নগৰীয়া উদ্যান
দুদিনমানৰ আগতে গুৱাহাটীত এখন উদ্যান মুকলি কৰা হ’ল৷ সংবাদ পত্রত প্রকাশ পোৱা মতে, গুৱাহাটীত আৰু কেইবাখনো উদ্যান ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ পৰিকল্পনা চৰকাৰৰ আছে৷ উদ্যান নির্মাণৰ সিদ্ধান্ত চৰকাৰে বহু বছৰৰ আগতেই লোৱাৰ প্রয়োজন আছিল যদিও সন্দেহ নাই– পলমকৈ লোৱা এই সিদ্ধান্তই নাগৰিকৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনিছে৷ মহানগৰ একোখনত উদ্যান একোখনৰ প্রয়োজন কেইবাতৰপীয়া৷ নাগৰিকক ডদ্যানবোৰে মনোৰঞ্জনৰ সুযোগ দিয়ে, ভূ–সম্পত্তিৰ মূল্য বৃদ্ধি কৰে, স্থানীয় অর্থনীতিক ডৎসাহিত কৰে আৰু চহৰখনৰ পৰিৱেশৰ সমতা ৰক্ষাত সহায় কৰে৷ এই উদ্যানবোৰে ভূগর্ভস্থ পানী সুৰক্ষিত কৰে, নাগৰিকে ডশাহ লোৱা বায়ুৰ মান ডন্নত কৰে, জৈৱ–বৈচিত্র্য ৰক্ষাত সহায় কৰে, শিশু আৰু পৰিয়ালবোৰক প্রকৃতিৰ সৈতে সংযোগৰ সুবিধা দিয়ে৷ নগৰৰ উদ্যান মানে ‘নিক্কো পার্ক’ বা তেনেকুৱা কৃত্রিম আনন্দ উপাদানপূর্ণ বিনোদনস্থলী নহয়৷ তেনেকুৱা পার্কৰ প্রয়োজনো আছে, কিন্তু তাৰ প্রয়োজন নগৰৰ ভিতৰত নহয়, নগৰৰ পৰা দূৰত৷ নগৰৰ মাজৰ উদ্যানবোৰৰ মূল প্রয়োজন হ’ল প্রকৃতিৰ সেউজীয়া ৰঙেৰে নাগৰিকৰ মনত প্রশান্তিৰ ভাব বিলোৱা আৰু সেই সেউজীয়াক পক্ষীকুলৰ বাসস্থানলৈ ৰূপান্তৰিত কৰি কলকাকলিৰে পৰিৱেশটোক জীৱন্ত কৰি ৰখা৷ এই পৰিৱেশ নাগৰিকৰ মানসিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূর্ণ৷ এক কথাত, নগৰৰ উদ্যান হ’ল চহৰখনৰ হাওঁফাওঁ৷ নাগৰিকসকলৰ মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাবে নাগৰিকসকলে সূর্যৰ উত্তাপ আৰু প্রকৃতিৰ সেউজ সান্নিধ্য পোৱাৰ সুবিধা থাকিব লাগে৷ দুবছৰ আগতে নগৰ পৰিকল্পনা সংগঠন এটাই চলোৱা সমীক্ষাত পোৱা তথ্য মতে ৰাছিয়াৰ মস্কো চহৰত নাগৰিকে উপভোগ কৰিব পৰা সেউজ অঞ্চলৰ পৰিমাণ হ’ল চহৰখনৰ ৫৪ শতাংশ৷ তেনেদৰে ছিংগাপুৰৰ পৰিমাণ ৪৭ শতাংশ, ছিডনী আৰু ভিয়েনাৰ ৪৬ শতাংশ৷ এই চহৰকেইখনে তালিকাৰ শীর্ষত স্থান লাভ কৰিছে৷ নগৰীয়া উদ্যানৰ আৰু এটা প্রয়োজন আছে৷ সেই প্রয়োজন হ’ল– সাংস্কৃতিক প্রয়োজন৷ অকল বন্ধ কোঠা আৰু সু–সজ্জিত প্রেক্ষাগৃহতেই সংস্কৃতিৰ চর্চা সম্ভৱ নহয়৷ এটা গতিশীল আৰু তৰংগায়িত সাংস্কৃতিক পৰিৱেশৰ বাবে বিভিন্ন ধৰণৰ ঠাইৰ প্রয়োজন৷ নগৰীয়া উদ্যানবোৰে এই প্রয়োজন পূৰণ কৰিব লাগে৷
