সাহিত্য চর্চা আৰু সাহিত্য সংগঠক
গ্রন্থমেলাৰ পৰিৱেশ চলি থকা সময়তে অসমত লেখক আৰু প্রকাশকৰ মাজৰ সম্বন্ধৰ কিছু কথা আলোচনা হয়৷ সাধাৰণতে এই আলোচনা পৰস্পৰে পৰস্পৰৰ পিঠিত চপৰিয়াই দিয়াতে সীমিত হৈ থাকে৷ এই আলোচনাৰ পৰিসৰ বৃদ্ধি পালে, সেয়া লেখক আৰু প্রকাশক উভয়ৰে বাবেই মংগলদায়ক কাম হ’ব৷ সাহিত্য চর্চাৰ ক্ষেত্রত লেখক–পাঠক–প্রকাশ্ লগতে আন এটা অনুঘটকেও কাম কৰে৷ সেই অনুঘটক হ’ল সাহিত্য সংগঠকসকল, যাৰ কথা সাধাৰণতে সকলো ক্ষেত্রতে আওকাণ কৰা হয়৷ সাহিত্য সভাই হওক বা বিভিন্ন ঠাইত গ্রন্থমেলা আয়োজন কৰা সংগঠনবোৰেই হওক, প্রতিটো সংগঠনেই সাহিত্য সৃষ্টি কৰা কামত পোনপটীয়াকৈ জডিত নহয়, তেওঁলোকৰ মূল কাম হ’ল সামগ্রিকভাৱে এটা লক্ষ্যত উপনীত হ’বলৈ একোটা পৰিকল্পিত কামৰ আয়োজন কৰা৷ এই সংগঠনবোৰে প্রতিষ্ঠানটোৰ সামগ্রিক ডদ্দেশ্যৰ সৈতে তাৰ লগত পোনপটীয়া আৰু আওপকীয়াভাৱে জডিত আটাইৰে ব্যক্তিগত লক্ষ্যৰ সৈতে তাল মিলাই চলিব লাগে আৰু এই সংগঠনটো মূলতঃ সাহিত্যৰ সংগঠন হোৱা বাবে ই পাঠক আৰু লেখকৰ লগত সম্বন্ধ ৰক্ষাৰ কথাও ভাবিবলৈ বাধ্য হয়৷ এক কথাত, সংগঠন হ’ল ব্যক্তি আৰু গোটৰ গঠন৷ ব্যক্তিসকলে এটা গোট গঠন কৰে আৰু এই গোটটোৱেই সংগঠনটোৰ আকৃতি আৰু চৰিত্র গঠন কৰে৷ এই চৰিত্র গঢ় লৈ উঠে সাহিত্যক কেন্দ্র কৰি৷ সাহিত্যক ব্যক্তিগত পর্যায়ত বিচাৰ কৰি চালে যি ধৰণৰ গুণাৱলী প্রকাশ হয়, সংগঠনৰ দৃষ্টিত সেই গুণাৱলী ভালেখিনি ৰূপান্তৰিত হ’বলৈ বাধ্য৷ সাহিত্যৰ সংগঠনৰ দৃষ্টিভংগীৰে চাবলৈ যাওঁতে উত্থাপন হ’ব লগা প্রথম প্রশ্ণটো হ’ল সাহিত্যহ লেখকক দিয়ে সন্মান, প্রকাশকক পইচা, কিন্তু সর্বসাধাৰণক কি দিয়ে? সাহিত্যই প্রদান কৰা বহুবিধ উপহাৰৰ প্রধানকেইটি হ’ল– ব্যক্তি এজনক অতীতৰ পিনে চোৱাৰ সুবিধা কৰি দিয়া, পূর্বতে যিসকল লোক পৃথিৱীলৈ আহিছিল, তেওঁলোকৰ পৰা জীৱনৰ বিষয়ে শিকিবলৈ সহজ আৰু বিশ্বাসযোগ্য পথৰ সন্ধান দিয়া আৰু সংস্কৃতিৰ বিষয়ে গভীৰভাৱে বুজিব পৰা দিক্দর্শন৷
