আহ্বান জনোৱা হৈছে৷ ইয়াৰ উপৰি গাড়ীচালনাৰ সময়ত ম’বাইল ফোনৰ ব্যৱহাৰো বিপজ্জনক হৈ উঠিছে৷ দুর্ঘটনা সংঘটিত হ’লেও হতাহত যাতে নহয় তাৰ বাবে বাহনৰ ছীটবেল্ট পৰিধান, দুচকীয়া বাহনৰ চালক আৰু আৰোহীক হেলমেট পৰিধান কৰাৰ বাবেও পৰিবহণ বিভাগে সচেতনতামূলক ব্যৱস্থা গ্রহণ কৰাৰ লগতে ঠায়ে ঠায়ে জৰিমনা বিহিছে৷ কিন্তু এনে ব্যৱস্থা নিয়মীয়া হৈ নুঠাৰ বাবে ৰাজপথত নিয়ম নমনাকৈ যান–বাহন চলাচল কৰা লোকৰ সংখ্যা হ্রাস হোৱা নাই৷ বর্ধিত মটৰ দুর্ঘটনা আমাৰ সমাজ ব্যৱস্থাৰ এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে৷ মাথোঁ পৰিবহণ বিভাগ অথবা আৰক্ষীয়ে গ্রহণ কৰা ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনৰ পথ দুর্ঘটনাৰ সমস্যাৰ সমাধান কৰা সম্ভৱ নহয়৷ ইয়াৰ বাবে ঘাইকৈ প্রয়োজন হৈছে জনসচেতনতা৷ আমাৰ ৰাস্তাত চলাচল কৰা যান–বাহনসমূহৰ ফিটনেছ চার্টিফিকেট, বীমা নৱীকৰণ হৈছে নে নাই সেয়া যাত্রীসকলেও পৰীক্ষা কৰিব লাগিব৷ এনে নথি–পত্র নথকা বাহনত যাত্রা কৰাৰ পৰা বিৰত থাকিব লাগিব৷ তেতিয়া প্রত্যেকখন বাহনৰ গৰাকীয়ে প্রয়োজনীয় নথিপত্র সাজু কৰি ৰাখিবলৈ বাধ্য হ’ব৷ সর্বসাধাৰণ ৰাইজৰ সচেতনতা, পৰিবহণ বিভাগ আৰু আৰক্ষীৰ সতর্কতাৰ যৌথ প্রচেষ্টাত ভয়াৱহ হৈ উঠা পথ দুর্ঘটনাৰ সমস্যা সমাধানৰ পথ প্রশস্ত হ’ব বুলি আশা কৰিব পাৰি৷

You might also like