নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় সুৰক্ষালৈ ভাবুকি

দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু সার্বভৌমত্ব বিপন্ন কৰিবলৈ অহৰহ চক্রান্ত চলাই আহিছে চুবুৰীয়া পাকিস্তানে৷ ধর্মভিত্তিক দেশ বিভাজনৰ পাছত পাকিস্তানে বিগত আঠ দশক ধৰি ভাৰতবিৰোধী অভিযানত ব্যস্ত হৈছে৷ এইক্ষেত্রত চুবুৰীয়া দেশখনৰ কুখ্যাত চোৰাংচোৱা সংস্থা আইএছআয়ে বিভিন্ন ধৰণে ষড়যন্ত্রৰ জাল পেলাইছে৷ চুবুৰীয়া বাংলাদেশ আৰু নেপালত ঘাটি স্থাপন কৰি পাকিস্তান তথা আইএছআয়ে এনে চক্রান্ত অব্যাহত ৰখাৰ লগতে ভাৰতৰ অভ্যন্তৰতো সোমাই বিভিন্ন কূটাঘাতমূলক কার্য সংঘটিত কৰি আহিছে৷ আইএছআইৰ স’তে গোপন সম্পর্ক ৰক্ষা কৰি দেশবিৰোধী চক্রান্তত লিপ্ত হোৱা অসংখ্য লোক নিৰাপত্তা বাহিনীৰ জালত পৰিছে৷ এনে সময়তে চিৰবৈৰী পাকিস্তান আৰু আইএছআইৰ স’তে গোপন সম্পর্কৰ অভিযোগ উত্থাপন হৈছে লোকসভাৰ কংগ্রেছ সংসদীয় দলৰ উপ–দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ বিদেশিনী পত্নী এলিজাবেথ কলবার্নৰ বিৰুদ্ধে৷ পাকিস্তানৰ ভাৰতস্থিত উচ্চায়ুক্ত আব্দুল বাছিতৰ স’তে সাংসদ গৌৰৱ গগৈৰ বৈঠকৰ ফটোসহ বাতৰি সংবাদ মাধ্যমত প্রচাৰ হোৱাৰ পাছতে বিগত এসপ্তাহ ধৰি ৰাজ্যৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈছে৷ ২০১৫ চনত গৌৰৱ গগৈয়ে নতুন দিল্লীস্থ পাকিস্তান উচ্চায়ুক্ত কার্যালয়ত অনুষ্ঠিত বৈঠকখনৰ অন্তর্নিহিত কাৰণক লৈও প্রশ্ণৰ উদয় হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবার্নৰ পাকিস্তান আৰু আইএছআইৰ সম্পর্কক লৈও কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ ভাৰত আৰু পাকিস্তানত পৰিৱেশ সম্পর্কীয় চিডিকেএন নামৰ সংগঠন এটাৰ আলী তৌকিৰ শ্বেখ নামৰ পাকিস্তানী নাগৰিকৰ বিৰুদ্ধে ইতিমধ্যে অসম আৰক্ষীয়ে গোচৰ পঞ্জীভুক্ত কৰিছে৷ পৰিৱেশ সংগঠনটোৰ হৈ কাম–কাজ কৰা সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্নৰ ভূমিকাক লৈও প্রশ্ণৰ উদয় হৈছে৷ সাংসদ গৌৰৱ গগৈৰ স’তে এলিজাবেথ কলবার্নৰ বিবাহ সম্পন্ন হোৱাৰ ১২ বছৰ অতিক্রম কৰিলে যদিও তেওঁ ভাৰতীয় নাগৰিকত্ব গ্রহণ কৰা নাই৷ এতিয়াও ব্রিটিছ নাগৰিক ৰূপে এলিজাবেথ কলবার্নে পাকিস্তানকে ধৰি বিভিন্ন দেশ ভ্রমণ কৰাৰ তথ্যও লাভ কৰিছে তদন্তকাৰী সংস্থাই৷ আনকি পাকিস্তানী সেনা বিষয়াৰ স’তে বিমান যাত্রা কৰাৰ তথ্যও সংবাদ মাধ্যমত প্রকাশ হৈছে৷ এলিজাবেথ কলবার্নৰ স’তে ঘনিষ্ঠ আলী তৌকিৰ শ্বেখৰ বিৰুদ্ধে পঞ্জীভুক্ত গোচৰৰ তদন্তই কি গতি লয়, সেয়া স্পষ্ট নহ’লেও পাকিস্তান আৰু আইএছআইৰ স’তে সম্পর্কৰ বিষয়টোৰ বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷
