নৱবর্ষৰ দুৱাৰডলিত
সময় গতিশীল৷ এই গতি অনিৰুদ্ধ৷ দিন, মাহ বা বছৰেৰে ইয়াৰ গতিক ধৰি ৰাখিব নোৱাৰি৷ কেলেণ্ডাৰৰ পৃষ্ঠা বাগৰিবই৷ বছৰ সলাবই৷ গতিৰ এই নিৰৱচ্ছিন্ন প্রৱাহটোত আৰু এটা বছৰ ইতিহাস হ’বলৈ ওলাইছে৷ মাজতে মাথোঁ কেইটামান মুহূর্ত৷ তাৰ পাছত মানৱ সভ্যতাই বছৰৰ নামত এটা নতুন পোছাক পিন্ধিব৷ নতুন বছৰটোৰ দুৱাৰডলিত থিয় দি আমি দিন, বাৰ বা বছৰৰ হিচাপত ই আমাক দিয়া ক্ষণবোৰ স্মৃতিৰ মণিকোঠত সজাই ৰাখিম৷ এৰি অহা সময়ৰ প্রাপ্তি–প্রাপ্তি, সুখ–দুখবোৰৰ হিচাপ–নিকাচ কৰিম৷ হিচাপ–নিকাচত নিজৰ কথাবোৰ থাকিব৷ সমাজ আৰু দেশৰ কথাও সন্নিৱিষ্ট হৈ থাকিব৷ তাৰ মাজৰ পৰা ভাল ভাল কথাবোৰ, আশাৰে ভৰা কথাবোৰ হাতৰ মুঠিত লৈ আমি অনাগত অদেখা দিনবোৰলৈ আগুৱাই যাম৷ দিনবোৰক এটা সংকল্পৰে বান্ধি ৰাখিবলৈ যত্ন কৰিম৷ আমাক এৰি যাবলৈ ওলোৱা বছৰটোক যদি প্রাপ্তি–প্রাপ্তি, সুখ–দুখৰ তুলাচনীত তুলি ধৰোঁ, তেতিয়া দেখিম বছৰটোৱে আমাৰ দেশখনক তিক্ত অভিজ্ঞতা দিলে৷ বছৰটোৰ আৰম্ভণি আছিল মহামাৰী ক’ৰোনাৰ পৰা সামান্য সকাহৰ পৰিতৃপ্তি৷ কিন্তু ই দীর্ঘস্থায়ী নহ’ল৷ কেইটামান মাহ বাগৰাৰ পাছতে মহামাৰীয়ে দেশখনত এনে ৰূপ পৰিগ্রহ কৰিলে যে আধুনিক ভাৰতবর্ষই অবর্ণনীয় বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল৷ অক্সিজেনৰ অভাৱত, হাস্পতালত বিছনাৰ অভাৱত শ শ লোকে কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল৷ সেই ভয়ংকৰ দিনবোৰো এদিন অতীত হ’ল৷ দেশখন পুনৰ স্বাভাৱিক গতিৰে আগবাঢ়িবলৈ ধৰিলে৷ ভগ্ণপ্রায় অর্থনীতিত পুনৰ প্রাণ প্রতিষ্ঠা হ’ল৷ বিপর্যয়ৰ পৰা দেশখন পুনৰ প্রগতিৰ সেন্দূৰীয়া পথটোৰে আগুৱাই যাবলৈ ধৰিলে৷ এই অভিজ্ঞতাটো দেশবাসীয়ে কামত খটুৱালে অমিক্রন নামৰ ক’ৰোনাৰ শেহতীয়া দৈত্যটোৰ সৈতেও ফেৰ মাৰিব পাৰিব৷ ইয়াক প্রতিহত কৰি নতুন বছৰটোক প্রগতিৰ সাক্ষী কৰি ল’ব পাৰিব৷
