নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৫খন স্পা–হোটেলত জিএমচিৰ অভিযান

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ গুৱাহাটী পৌৰ নিগমৰ বৈধ ব্যৱসায়িক অনুজ্ঞাপত্র অবিহনে মহানগৰীত একাংশ ব্যৱসায়ীয়ে চলাই আহিছে হোটেল–ৰেস্তোৰাঁ, ল’জ আৰু ইউনিছেক্স স্পা৷ বৃহৎ পৰিমাণৰ ৰাজহ তথা কৰ ফাঁকিৰে মহানগৰীত অবৈধভাৱে বেহা চলাই অহা এনে ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে জিএমচি কর্তৃপক্ষই যোৱা ১৫ দিনত মহানগৰীৰ বিভিন্ন প্রান্তৰ ৫৫খন প্রতিষ্ঠানত অভিযান চলায়৷ গণেশগুৰি, এবিচি, পল্টনবজাৰ, লাখটকীয়া, ভঙাগড়, উলুবাৰী, ৰাজগড়, ছয়মাইল, জুৰোড, হেঙেৰাবাৰী আদি অঞ্চলত জিএমচিয়ে অভিযান চলোৱা ৫৫খন ব্যৱসায়িক প্রতিষ্ঠানৰ ৪৭খনৰে নাই বৈধ ব্যৱসায়িক অনুজ্ঞাপত্র৷ অবৈধভাৱে ব্যৱসায় চলোৱা এনে ব্যৱসায় প্রতিষ্ঠানৰ গৰাকীক জৰিমনা বিহাৰ লগতে জিএমচি কর্তৃপক্ষই জাননী প্রেৰণ কৰে৷ অৱশ্যে ইয়াৰে অধিকাংশই ইউনিছেক্স স্পা–চেলুন বুলি জানিব পৰা গৈছে৷

You might also like