নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত পহিলা জানুৱাৰীত নাটকৰ দিন উদযাপন

সু–চিকিৎসক ডাঃ জাহানাৰা বেগমৰ প্রযোজনা গোষ্ঠী জে বি প্রডাকচনৰ প্রচেষ্টা

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ যশস্বী নাট্যকর্মী, সু–চিকিৎসক ডাঃ জাহানাৰা বেগমৰ নিজা প্রযোজনা গোষ্ঠী জে বি প্রডাকচনে ২০১১ চনৰ পৰা পহিলা জানুৱাৰীৰ দিনটো নাট মঞ্চায়নেৰে নাটকৰ দিন হিচাপে উদ্যাপিত কৰি আহিছে৷ যোৱাটো বর্ষত আখৰা সম্পন্ন হৈ উঠা সাহিত্য অকাডেমি বঁটাৰে সন্মানিত অনুৰাধা শর্মা পূজাৰীৰ মূল গল্পৰ আধাৰত অবিনাশ শর্মাই নাট্যৰূপ দিয়াৰ লগতে পৰিচালনা কৰা ‘একান্ত এনিশা…’ শীর্ষক ব্যতিক্রমী নাটখন ১ জানুৱাৰীত জে বি প্রডাকচন আখৰাগৃহত মঞ্চস্থ কৰা হয়৷ জে বি প্রডাকচনৰ অন্যতম সদস্য তথা সমাজহিতৈষী প্রয়াত অধ্যাপক হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতিত মঞ্চস্থ হোৱা নাটখনৰ শুভাৰম্ভ বৰুৱাৰ প্রতিচ্ছবিত বন্তি প্রজ্বলনেৰে কৰে প্রডাকচনৰ সভাপতি ডাঃ গোপেন্দ্র মোহন দাসে আৰু আঁত ধৰে সাহিত্য–সাংস্কৃতিক কর্মী শান্তনু বৰুৱাই৷নাটখনৰ মূল চৰিত্র তথা এগৰাকী গল্প লেখকৰ চৰিত্রত ডাঃ জাহানাৰা বেগমৰ লগতে সু–ভিনেতা ডাঃ চিন্ময় চক্রৱর্তীৰ অভিনয়ে উপস্থিত সকলোকে মন্ত্রমুগ্ধ কৰি তোলে৷ জে বি প্রডাকচনৰ প্রযোজনাত মঞ্চায়ন কৰা নাটখনত পোহৰ ব্যৱস্থাপনাত ডিম্পল দাস, সংগীত পৰিচালনাত মনদীপ মহন্ত, মঞ্চসজ্জাত আছিল জাহানাৰা বেগম৷ তেজপুৰ মূঢ়াতেঁতেলীস্থিত যশস্বী মঞ্চ াভিনেত্রী ডাঃ জাহানাৰা বেগমৰ বাসভৱন চৌহদৰ আখৰাগৃহত নাটখন মঞ্চ স্থ কৰাৰ পিছত বিশিষ্ট নাট্যকাৰ– পৰিচালক ঐশ্বর্য কাকতি, মঞ্চাভিনেতা ক্রমে বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, নাট্য সন্মিলনৰ মৃগেন বডা, বিশিষ্ট চিত্রশিল্পী কুমুদ বৰুৱা প্রমুখ্যে বহুকেইগৰাকী কলাকুশলীৰ উপস্থিতিত এক অন্তৰংগ আলাপ অনুষ্ঠানৰো আয়োজন কৰা হয়৷

You might also like