নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিক্রনৰ সংহাৰ সত্ত্বেও কার্যকৰী ক’ভিড ভেকচিনঃ স্বামীনাথন

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ বিশ্বজুৰি ক’ভিড মহামাৰীৰ অমিক্রনৰ প্রকৰণৰ সংক্রমণে সংহাৰ সৃষ্টি কৰিছে৷ প্রতিদিনে বৃদ্ধি পাইছে অমিক্রনত আক্রান্ত লোকৰ সংখ্যা৷ সংক্রমিত হৈছে ভেকচিন লোৱা বহু লোকো৷ কিন্তু অমিক্রন প্রকৰণৰ সংক্রমণে ভেকচিনৰ গুৰুত্ব নাইকিয়া কৰিব নোৱাৰে৷ এই বিষয়ত জোৰ দি প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ প্রধান বিজ্ঞানী সৌম্যা স্বামীনাথনে৷ বিজ্ঞানীগৰাকীয়ে উল্লেখ কৰা অনুসৰি বিশ্বজুৰি প্রদান কৰি থকা ক’ভিড প্রতিৰোধী ভেকচিন বর্তমান মুহূর্ততো কার্যকৰী বুলি প্রমাণিত হৈছে৷ কাৰণ বহু দেশত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পালেও ৰোগৰ তীব্রতা সেই হাৰত বৃদ্ধি পোৱা নাই৷ গতিকে ভেকচিন লোৱাটো পূর্বৰ দৰেই প্রয়োজনীয় বুলিও উল্লেখ কৰিছে বিজ্ঞানীগৰাকীয়ে৷ অমিক্রনৰ বিৰুদ্ধে ‘টি’ কোষৰ প্রতিৰোধ ক্ষমতা অধিক উন্নতৰূপে দেখা দিছে৷ গতিকে ভেকচিন গ্রহণ কৰাটো এই মুহূর্তত অতি প্রয়োজন বুলি উল্লেখ কৰিছে স্বামীনাথনে৷

You might also like