২০২১ চনটোৱে ভাৰত তথা অসমক বহু বেদনাদায়ক ঘটনাৰে আহত কৰাৰ দৰে বহু আশাভৰা কথাৰে সমৃদ্ধ কৰিও থৈছে৷ হোমেন বৰগোহাঞিৰ দৰে প্রজ্ঞাৰ সাধক, অসমৰ অভিভাৱকক বছৰটোৱে আমাৰ মাজৰ পৰা আঁজুৰি লৈ গৈছে৷ ইয়াৰ বিপৰীতে লাভলীনা বৰগোহাঁইৰ দৰে ক্রীড়া তাৰকাই অসমৰ নাম বিশ্বৰ সন্মুখত উজলাই তুলিছে৷ নীৰজ চোপ্রাই টকি’ অলিম্পিকত স্বর্ণ পদক জয় কৰি বিশ্ববাসীক ভাৰতীয় ক্রীড়াৰ ক্রমবর্ধমান শক্তি আৰু সম্ভাৱনাক তুলি ধৰিছে৷ ভাৰত দুহিতা হাৰনাজ সিন্ধুৱে ব্রহ্মাণ্ড সুন্দৰীৰ খিতাপ অর্জন কৰি বছৰটোক দেশবাসীৰ বাবে স্মৰণীয় কৰি তুলিছে৷ গতিকে বছৰটোৱে দিয়া দুখ–আঘাতবোৰক অতিক্রম কৰি আশাভৰা কথাবোৰেৰে আমি নতুন বছৰটোক আদৰি ল’লে অনাগত দিনবোৰৰ ফচলো আমাৰ বাবে সুখ আৰু সমৃদ্ধিৰ কাৰণ হৈ পৰিব৷ বছৰটোত যিসকল বিশিষ্ট–বৰেণ্য ব্যক্তিক আমি হেৰুৱালোঁ, নৱবর্ষত তেওঁলোক আমাৰ পাথেয় হওক৷ যিবোৰ কাণ্ডই দেশখনক লজ্জিত কৰিলে, গৰিমা লাঘৱ কৰিলে, সেইবোৰ বর্জনীয় হওক৷ আমাৰ তথা সমাজখনৰ উপেক্ষা, অৱহেলা তথা গুৰুত্বহীনতাৰ বাবে ২০২১ চনত আমাৰ দেশখনে সাফল্য কঢ়িয়াই আনিব নোৱাৰিলে, নৱবর্ষটো ইয়াৰ ব্যতিক্রম হওক৷ উপেক্ষিতজন সমাজৰ আদৰৰ হওক৷ মুঠতে এটা ইতিবাচক দৃষ্টিভংগীৰে ২০২২ চনক আঁকোৱালি ল’লে, নতুন বছৰটো দেশখনৰ বাবে এটা আশাৰ বছৰ হৈ পৰাটো নিশ্চিত৷ ইয়াৰ সমান্তৰালকৈ আমাক প্রয়োজন হ’ব অমিক্রন নামৰ দৈত্যটোৰ সৈতে সঠিক ৰূপত মোকাবিলা কৰা৷ ইয়াক প্রতিহত কৰিব নোৱাৰিলে ভাৰতসহ অসমৰ অর্থনীতি, জনজীৱনত ভয়ংকৰ কুপ্রভাৱ পৰিব৷ দেশখনৰ জনগণে লকডাউন বা তেনে ধৰণৰ কঠিন পদক্ষেপে আনি দিয়া বিপর্যয়ৰ মোকাবিলা কৰিবলৈ সক্ষম নহ’বও পাৰে৷ দেশখন যদি এসপ্তাহৰ বাবেও অচল হৈ পৰে, ইয়াৰ কুপ্রভাৱৰ পৰা অর্থনীতিক উদ্ধাৰ কৰিবলৈ বহু সময় লাগে৷ দৰিদ্রৰ জীৱন নৰকসদৃশ হৈ পৰে৷ সেয়ে ক’ৰোনাক প্রতিহত কৰিব পৰা সাধাৰণ নিয়ম, যেনে– মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজাই ৰখা, অপ্রয়োজনত ঘৰৰ পৰা বাহিৰলৈ নোলোৱা আদি মানি চলিব লাগে৷ নৱবর্ষৰ দুৱাৰডলিত এইটো আমাৰ সকলোৰে বাবে এটা অন্যতম সংকল্প হওক৷