পাকিস্তান আৰু আইএছআইৰ স’তে গোপন সম্পর্কৰ জালখন মুকলি কৰিবলৈ ৰাজ্য চৰকাৰে এছআইটি গঠন কৰিছে৷ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানগৰাকীক বিষয়টো তদাৰক কৰিবলৈ মুখ্যমন্ত্রীগৰাকীয়ে নির্দেশ দিছে৷ এসপ্তাহৰ ভিতৰত মুখ্যমন্ত্রীগৰাকীয়ে যিবোৰ তথ্য ৰাজহুৱা কৰিছে, সেয়া দেশৰ সার্বভৌমত্ব আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ প্রতি এক গুৰুতৰ ভাবুকি৷ সাংসদ গৌৰৱ গগৈৰ ভূমিকাক লৈও মুখ্যমন্ত্রী ড০ শর্মাই কেতবোৰ আশংকা ব্যক্ত কৰিছে৷ ২৬/১১ৰ মুম্বাই আক্রমণত জড়িত কাছভ অহা পথটোত কিমান ৰাডাৰ লগোৱা আছে, মেঘালয়ত কিমান ইউৰেনিয়াম আছে, ভাৰতত নিউক্লিয়াৰৰ কোন কোন বিদেশ ৰাষ্ট্রক সহায় কৰিছে সেয়া গৌৰৱ গগৈয়ে জনাৰ কি প্রয়োজন আছে বুলিও মুখ্যমন্ত্রীগৰাকীয়ে প্রশ্ণ কৰিছে৷ এছআইটিৰ তদন্তই গতি লাভ কৰাৰ লগে লগে নিশ্চিতভাৱে অনুসন্ধান প্রক্রিয়াত প্রয়োজন হ’ব সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথৰ আত্মপক্ষ সমর্থনৰ৷ এতিয়ালৈ সাংসদ গৌৰৱ গগৈ আৰু এলিজাবেথ কলবার্নৰ বিৰুদ্ধে যিবোৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে তাৰ কোনো উত্তৰ অথবা ব্যাখ্যা ৰাজহুৱা কৰা নাই দুয়োগৰাকীয়ে৷ কোনো তথ্য–প্রমাণ অবিহনে মুখ্যমন্ত্রী ড০ শর্মাই সাংসদ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগ উত্থাপন কৰা নাই৷ কিন্তু এনে গুৰুতৰ অভিযোগক মাথোঁ ৰাজনৈতিক চক্রান্তক দোহাই দি সাংসদ গগৈয়ে আঁতৰি থাকিলে নহ’ব৷ দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু সার্বভৌমত্বৰ প্রশ্ণ নিহিত হৈ থকা গুৰুত্বপূর্ণ বিষয়টো সাংসদ গগৈয়ে স্পষ্ট কৰিবই লাগিব৷ অন্যথা অসমবাসীয়েই নহয়, দেশবাসীয়ে কেতিয়াও গৌৰৱ গগৈক ক্ষমা নকৰে৷ তদন্ত আৰু বিচাৰ প্রক্রিয়াত গৌৰৱ গগৈয়ে নিজকে নির্দোষী প্রমাণ কৰিলেহে তেওঁৰ প্রতি থকা সন্দেহ আঁতৰিব৷ এছআইটিৰ গোচৰ পঞ্জীয়নৰ পাছত সাংসদ গৌৰৱ গগৈৰ ওপৰত মুখ্যমন্ত্রী ড০ শর্মাক কিছু সহনশীল হোৱা দেখা গৈছে৷ আনকি সাংসদগৰাকীৰ ওপৰত সহানুভূতি প্রদর্শনেৰে ব্যক্ত কৰিছে যে সমগ্র ঘটনাত গৌৰৱ গগৈ অভিনেতাহে৷ তেওঁ সঞ্চালক নহয়৷ ক’ৰবাত তেওঁ হয়তো ব্লেকমেইলিং হৈ যাব পাৰে৷ কাৰণ ইয়াৰ স’তে লণ্ডন, আমেৰিকা, ইছলামাবাদ জড়িত হৈ আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই সাংসদ গগৈৰ বিৰুদ্ধে এনে অনুকম্পা ব্যক্ত কৰিলেও দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু সার্বভৌমত্বৰ প্রশ্ণত আপোচ হোৱাটো দেশৰ কোনো এজন বিবেকৱান লোকে সমর্থন নকৰে৷ এনে গুৰুতৰ অভিযোগ যদি গৌৰৱ গগৈ বা তেওঁৰ পত্নীৰ বিপৰীতে দেশৰ এজন সাধাৰণ নাগৰিকৰ বিৰুদ্ধে উত্থাপন হ’লহেঁতেন তেন্তে তেওঁ ৰঙাঘৰত সোমাব লাগিলহেঁতেন৷ কিন্তু প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ পুত্র আৰু কংগ্রেছ নেতা হোৱাৰ সূত্রে গৌৰৱ গগৈয়ে বিশেষ অনুগ্রহ লাভ কৰিছে৷ কিন্তু এনে গুৰুতৰ অভিযোগৰ পাছতো গৌৰৱ গগৈয়ে প্রতিনিধিত্ব কৰা শতিকা পুৰণি কংগ্রেছ দলটোৰ সর্বভাৰতীয় নেতাসকল নিশ্চুপ হৈ থকাটো লক্ষণীয় হৈছে৷

You might also like