নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচি বিতর্ক

সীমাৰ সিপাৰৰ পৰা ঘটা অবাধ অনুপ্রৱেশে অসমৰ জনগাঁথনি আৰু আর্থ–সামাজিক দিশত পেলোৱা বিৰূপ প্রভাৱৰ ব্যাখ্যা নিষ্প্রোজন৷ খিলঞ্জীয়াৰ অস্তিত্বৰ প্রতি ভাবুকিৰ সৃষ্টি কৰি ৰাজ্যখনত থিতাপি লোৱা লাখ লাখ অবৈধ বিদেশী চিনাক্ত তথা বহিষ্কাৰৰ লক্ষ্যৰে ২০০৫ চনৰ ৫ মে’ত সদৌ অসম ছাত্র সন্থা আৰু কেন্দ্র–ৰাজ্য উভয় চৰকাৰৰ মাজত অনুষ্ঠিত ত্রিপাক্ষিক বৈঠকত ১৯৫১ চনৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণৰ সিদ্ধান্ত হৈছিল৷ সেই সিদ্ধান্ত কার্যকৰী নহ’ল যদিও পৰৱর্তী সময়ত উচ্চতম ন্যায়ালয়ৰ নির্দেশক্রমে ৰাজ্যত এনআৰচি উন্নীতকৰণৰ কাম আৰম্ভ হয়৷ এক দীঘলীয়া প্রক্রিয়াৰ অন্তত ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশ পায় উন্নীতকৃত এনআৰচিৰ চূড়ান্ত তালিকা৷ এনআৰচিৰ চূড়ান্ত তালিকাক লৈ অসমবাসীৰ গভীৰ প্রত্যাশা আছিল৷ কিন্তু এনআৰচিৰ চূড়ান্ত তালিকা প্রকাশৰ পাছতে আৰম্ভ হয় বিতর্ক৷ ভুৱা তথ্য–পাতিৰে বহু অবৈধ নাগৰিকে এনআৰচিত নাম অন্তর্ভুক্ত কৰাবলৈ সক্ষম হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ আনকি একাংশ দল–সংগঠনৰ লগতে খোদ চৰকাৰৰ তৰফৰ পৰাও প্রকাশিত এনআৰচিৰ চূড়ান্ত তালিকাখন পুনৰীক্ষণৰ সপক্ষেও মতপোষণ কৰা হৈছে৷ ইয়াৰ মাজতে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাই শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ এনআৰচিৰ চূড়ান্ত তালিকাত অবৈধ নাগৰিকৰ নাম সন্নিৱিষ্ট হোৱাৰ অভিযোগক কার্যতঃ নতুন মাত্রা প্রদান কৰিছে এই শপতনামাখনে৷ নথি–পত্রৰ ‘বেক এণ্ড ভেৰিফিকেচন’ নোহোৱা, সঠিকভাবে বংশবৃক্ষ পৰীক্ষা নকৰা, ভুলকৈ প্রকৃত বাসিন্দা (অ’আই) চিনাক্তকৰণ, দায়িত্বত থকা বিষয়া–কর্মচাৰীৰ গাফিলতি আদিৰ বাবে লাখ লাখ অযোগ্য লোকৰ নাম এনআৰচিৰ চূড়ান্ত তালিকাত অন্তর্ভুক্ত হোৱা বুলি শপতনামাখনত আশংকা ব্যক্ত কৰা হৈছে৷ অকল সেয়াই নহয়, বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা লোক, তেনে লোকৰ সতি–সন্ততি আৰু ডি ভোটাৰৰ নামো এনআৰচিৰ চূড়ান্ত তালিকাত সন্নিৱিষ্ট হোৱাৰ তথ্য শপতনামাখনত উল্লেখ কৰিছে ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাই৷ নিশ্চিতভাৱে এনে আশংকা আৰু তথ্য অতি চিন্তনীয়৷ কিয়নো উন্নীতকৃত এনআৰচিখনৰ জৰিয়তে অসমৰ বিদেশী সমস্যাটো সমাধান হোৱাৰ লগতে ই জাতীয় দলিল হ’ব বুলি প্রত্যেকৰে দৃঢ় মত আছিল৷ পিছে ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাৰ শেহতীয়া শপতনামাই সেয়া একপ্রকাৰ অমূলক বুলি প্রতিপন্ন কৰিলে৷
গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাখনত সন্নিৱিষ্ট হোৱা গুৰুত্বপূর্ণ তথ্যটো হ’ল– নথি–পত্রৰ পৰীক্ষাত গ্রহণযোগ্য নোহোৱা আৰু কোনোধৰণৰ ফলাফল প্রকাশ নকৰাৰ পাছতো ১৮,৯৬,৬৯৮জন লোকৰ নাম এনআৰচিৰ চূড়ান্ত তালিকাত সোমাইছে৷ এনআৰচিত নাম অন্তর্ভুক্তিৰ বাবে দাখিল কৰা নথি–পত্রৰ সঠিক পৰীক্ষণৰ বাবে ‘বেক এণ্ড ভেৰিফিকেচন’ অর্থাৎ জমা দিয়া নথি–পত্র যি কর্তৃপক্ষই প্রদান কৰিছিল সেই কর্তৃপক্ষলৈ সত্যতা নিৰূপণৰ বাবে প্রেৰণ কৰা হৈছিল আৰম্ভণীতে৷ অৱশ্যে পৰৱর্তী পর্যায়ত এই প্রক্রিয়াটো বন্ধ কৰি দি জিলা দণ্ডাধীশ তদন্তকাৰী গোট (ডিএমআইটি) গঠন কৰি দিয়া হয়৷ ডিএমআইটিয়ে প্রথম আৰু দ্বিতীয় পর্যায়ৰ নথি পৰীক্ষণত ক্রমে ২,১১,১৫৩জন আৰু ৫,৫২,৫১৬জন লোকক গ্রহণযোগ্য নহয় বুলি চিহ্ণিত কৰাৰ উপৰি প্রথম পর্যায়ত ১৩,০৩,৬৫৮জনৰ ক্ষেত্রত কোনো ধৰণৰ ফলাফল প্রকাশ নকৰিলে৷ পিছে অতি আশ্চর্যজনকভাৱে এই ১৮,৯৬,৬৯৮জন লোকৰ নাম এনআৰচিৰ চূড়ান্ত তালিকাত অন্তর্ভুক্ত হৈছে৷ অসমবাসীৰ গভীৰ প্রত্যাশাপূর্ণ এনআৰচিখন কিমান শুদ্ধকৈ উন্নীতকৰণ বা প্রস্তুত কৰা হ’ল ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি৷ তদুপৰি ৰাজ্যিক সমন্বয়কজনে ২.৮৮ লাখ অযোগ্য লোকৰ নাম এনআৰচিৰ চূড়ান্ত তালিকাত সন্নিৱিষ্ট হোৱা বুলি আশংকা ব্যক্ত কৰিছে৷ সেইদৰে ভুৱা বংশবৃক্ষৰ জৰিয়তে এনআৰচিৰ চূড়ান্ত তালিকাত একাংশই নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হোৱাটো প্রমাণিত হৈছে৷ এনে প্রেক্ষাপটত এক দীঘলীয়া প্রক্রিয়াৰ অন্তত তথা বৃহৎ পৰিমাণৰ ধনৰাশি ব্যয়েৰে সম্পূর্ণ এনআৰচিৰ চূড়ান্ত তালিকাখনৰ গ্রহণযোগ্যতাক লৈ স্বাভাৱিকতে পুনৰ প্রশ্ণ উত্থাপন হৈছে৷ এখন বিদেশীমুক্ত অসম গঢ়া তথা জাতিৰ সুৰক্ষাৰ স্বার্থত শুদ্ধ এনআৰচি প্রস্তুত হোৱাটো সকলোৱে বিচাৰে৷ কিন্তু দায়িত্বত থকা একাংশৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই সেয়া সম্ভৱ হৈ নুঠাটো উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাখনেই প্রমাণ কৰিছে৷ এতিয়া এখন শুদ্ধ এনআৰচি প্রস্তুতৰ বাবে চৰকাৰ, ভাৰতৰ মহাপঞ্জীয়ক তথা সংশ্লিষ্ট কর্তৃপক্ষই কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷ অৱশ্যে বিষয়টো বহুলাংশে নির্ভৰ কৰিব ন্যায়ালয়ৰ ওপৰতো৷

You might also like