নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকট মোচন

প্রথমতে মন্দাৱস্থা, তাৰ মাজতে মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছৰ মোক্ষম আঘাত আৰু এইবাৰ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ ঊর্ধ্বমুখী দাম কার্যতঃ প্রবল প্রত্যাহ্বান হৈ পৰিছে ভাৰতৰ অর্থনীতিৰ কাৰণে৷ ইতিমধ্যে প্রতিবেৰেল ব্রেণ্ট খাৰুৱা তেলৰ দৰ আন্তর্জাতিক বজাৰত ৯০ ডলাৰ অতিক্রম কৰিছে৷ যিটো ভাৰতৰ দৰে দেশখনৰ অর্থনীতিৰ বাবে অশনি সংকেত৷ এয়া পূব ইউৰোপ আৰু মধ্য প্রাচ্যত অব্যাহত থকা ভূ–ৰাজনৈতিক সংঘাতৰ ভাৰতৰ ওপৰত পৰা পৰোক্ষ প্রভাৱ বুলি ক’ব পাৰি৷ কিয়নো ইউক্রেনক কেন্দ্র কৰি চলি থকা এই ভূ–ৰাজনৈতিক সংঘাতৰ পৰিণতিতে মাত্র এমাহৰ ভিতৰতে প্রতিবেৰেল ব্রেণ্ট খাৰুৱা তেলৰ দাম ৭৫.২৯ ডলাৰৰ পৰা গৈ ৯০ ডলাৰ অতিক্রম হৈছে৷ এই কথা উল্লেখৰ প্রয়োজন যে ভাৰতে বছৰে প্রয়োজনীয় মুঠ খাৰুৱা তেলৰ ৮৬ শতাংশই আমদানি কৰে৷ অর্থাৎ ভাৰতে মূলতঃ আমদানিকৃত খাৰুৱা তেলৰ ওপৰতে নির্ভৰ কৰিবলগীয়া হয়৷ কিন্তু হঠাতে আন্তর্জাতিক বজাৰত প্রতিদিনে খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাবলৈ ধৰাত ইয়াৰ আমদানি প্রক্রিয়াৰ নামত ভাৰতে অতিৰিক্তভাৱে বৃহৎ পৰিমাণৰ ধন ভৰিবলগীয়া হৈছে৷ তদুপৰি খাৰুৱা তেলৰ লেকামহীন দাম বৃদ্ধিয়ে ভাৰতীয় মুদ্রাৰ মূল্য, মুদ্রাস্ফীতি, ৰাজহ ঘাটি, বৈদেশিক মুদ্রাৰ বহিঃপ্রৱাহ আদিৰ দৰে দেশৰ অর্থনীতিৰ পৰিকাঠামোৰ গুৰুত্বপূর্ণ দিশসমূহতো বিৰূপ প্রভাৱ পেলাব বুলি ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞ মহলে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ লগে লগে পেট্র’ল–ডিজেলৰো দাম বঢ়াটো নিশ্চিত৷ অৱশ্যে যোৱা প্রায় তিনি মাহ ধৰি দেশত পেট্র’ল–ডিজেলৰ দৰ বৃদ্ধি পোৱা নাই৷ সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰি অনুসৰি পাঁচ ৰাজ্য ক্রমে পঞ্জাব, উত্তৰ প্রদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভাৰ সমাগত নির্বাচনৰ কাৰণে ইন্ধনৰ দাম বঢ়োৱাৰ ক্ষেত্রত সিদ্ধান্ত লোৱাৰ পৰা কেন্দ্রীয় চৰকাৰ বিৰত আছে৷ এই পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ পাছতেই দেশত পুনৰ পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি পাব৷
যদি সংবাদ মাধ্যমত প্রকাশিত বাতৰি বাস্তৱ হয়, তেন্তে দাম বৃদ্ধিৰ বোজাই পুনৰ মাধমাৰ শোধাব সর্বসাধাৰণ জনতাক৷ কিয়নো পেট্র’ল–ডিজেলৰ সৈতে জড়িত হৈ আছে পথ পৰিবহণ ব্যৱস্থাটো৷ পেট্র’ল–ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে খাদ্য–জীৱনদায়িনী ঔষধকে ধৰি প্রতিবিধি সামগ্রীৰ বজাৰত আৰু অধিক জুই–ছাই দাম হোৱাটো নিশ্চিত৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলত ভাৰতত পেট্র’ল–ডিজেলৰ দৰ বৃদ্ধিৰ উদাহৰণ দিবলৈ বেছি দূৰলৈ যাব নালাগে৷ একমাত্র খাৰুৱা তেলৰ ধাৰাবাহিক দাম বৃদ্ধিৰ কাৰণে যোৱা অক্টোবৰ মাহত অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত প্রতিলিটাৰ পেট্র’লৰ দামে ১০০ টকা অতিক্রম কৰিছিল৷ সেইদৰে আকাশলংঘী হাৰত বৃদ্ধি পাইছিল ডিজেলৰ দামো৷ যাৰ কাৰণে কেন্দ্রীয় চৰকাৰে পেট্র’ল আৰু ডিজেলৰ ওপৰত আৰোপিত আবকাৰী শুল্ক ৫ টকা আৰু ১০ টকা হ্রাস কৰিবলগীয়া হৈছিল৷ এই সিদ্ধান্তৰ কাৰণে মুঠ ঘৰুৱা উৎপাদন (জি ডি পি)ৰ ২ শতাংশ অর্থাৎ ৪৫,০০০ কোটি টকা লোকচান হোৱা বুলি ধাৰণা কৰা হৈছে৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বিৰূপ প্রভাৱৰ প্রতিফলন ইতিমধ্যে ভাৰতৰ শ্বেয়াৰ বজাৰত স্পষ্ট হৈছে৷ বিগত দিনকেইটাত অতি সাংঘাটিক ধৰণে পতন ঘটিছে ছেনছেক্স আৰু নিফটীৰ৷ সেইদৰে খাৰুৱা তেলক লৈ আন্তর্জাতিক বজাৰত উদ্ভৱ হোৱা অভাৱনীয় পৰিস্থিতিয়ে ডলাৰৰ তুলনাত হ্রাস কৰিব পাৰে ভাৰতীয় মুদ্রাৰ মূল্যও৷ মন কৰিবলগীয়া যে অহা ১ ফেব্রুৱাৰীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ২০২২–২৩ বিত্তীয় বর্ষৰ বাবে সংসদত বাজেট দাখিল কৰিব৷ এই বাজেটৰ বাবেও খাৰুৱা তেলৰ আকাশলংঘী দাম বৃদ্ধি এক প্রত্যাহ্বান হৈ পৰিব বুলি বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছে৷ তাৰ মাজতে সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰ’ব আগন্তুক বিত্তীয় বর্ষৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে দাখিল কৰিবলগীয়া বাজেটখনৰ ওপৰত৷ কিয়নো এই বাজেটখনে হ’ব দেশৰ অর্থনীতিৰ সকলো সংকট–প্রত্যাহ্বান মোচনৰ ভৰসা৷

You might also like