অসম চৰকাৰে যিকেইখন উদ্যানৰ কথা চিন্তা কৰিছে, সেইবোৰ কেনেধৰণৰ হ’ব, তাক একো অনুমান কৰিব নোৱাৰি৷ চৰকাৰে কিবা এটা নতুন কাম কৰাৰ আগতে ৰাইজৰ পৰা মতামত লোৱাৰ এটা ব্যৱস্থা আছে, বাজেটৰ সময়ত তেনেদৰে মতামত লোৱা দেখা যায়৷ কিন্তু ৰাইজৰ মতামতৰ কিমান অংশই বাজেটত ঠাই পায়, সেই কথা জনাৰ কোনো উপায় নাথাকে৷ অৱশ্যে বাজেটৰ কথা কিছু সুকীয়া, কিন্তু উদ্যান একোখন নির্মাণ কৰা সময়ত তাৰ ৰাইজৰ প্রয়োজনৰ কথা জনাৰ সুবিধা নিশ্চয় থাকে৷ চৰকাৰৰ দুজন বিষয়াই কৰা ডিজাইনটোক সুন্দৰ কৰি তোলাত ৰাইজৰ সহায় লোৱাটো একো দোষণীয় কথা নহয়৷ কিন্তু অসম চৰকাৰৰ অধিকাংশ বিষয়াৰে সাংস্কৃতিক–নান্দনিক চেতনা শূন্যৰ আশে–পাশে৷ স্বাধীনতাৰ পৰা এতিয়ালৈকে অসম চৰকাৰে যিমানবোৰ ঘৰ নির্মাণ কৰিছে, তাৰ মাজৰ পৰা এটাও নান্দনিক দিশৰ পৰা সুন্দৰ ঘৰ বাছি উলিয়াব নোৱাৰি৷ ‘আছাম টাইপ’ নামৰ যিটো পৃথিৱী বিখ্যাত ডিজাইন আছিল, তাৰ আলমত এটা ডিজাইন প্রস্তুত কৰি চৰকাৰী ঘৰবোৰক এটা সুকীয়া চিহ্ণ দিব পৰা গ’লহেঁতেন৷ কিন্তু এইবোৰ কথা ভবাৰ দায়িত্বত থকা বিষয়াসকলে এইবোৰ কথা ভাবিব নোৱাৰে৷ চৰকাৰে নির্মাণ কৰিবলৈ ওলোৱা পার্ককেইখনো যাতে ৰুচিহীন নির্মাণৰ উদাহৰণ নহয়, সেই কথা চাবলৈ অসম চৰকাৰৰ যে কোনোবা বিষয়া আছে, সন্দেহ৷ এইখিনিতে আৰু এটা কথা উনুকিয়াই থ’ব পাৰি যে জনসংখ্যাৰ অনুপাতত গুৱাহাটীত সাংস্কৃতিক কাম–কাজৰ বাবে ঠাইৰ অভাৱ৷ নতুনকৈ নির্মাণ কৰিবলগীয়া এই উদ্যানকেইখনত যদি সাংস্কৃতিক চর্চাৰ বাবে ঠাইৰ ব্যৱস্থা কৰা হয়, যি চহৰখনৰ নাগৰিকৰ বাবে এটা ডাঙৰ উপহাৰ হ’ব৷ এনে উদ্যান অকল গুৱাহাটীতে কিয়, অসমত দ্রুতগতিত বাঢ়ি অহা আটাইবোৰ চহৰতে এনে পার্কৰ প্রয়োজন৷ সেই ঠাইবোৰৰ বিধায়কসকল এই বিষয়ত সজাগ হ’বৰ হ’ল৷