এই প্রসংগবোৰ উত্থাপন হ’লেই সমালোচনাৰ কথাটো অৱধাৰিত ৰূপত উপস্থিত হয়৷ সমালোচনাই একোখন কিতাপৰ সন্মান আৰু বিক্রী উভয়কে প্রভাৱিত কৰিব পাৰে৷ সাহিত্য সমালোচনাৰ ডদ্দেশ্য হৈছে অধ্যয়নৰ এটা নির্দিষ্ট বিষয় বা ক্ষেত্রৰ সৈতে প্রাসংগিক বিদ্যমান গৱেষণা আৰু বিতর্কৰ বিষয়ে বুজা আৰু সেহ জ্ঞানক লিখিত প্রতিবেদনৰ ৰূপত ডপস্থাপন কৰা৷ সাহিত্যৰ সমালোচনাই পাঠক এজনক গ্রন্থ বিষয়ক তথ্য আৰু জ্ঞানেৰে সমৃৃদ্ধ কৰিব লাগে৷ কিন্তু বাস্তৱত দেখা যায় যে এতিয়াৰ অসমৰ ভালেখিনি সমালোচনাই হ’ল চিনাকি বন্ধু–বান্ধৱৰ প্রশংসা৷ বহু সমালোচনা পঢ়িলে এনে লাগে যেন এই কিতাপখনে এইবাৰ ন’বেল প্রাইজ পাব৷ এই ভণ্ডামি আঁতৰ নোহোৱালৈকে সমালোচকে পাঠকৰ পৰা সন্মান আদায় কৰিব নোৱাৰিব৷ সমালোচনাৰ কামটো অকল সমালোচকৰ হাতত অর্পণ কৰাটো ভাল কথা নহয়৷ এই কাম সুপৰিকল্পিতভাৱে হ’ব লাগে আৰু সাহিত্য সংগঠকবোৰে এই কামত আগভাগ ল’ব লাগে, যাতে পাঠক কাহানিও প্রৱঞ্চিত হ’ব লগা নহয়৷ সমালোচনা লিখা লোকসকলৰ সামাজিক প্রতিপত্তিৰ বাবেও বহুতে ইচ্ছা কৰিলেও মনঃপূত নোহোৱা সমালোচনাৰ বিৰোধিতা নকৰে৷ একধৰণৰ দুর্বোধ্য আৰু অপাঠ্য ভাষাৰ ৰচনাৰেও কিছুমান সমালোচকে সহজ পাঠকৰ মনত হীনমন্যতাৰ ভাব জন্মাই দিব পাৰে৷ এনে বিষবাষ্পপূর্ণ পৰিৱেশ আঁতৰ কৰি এটা স্বচ্ছ আৰু সজীৱ বাতাৱৰণ সৃষ্টি কৰাটো বর্তমান সময়ৰ সাহিত্য সংগঠকসকলৰ কান্ধত থকা জাতীয় দায়িত্ব৷ গ্রন্থ প্রকাশকসকলৰ সংগঠনে যদি দায়িত্ব লৈ এই কামবোৰ নকৰে, সি সামগ্রিকভাৱে জাতিটোৰে ক্ষতি কৰিব৷ সংগঠক এগৰাকীয়ে বা সংগঠন এটাই ভালদৰে সংগঠিত হৈ পৰিকল্পনা কৰিলে, সঠিক আৰু উন্নত সিদ্ধান্ত লোৱাৰ স্থিতিত উপস্থিত হ’ব পাৰে৷ কিন্তু আমাৰ ইয়াত সংগঠনবোৰৰ সকলো সিদ্ধান্ত নিজৰ সংগঠনৰ মংগলৰ বাবে লোৱা হয়, সকলো ৰাইজৰ, বিশেষকৈ দেশ বা ৰাজ্যখনৰ মংগলৰ কথা চিন্তা কৰাটো সাধাৰণতে দেখা নাযায়৷ অসমীয়া কিতাপৰ প্রকাশকসকলে আজিলৈকে সামগ্রিকভাৱে গ্রন্থমেলা পাতি কিতাপ বিক্রী কৰাৰ বাহিৰে কিতাপৰ সামগ্রিক মান বৃদ্ধি, পাঠকৰ সংখ্যা বৃদ্ধি আদিৰ প্রসংগত কোনোধৰণৰ গৱেষণাভিত্তিক কাম নকৰিলে৷ ব্যৱসায়ৰ বিকাশৰ বাবে গৱেষণা আৰু চিন্তা অতি প্রয়োজনীয় দিশ৷ অসমত কিতাপ প্রকাশৰ ব্যৱসায় কৰাসকলে এই কথাবোৰ কিবা গুৰুত্বপূর্ণ বুলি হয়তো কাহানিও ভবা নাই৷ অসমীয়া কিতাপৰ বিক্রী কমিছে বুলি দুখ কৰি থকা প্রকাশকসকলে এইবোৰ কথাত মনোযোগ দিয়াৰ সময় আহি পৰিছে৷