নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই জয় আজিৰ ভাৰতীয়ত্বৰ

২৯ জুনৰ প্রভাতৰ পৰাই হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈ, আৰব সাগৰৰ পৰা বংগোপ উপসাগৰৰ দাঁতিলৈকে বিস্তৃত বিশাল ভূমিখণ্ডৰ কোটি কোটি লোকৰ এটাই প্রার্থনা আছিল–এইবাৰ ১৭ বছৰীয়া অপেক্ষাৰ অৱসান ঘটিব লাগিব৷ আইপিএলৰ দেশ ভাৰতবর্ষৰ হাতলৈ আহিব লাগিব টি–২০ বিশ্বকাপৰ চেম্পিয়নশ্বিপ৷ মহেন্দ্র সিং ধোনীৰ সুদক্ষ অধিনায়কত্বত ১১গৰাকী প্রতিভাৰ আকৰৰ হাতত ধৰি টি–২০ৰ বিশ্বকাপ অর্জন কৰা অবিস্মৰণীয় দিনটোৰ মধুৰ স্মৃতিক হূদয়ত ধৰি আৰু কিমান দিন থাকিব এইখন দেশৰ কোটি কোটি জনগণ! বাৰে বাৰে বিজয়ৰ দুৱাৰডলিত উপস্থিত হৈও দেশবাসীক নিৰাশ–হতাশ কৰে দলটোৱে৷ জয়ৰ অবিজিত ধাৰাটো এনে এটা বিন্দুত গৈ থমকি ৰয় য’ত খিতাপ জয়ৰ স্বপ্ণটো ধামকুৰি খাই পৰে৷ এইবাৰো আৰম্ভণিৰ পৰাই অবিজিত হৈ আছিল টীম ইণ্ডিয়া৷ ফাইনেলত জয়ৰ অশ্বমেধ ঘোঁৰাটোৰ গতিৰুদ্ধ হৈ পৰিব, সেইটো কোনো কাৰণতে হ’বলৈ দিয়া নহ’ব৷ ইয়াৰ বাবে দলত প্রতিভাও  হিমালয়সদৃশ হৈ ভৰি আছে৷ অধিনায়ক হিটমেন ৰোহিত শর্মাৰ পৰা ভাৰতীয় ক্রিকেট জগতৰ বর্তমানৰ কিম্বদন্তী বিৰাট কোহলি, টি–২০ ক্রিকেটৰ বেটাৰ বিস্ময় সূর্য কুমাৰ যাদৱৰ দৰে ক্রিকেটাৰেৰে সমৃদ্ধ ভাৰতীয় দলটো৷ লগত আছে নৱপ্রজন্মৰ দুই প্রতিভাধৰ ঋষভ পণ্ট আৰু শিৱম ডুবে৷ বলিং গোটটোও বিশ্বশ্রেষ্ঠ৷ যশপ্রীত বুমৰাহ কেৱল আজিৰ তাৰিখতে নহয়, বিগত কিছু বছৰ ধৰি তেওঁ ক্রিকেট বিশ্বক এনেদৰে শাসন কৰি আছে যে বহু অগ্রণী বেটাৰে টীম ইণ্ডিয়াৰ বেগী বলাৰজনৰ সৈতে ২২ গজত মুখামুখি নোহোৱাটোকেই মনে–প্রাণে কামনা কৰে৷ কুলদীপ যাদৱো তেনে এগৰাকী ত্রাস সৃষ্টিকাৰী বলাৰ৷ বলিং শক্তিটোৰ অংশ হৈ আছে অর্শদীপ সিং, হার্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্র জাদেজা৷ এনে এটা দলক লৈ ভাৰতবাসীৰ মনত বিশ্বজয়ৰ হেঁপাহ আৰু স্বপ্ণ দুর্বাৰ হৈ পৰিবই৷ প্রার্থনাৰ বাবে কোটি কোটিজনৰ দুহাত ওপৰলৈ উঠিবই৷  ৱেষ্ট ইণ্ডিজৰ বার্বাডোজৰ ভূমিত ১৪০ কোটি ভাৰতীয়ৰ প্রার্থনা সার্থক হ’ল৷ পূৰণ হ’ল স্বপ্ণ৷

