নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্চৰ দ্বিতীয় সপ্তাহত মেট্রিক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ ঘোষণা

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ক’ভিডৰ সম্ভাব্য জটিল পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অহা বর্ষৰ মার্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই অনুষ্ঠিত কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষা৷ আজি এই কথা সদৰী কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ তেওঁ প্রকাশ মতে কেন্দ্রীয় চৰকাৰে ১৫ বছৰৰ পৰা ১৮ বছৰৰ কিশোৰ–কিশোৰীক ক’ভিড ভেকচিন দিয়াৰ যি সিদ্ধান্ত লৈছে, সেই অনুসৰি ভেকচিন প্রদান শেষ হোৱাৰ পিছতে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত বৈঠকত বহি চূড়ান্ত দিন–বাৰ স্থিৰ কৰিব৷ উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা, ছাত্র–ছাত্রীক ভেকচিন প্রদান, বিদ্যালয় একত্রীকৰণ আদিকে ধৰি কেইবাটাও বিষয়ক লৈ আজি কাহিলিপাৰাৰ সর্বশিক্ষা অভিযান মিছনৰ কার্যালয়ত শিক্ষা বিভাগৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ জিলা শিক্ষা বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত বিভিন্ন দিশ আলোচনা কৰাৰ লগতে ছাত্র–ছাত্রীক ক’ভিড ভেকচিন প্রদানৰ ওপৰতো বিস্তৃত পর্যালোচনা কৰা হয়৷ এই বৈঠকৰ পিছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা মার্চ মাহৰ দ্বিতীয় অথবা চতুর্থ সপ্তাহত অনুষ্ঠিত কৰি এপ্রিল মাহৰ প্রথম সপ্তাহত সম্পূর্ণ কৰা হ’ব৷

পৰীক্ষাৰ পূর্বে প্রতি বিদ্যালয়ত আৰম্ভ হ’ব ভেকচিন প্রক্রিয়া৷ স্বাস্থ্য বিভাগে অহা তিনি জানুৱাৰীৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ–কিশোৰীক ভেকচিন প্রদান আৰম্ভ কৰিব৷ এই প্রক্রিয়াত ফেব্রুৱাৰী মাহৰ ভিতৰত দ্বিতীয় পালি ভেকচিন প্রদান সম্পূর্ণ হ’ব৷ ইয়াৰ পিছতে পৰীক্ষাৰ দিন–সূচী ঠিক কৰা হ’ব৷

মন কৰিব লগা যে ছাত্র–ছাত্রীক ভেকচিন প্রদানৰ বিষয়টোক লৈ  শিক্ষা বিভাগৰ সৈতে স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকলো আলোচনাত বহে৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত উপস্থিত থকা বৈঠকখনত ৩ জানুৱাৰীৰ পৰা ভেকচিন প্রদান আৰম্ভ কৰাৰ কথা স্বাস্থ্য বিভাগে অৱগত কৰে৷ এনে প্রক্রিয়াত যিসকল অভিভাৱকে দ্বিতীয় পালি ভেকচিন লোৱা নাই, সেইসকল লোককো সামৰি লোৱাৰ সন্দর্ভত আলোচনা কৰা হয়৷ ১০ ডিচেম্বৰৰ পৰা ৬০ৰ ঊর্ধ্বৰ লোকসকলক দ্বিতীয় পালি ভেকচিন প্রদানৰ সিদ্ধান্ত লোৱা হয় বৈঠকত৷ উল্লেখ্য যে ১৫–১৮ বছৰৰ বয়সৰ কিশোৰ–কিশোৰীক ক’ভিড ভেকচিন প্রদানৰ লক্ষ্যৰে আজি শিক্ষা বিভাগে প্রকাশ কৰিছে এছ অ’ পি৷ ইফালে ১ জানুৱাৰীৰ পৰা নতুন শিক্ষানীতি প্রৱর্তনৰ বাবে সাজু হৈছে শিক্ষা বিভাগ৷ ইয়াৰ বাবে কার্যকৰী কৰা হ’ব ডাইৰেক্টর্ছ অৱ স্কুল এডুকেচন৷ ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ এই সঞ্চালকালয়ৰ অন্তর্গত হ’ব৷ শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে মহাবিদ্যালয়ৰ পৰা একাদশ আৰু দ্বাদশ শ্রেণীক বিদ্যালয়ত অন্তর্ভুক্ত কৰা হ’ব৷ ইতিমধ্যে ২১৩খন বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হৈছে আৰু ৮০৭খন বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ’ব৷

ইফালে, এই গুৰুত্বপূর্ণ বৈঠকখনত ১৫–১৮ বছৰৰ ছাত্র–ছাত্রীক ভেকচিন প্রদানৰ ক্ষেত্রত প্রতিখন জিলাৰ ১৫খন বিদ্যালয়ত টিকাকৰণ কেন্দ্র স্থাপনৰো সিদ্ধান্ত লোৱা হয়৷ প্রয়োজনত এই কেন্দ্রৰ সংখ্যা ২০টালৈ বৃদ্ধি কৰাৰ বাবেও আজি শিক্ষা আৰু স্বাস্থ্য বিভাগৰ যৌথ বৈঠকত সিদ্ধান্ত লোৱা হয়৷

You might also like