নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদায় ক্ষণত ২০২০

কেলেণ্ডাৰৰ পাত বাগৰি বাগৰি বিদায় ক্ষণত আহি উপস্থিত হৈছে ২০২০ বর্ষটো৷ বহু সংঘাত আৰু সমস্যাৰ মাজেৰে সমগ্র বর্ষটো পাৰ কৰিবলগীয়া হৈছে বিশ্বৰ মানৱ জাতিয়ে৷ বর্ষটোত মানৱ জাতিৰ বাবে আটাইতকৈ প্রত্যাহ্বান হিচাপে চিহ্ণিত হৈছে ক’ৰোনা ভাইৰাছ মহামাৰী৷ ২০২০ৰ আৰম্ভণিতেই চীনৰ পৰা বিশ্বৰ বিভিন্ন স্থানলৈ সংক্রমণ ঘটিছিল ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ৷ লগে লগে বিশ্বজুৰি স্তব্ধ হৈ পৰে স্বাভাৱিক জীৱনযাত্রা৷ সংক্রামক ৰোগৰ ওচৰত মানৱ জাতি কিমান অসহায়, বর্ষটোত প্রতিখন দেশে তাক মর্মে মর্মে উপলব্ধি কৰিবলগীয়া হৈছে৷ এই ক’ভিড–১৯ সংকটৰ বাবেই বিশ্ব অর্থনীতিলৈ নামি আহে ভয়াৱহ অস্থিৰতা৷ উৎপাদন ক্ষেত্রসমূহত ক’ভিডে কঢ়িয়াই অনা সংকটৰ প্রভাৱ পৰে৷ বিশ্বৰ প্রান্তে প্রান্তে ক’ভিডৰ মহাসংহাৰৰ লগে লগে জীৱিকা হেৰুৱাবলগীয়া হয় কোটি কোটি লোকে৷ বন্ধ হৈ পৰে বহু ক্ষুদ্র তথা মজলীয়া বাণিজ্যিক প্রতিষ্ঠান৷ বিভিন্ন স্থানত আবদ্ধ হৈ থকা লোকসকলে দিনৰ পাছত দিন নিৰণ্ণভাৱে কটাবলগীয়া হয়৷ ভাৰতত প্রব্রজিত শ্রমিকসকলে লকডাউনৰ সময়ত ইখন প্রদেশৰ পৰা সিখন প্রদেশলৈ হাজাৰ হাজাৰ কিলোমিটাৰ খোজকাঢ়ি যাবলগীয়া হোৱা পৰিস্থিতিৰ স্মৃতি দীর্ঘদিনলৈ সজীৱ হৈ থাকিব দেশবাসীৰ অন্তৰত৷ বৃহৎ উদ্যোগ প্রতিষ্ঠানসমূহৰ কর্মচাৰীসকল মুহূর্ততে হৈ পৰিবলগীয়া হয় কর্মহীন৷ এনে এক ভয়াৱহ পৰিস্থিতি বর্ষটোত অব্যাহত থাকিল যে মানৱ জাতিয়ে অন্য কথা চিন্তা কৰাৰ সুযোগ নাপালে৷ আজিও ক’ভিড সংহাৰ অব্যাহত আছে পৃথিৱীৰ দেশে দেশে৷ আনফালে, ব্রিটেইনত পূর্বৰ ক’ৰোনা ভাইৰাছতকৈ পৰিৱর্তিত ক’ৰোনাৰ প্রকৰণে ৭০ গুণ অধিক দ্রুততাৰে আৰম্ভ কৰিছে সংক্রমণ৷ এই সংক্রমণক কেন্দ্র কৰি নতুনকৈ বিশ্বত সৃষ্টি হৈছে আতংক৷ অৱশ্যে এই আতংকৰ মাজতো ক’ভিড–১৯ মহামাৰীৰ ভেকচিন প্রস্তুত কৰিবলৈ সক্ষম হৈছে কেইবাটাও বৃহৎ কোম্পানী৷ ইতিমধ্যে আমেৰিকাৰ ফাইজাৰ আৰু জার্মানীৰ বায়’এনটেকৰ দ্বাৰা প্রস্তুত কৰা ক’ভিড ভেকচিন প্রদান বিভিন্ন দেশত আৰম্ভ হৈছে৷ আমেৰিকা, ব্রিটেইনৰ পাছতে লেটিন আমেৰিকাৰ দেশসমূহতো আৰম্ভ হৈছে গণ টিকাকৰণ৷ একে সময়তে ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশত কেইবাটাও পর্যায়ত চলাই থকা হৈছে ক’ভিড ভেকচিনৰ ক্লিনিকেল পৰীক্ষা৷ গতিকে ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ বাবে বর্ষটোৰ অন্তিম ভাগত হ’লেও পৃথিৱীবাসী সাজু হৈছে৷ কেতিয়ালৈকে ক’ৰোনাক সম্পূর্ণৰূপে প্রতিৰোধ কৰিব পৰা যাব সেয়া এতিয়াই ক’ব নোৱাৰি৷ কিন্তু আগন্তুক বর্ষটো ক’ভিড প্রতিৰোধৰ বর্ষ হিচাপে যে চিহ্ণিত হ’ব সেয়া নিশ্চিত৷
বিশ্বজুৰি ক’ভিড–১৯ মহামাৰীত প্রায় ১৮ লাখ লোকে প্রাণ হেৰুৱাইছে৷ ক’ৰোনাই কঢ়িয়াই অনা সংকটৰ বাবে দুর্ভিক্ষ তথা অনাহাৰতো প্রাণ হেৰুৱাইছে বহু লোকে৷ এতিয়াও ক’ভিড সংকটৰ বাবে দুর্ভিক্ষৰ কবলত পৰি আছে সংঘর্ষজর্জৰ অঞ্চলসমূহৰ কেইবা কোটিও লোক৷ তথাপি সংকটপূর্ণ এই বিদায়ী বর্ষটোৱে মানুহক বহু নতুন শিক্ষা প্রদান কৰিছে৷ বিশেষকৈ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্ববাসীয়ে স্বাস্থ্য সজাগতাৰ ক্ষেত্রত যি নীতি গ্রহণ কৰিব লাগে তাক লৈ প্রায় প্রতিখন দেশে নতুনকৈ চিন্তা–চর্চা কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰীৰ মোকাবিলা কৰিবলৈ ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আহ্বান জনাইছে পৃথিৱীবাসীক৷ ইয়াক বিভিন্ন দেশে আদৰণি জনাইছে৷ অৱশ্যে ক’ৰোনাকালীন দুর্যোগৰ মাজতে বিশ্বৰ দুই মহাশক্তি হিচাপে চিহ্ণিত আমেৰিকা আৰু চীনৰ মাজত মতানৈক্য অধিক তীব্রতৰ হ’ল৷ বর্ষটোৰ এয়া এক অন্যতম অশুভ বার্তা৷ আগন্তুক ২০২১ বর্ষত মানৱ জাতিয়ে এনে অশুভ ঘটনাৰ পুনৰাবৃত্তি নঘটিব বুলি আশা কৰিব৷ বিদায়ী বর্ষটোৰ অভিজ্ঞতাৰে পৃথিৱীবাসীয়ে ২০২১ত সংকটৰ মোকাবিলা কৰাৰ সংকল্প গ্রহণ কৰিব লাগিব৷ মানুহৰ সন্মুখত এই সংকল্প গ্রহণৰ পৰিস্থিতি নিশ্চিতভাৱে আহি উপস্থিত হ’ব৷ যিদৰে ক’ৰোনাই দুর্যোগৰ সময়ত মানুহক প্রত্যাহ্বান গ্রহণৰ বাবে সাজু হ’বলৈ শিক্ষা দিলে, সেইদৰে অনাগত দিনত সকলো সংকট আৰু সমস্যাৰ সন্মুখীন হ’বলৈ মানুহেই নিজেই গ্রহণ কৰিব লাগিব শিক্ষা৷ এই শিক্ষাৰেই সঠিক দিশত আগবাঢ়িলে হয়তো আমি আকাংক্ষিত শান্তি আৰু সুস্থিৰতাৰ বর্ষ হিচাপে ২০২১ত বহু সুফল দেখিবলৈ পাম৷

You might also like