গ্রন্থমেলাৰ বতৰ
শীতৰ আগমনৰ লগে লগে অসমৰ বিভিন্ন ঠাইত আৰম্ভ হোৱা গ্রন্থমেলাবোৰে অসমৰ সাহিত্য আৰু গ্রন্থ প্রকাশৰ জগতলৈ এক নতুন ধৰণৰ উদ্যম কঢ়িয়াই আনে৷ অসমীয়া পঢ়া ল’ৰা–ছোৱালীৰ সংখ্যা কমি গৈছে, চৰকাৰে বিনামূলীয়া পাঠপুথি বিতৰণ কৰাৰ ফলত গ্রন্থ ব্যৱসায়ৰ জগতখনলৈ কিছু হতাশা আহি পৰিছে আদি কথাবোৰ বছৰটো ধৰি চলি থকাৰ পিছত গ্রন্থমেলাৰ আগমনৰ লগে লগে বহু নতুন নতুন কিতাপ উন্মোচনৰ বাতৰি আহি অন্য এখন ছবিৰ জন্ম দিয়ে৷ এই কথাটো যেনেদৰে আনন্দদায়ক, ঠিক তেনেদৰে ইয়াৰ বিপৰীত দিশ এটাও আছে৷ অসমীয়া সাহিত্য আৰু কিতাপ ঋতুনির্ভৰ হৈ পৰিছে নেকি বুলিও প্রশ্ণ এটি উত্থাপন হয়৷ এই কথাটোৰ সদর্থক উত্তৰ সাহিত্য আৰু গ্রন্থ প্রকাশ উদ্যোগ উভয়ৰে বাবেই ধনাত্মক নহয়৷ সাহিত্য বা কিতাপৰ প্রতি মানুহৰ যি আগ্রহ, তাক ঋতুৰ সীমাৰে আবদ্ধ কৰি ৰখাটো উচিত হ’ব নোৱাৰে৷ মেলা এখনে গ্রাহকক সামগ্রী কিনাৰ বাবে প্রলুব্ধ কৰে, এইটো স্বাভাৱিক কথা৷ কিন্তু এই ক্রয়–বিক্রয় কথাটো কিতাপৰ দৰে মানসিক খাদ্যৰ ক্ষেত্রত প্রয়োগ হোৱাটো বৌদ্ধিক বিকাশৰ লক্ষণ নহয়৷ এইক্ষেত্রত অকল পাঠকৰ পিনে অভিযোগৰ আঙুলি টোঁৱাই থোৱাৰ পৰিৱর্তে প্রকাশৰ পিনেও টোঁৱাব পাৰি৷ প্রকাশকসকলে গ্রন্থমেলাক সন্মুখত ৰাখি গ্রন্থ প্রকাশ কৰাৰ লগতে নতুন নতুন বিষয়ৰ আৰু ধৰণৰ কিতাপ প্রকাশ কৰি পাঠকক ওৰেটো বছৰ আকর্ষিত কৰি ৰাখিব নোৱৰাৰ কোনো কাৰণ থকাটো উচিত নহয়৷ ইয়াৰ বাবে প্রকাশকৰ প্রয়োজন হ’ব প্রচুৰ অধ্যয়ন, গ্রাহকৰ ৰুচি আৰু প্রয়োজনৰ ওপৰত পর্যালোচনামূলক সমীক্ষা, পৰম্পৰাগত প্রকাশন পদ্ধতিক নতুন প্রযুক্তিবিদ্যা আৰু মানসিকতাৰে সজাই তোলাৰ ক্ষমতা৷ শেহতীয়াভাৱে নতুন প্রজন্মৰ পাঠকৰ মাজত ই–বুক আৰু অডি’ বুকৰ চাহিদা বৃদ্ধি পাইছে৷ প্রতিজনৰ হাততে ইণ্টাৰনেট–সংযুক্ত ম’বাইল ফোন থকা সময়ত বহুতেই ম’বাইল ফোনতেই বিভিন্ন ধৰণৰ সামগ্রী অধ্যয়ন কৰে৷ ছাত্র আৰু নতুনকৈ নিযুক্তি লাভ কৰা চাকৰিয়ালসকলৰ মাজতো ডিজিটেল পঠনৰ অভ্যাস বাঢ়িছে৷ এই অভ্যাসক সাৰ–পানী যোগাব পৰাকৈ কিতাপ প্রকাশ কৰাত অসমৰ অধিকাংশ প্রকাশকেই অনীহা প্রকাশ কৰে৷
ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ পিছৰে পৰা অসমীয়া বাতৰি কাকতবোৰে ইণ্টাৰনেট সংস্কৰণ প্রকাশ কৰিছে আৰু এই সংস্কৰণৰ বাবে ছপা সংস্কৰণৰ গ্রাহক কমিছে বুলিও দুই–একে মন্তব্য কৰে৷ ইয়াৰ অর্থ হ’ল ইণ্টাৰনেটত বাতৰি পঢ়া পাঠকৰ সংখ্যা বৃদ্ধি পাইছে৷ সেইবাবেই দুই–এখন সংবাদ পত্রই এই ইণ্টাৰনেট সংস্কৰণ বিনামূলীয়াকৈ দিয়াৰ পৰিৱর্তে মূল্যৰ বিনিময়ত দিবলৈ লৈছে৷ এই কথাটোৱে কিন্তু আমাৰ প্রকাশন উদ্যোগক ভালদৰে প্রভাৱিত কৰিব পৰা নাই৷ খুব কমসংখ্যক অসমীয়া কিতাপৰ ই–বুক পোৱা যায়৷ কিন্তু ইয়াৰ সংখ্যা পর্যাপ্ত নোহোৱা আৰু উপযুক্ত প্রচাৰ নোহোৱা বাবেও এই ই–বুকৰ ব্যৱসায়ৰ দিশটো ঠন ধৰি উঠা নাই৷ কিন্তু সামান্য বুদ্ধিদীপ্ত পৰিকল্পনাৰে এই দিশটো সবল কৰি তোলাৰ প্রচুৰ সম্ভাৱনা আছে৷ সামাজিক মাধ্যমবোৰত সাহিত্য বিষয়ক একোটা গোটৰ লক্ষাধিক সদস্য আৰু সামাজিক মাধ্যমত প্রকাশ আৰু প্রচাৰ হোৱা একোখন কিতাপৰ বিপুল জনপ্রিয়তা লাভে বুজাই দিয়ে যে ইণ্টাৰনেট মাধ্যমটি কিতাপৰ ব্যৱসায় আৰু সাহিত্যৰ প্রচাৰৰ বাবে উপযুক্ত বাহক হ’ব পাৰে৷ গ্রন্থ প্রকাশত আগভাগ লোৱা চৰকাৰী প্রতিষ্ঠান অসম প্রকাশন পৰিষদে ইতিমধ্যে ইউনিক’ড ফণ্ট প্রকাশ কৰি ইণ্টাৰনেট মাধ্যমত অসমীয়া ভাষাৰ প্রৱেশৰ বাট সবলভাৱে মুকলি কৰিছে৷ আশা কৰা যায়, ই–বুক আৰু অডি’ বুক প্রকাশৰ শুভাৰম্ভ কৰিও অসম প্রকাশন পৰিষদে গ্রন্থ ব্যৱসায়ৰ এই নতুন পথটিৰ সবল নির্মাণত সহায় কৰিব৷ বিশেষকৈ প্রকাশন পৰিষদৰ যিকেইখন কিতাপ স্কুল–কলেজৰ পাঠ্যক্রমত ব্যৱহাৰ হয়, সেই কিতাপকেইখনক সহজেই ই–বুকৰ ৰূপত প্রকাশ কৰিব পাৰে৷ তেনেদৰে প্রকাশন পৰিষদে প্রকাশ কৰা আলোচনী দুখনো ই–আলোচনী হিচাপেও প্রকাশ কৰি অতি কম মূল্যত দি আলোচনী দুখনৰ পাঠকৰ সংখ্যা বৃদ্ধি কৰিব পাৰে৷ ইতিমধ্যে ‘অন্যযুগ’ নামৰ আলোচনীখনে ছপা সংস্কৰণৰ পৰিৱর্তে ই–আলোচনী হিচাপে আত্মপ্রকাশ কৰি এই দিশৰ বাট মুকলি কৰিছেই৷ প্রযুক্তিবিদ্যাৰ অগ্রগতিৰ লগত তাল মিলাই আগবাঢ়িব নোৱাৰিলে যিকোনো ব্যৱসায়েই পিছপৰি যাবলৈ বাধ্য৷ গ্রন্থ প্রকাশ উদ্যোগো ইয়াৰ ব্যতিক্রম নহয়৷