নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একে–৪৭ৰ গুলী, বিস্ফোৰণো হ’ব প্রতিৰোধ

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চলা–ফুৰা কৰাৰ বাবে পূর্বে ব্যৱহাৰ কৰা হৈছিল ৰেঞ্জ ৰ’ভাৰ ভগ আৰু টয়োটা লেণ্ড ক্রুজাৰ গাড়ী৷ বিগত দুবছৰ ধৰি এই দুখন গাড়ীক প্রধানমন্ত্রী মোদীৰ বিশ্বস্ত সংগী হিচাপে দেখা গৈছিল৷ কিন্তু এইবাৰ বাহন সলনি কৰিছে প্রধানমন্ত্রীগৰাকীয়ে৷ মোদীৰ যাতায়াতৰ নতুন সংগী হৈছে মার্চিডিজ মেবেক এছ ৬৫০ গার্ড৷ অত্যাধুনিক প্রযুক্তিৰ তথা মজবুট নিৰাপত্তা গাঁথনিৰ এই গাড়ী যেন বাস্তৱিকতেই ৰাষ্ট্রপ্রধানৰ যোগ্য বাহন৷ বর্মভেদী গুলী হওক, আনকি এ কে ৪৭ৰ গুলী, সকলো সহজতেই প্রতিৰোধ কৰিব পাৰে মার্চিডিজৰ এই নতুন মডেলে৷ চলিত মাহৰ প্রথম সপ্তাহত দুদিনীয়া ভ্রমণসূচী লৈ ভাৰতলৈ আহিছিল ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷ তেতিয়াই প্রথমবাৰৰ বাবে দিল্লীৰ হায়দৰাবাদ হাউছৰ পৰা মোদীক এছ ৬৫০ গার্ড গাড়ীত যাতায়াত কৰা দেখিবলৈ পোৱা গৈছিল৷ তেতিয়াৰে পৰাই মোদীৰ এই নতুন বাহনক লৈ বিভিন্ন মহলত ব্যাপক চর্চা চলিছে৷ যোৱা বছৰ মার্চিডিজৰ তৰফৰ পৰা ভাৰতত মুকলি কৰা হৈছিল এছ ৬০০ গার্ড৷ এই গাড়ীখনৰ মূল্য আছিল ১০.৫ কোটি টকা৷ এছ ৬৫০ৰ মূল্য হৈছে ১২ কোটি টকা৷ স্মর্তব্য যে মার্চিডিজৰ এছ ছিৰিজৰ গাড়ী সমগ্র পৃথিৱীতে ৰাষ্ট্রপ্রধানসকলৰ্ আটাইতকৈ প্রিয় বাহন৷ কিমান শক্তিশালী হ’ব পাৰে এই বাহন? জনা গৈছে যে এই গাড়ীৰ খিৰিকীত আছে পলিকার্বনেটৰ আস্তৰণ৷ ষ্টীলৰ বুলেটো প্রতিৰোধ কৰিব পাৰে এই পলিকার্বনেটৰ আস্তৰণে৷ ইয়াৰ সমান্তৰালকৈ বিস্ফোৰক প্রতিৰোধক তথা ই আৰ ভিৰ প্রলেপো আছে এই গাড়ীত৷ মাত্র ২ মিটাৰ দূৰত ১৫ কিঃ গ্রামৰ টি এন টি বিস্ফোৰণ ঘটিলেও গাড়ীখনৰ কোনো ক্ষতি সাধন নহ’ব৷ লক্ষণীয়ভাৱে গেছ আক্রমণো প্রতিৰোধ কৰিব পাৰিব এই গাড়ীয়ে৷

You might also like