 শক্তিশালী দক্ষিণ আফ্রিকা বাহিনীক হাজাৰ হাজাৰ সমর্থকৰ সন্মুখত ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে পৰাজিত কৰিলে৷ বিৰাট কোহলিৰ দায়িত্বশীল বেটিং (৭৬), অক্ষৰ পেটেলৰ (৪৭) সময়োপযোগী ইনিংছ দুটাই ভাৰতবর্ষৰ বাবে জয়ৰ ভেটি গঢ়িলে৷ বাকীখিনি কাম বলাৰসকলে কৰিলে৷ জয় টীম ইণ্ডিয়াৰ জোলোঙাত সোমাল৷ জয় হ’ল কোটি কোটি ভাৰতীয়ৰ৷ এইটো বিশ্বকাপ দেশবাসীৰ কিমান প্রত্যাশাৰ আছিল, সেয়া জয়ৰ পিছত দেশজুৰি পৰিলক্ষিত আনন্দ–উছাহৰ বাতাৱৰণে প্রাঞ্জলকৈ দেখুৱাই দিলে৷ মাজনিশালৈকে ৰাজপথ উৎসাহী–অত্যুৎসাহী লোকৰ ৰং–ৰহইচেৰে মুখৰ হৈ থাকিল৷ এই আনন্দ কেৱল খিতাপ জয়ৰেইনে? বিশ্বগুৰুৰ স্বপ্ণ ৰচা ভাৰতবর্ষ এটা নতুন যুগত প্রৱেশ কৰিছে৷ দেশবাসী এতিয়া নতুন উছাহেৰে উজ্জীৱিত৷ বিনাযুদ্ধে সুচাগ্র ভূমি এৰি দিবলৈ দেশখনৰ কোটি কোটি জনগণ ৰাজী নহয়৷ সকলোৱে বিচাৰে ক্রীড়াৰ জগতখনতো ভাৰতীয়ত্বৰ এই যুঁজাৰু মানসিকতাৰেই প্রতিফলন ঘটক৷ ৰণক্ষেত্রৰ পৰা ছত্রভংগ দিলে নচলিব৷ এইবাৰ ৰোহিত শর্মা বাহিনীৰ জয় আছিল আজিৰ ভাৰতীয়ত্বৰ জয়৷ সাধাৰণতে এছিয়াৰ ক্রিকেট দলৰ মাজত তেনে যুঁজাৰু শক্তি বা মানসিকতা দেখা নাযায়৷ শেষ বলটোলৈকে যুঁজ দিয়া দল হৈছে অষ্ট্রেলিয়া৷ সেয়ে কেংগাৰু বাহিনীয়ে প্রায়ে আনৰ মুখৰ পৰা জয় আঁজুৰি আনে৷ প্রবল আত্মবিশ্বাস আৰু যুঁজ নেৰা মানসিকতাৰ বাবে তেওঁলোকে নিশ্চিত পৰাজয়ক জয়লৈ ৰূপান্তৰ কৰে৷ সেই জয়ৰ আনন্দ আৰু উদযাপনৰ কোনো তুলনা নহয়৷ প্রথমে বেটিং বিপর্যয়ক চম্ভালি লৈ বিৰাট কোহলি আৰু অক্ষৰ পেটেলে ভাৰতক টি–২০ বিশ্বকাপ ফাইনেলৰ সর্বাধিক ৰানৰ লক্ষ্য বান্ধি দিয়াত ভেটি গঢ়িলে৷ তাৰ পিছত আচল যুঁজখন দক্ষিণ আফ্রিকাৰ বেটিঙৰ সময়ত ১৬সংখ্যক অভাৰৰ পৰা আৰম্ভ হয়৷ ক্লাছেনে অকলেই ভাৰতৰ হাতৰ পৰা মেচখন কাঢ়ি নিবলৈ ওলাইছিল৷ স্নায়ুৰ যুঁজত জয়ী হ’ল ভাৰতীয় দলটো৷ জয় প্রতিপক্ষৰ মুখৰ পৰা কাঢ়ি আনিলে৷ এয়াই আত্মবিশ্বাস আৰু যুঁজাৰু মানসিকতা৷ এয়া নতুন ভাৰতৰ পৰিচয়৷ অভিনন্দন টীম ইণ্ডিয়া৷ ৰোহিত একাদশৰ হাতত জ্যোতিষ্মান হৈ পৰিল আজিৰ ভাৰতীয়ত্ব৷

You might also like