ভাৰতৰ অষ্ট্রেলিয়া বিজয়
বিদেশত পুনৰ গর্বিত ভাৰতীয় ক্রিকেট৷ পৰাক্রমী অষ্ট্রেলিয়াক পৰাভূত কৰি ভাৰতে বিজয় সাব্যস্ত কৰিছে চাৰিখনীয়া টেষ্ট ছিৰিজত৷ একপ্রকাৰ ক’বলৈ গ’লে এয়া এক ইতিহাস৷ কোনেও কল্পনা কৰা নাছিল অষ্ট্রেলিয়াৰ ভূমিত যুঁজাৰু কেংগাৰু বাহিনীক ভাৰতে ক্রিকেটৰ ক্লাছিক হিচাপে পৰিচিত টেষ্টত পৰাভূত কৰিব পাৰিব৷ আৰম্ভণিৰে পৰা আকর্ষণীয় আছিল এই টেষ্ট ছিৰিজ৷ ইয়াৰ পূর্বে এদিনীয়া আন্তর্জাতিকত ২–১ ব্যৱধানত অষ্ট্রেলিয়াই জয়লাভ কৰিছিল৷ টি–২০ সংস্কৰণত ভাৰতে অষ্ট্রেলিয়াক পৰাভূত কৰি যুঁজাৰু মানসিকতাৰ পৰিচয় দিছিল৷ কিন্তু টেষ্ট ছিৰিজৰ প্রথমখন খেলতেই পৰাজয় স্বীকাৰ কৰিব লগা হৈছিল ভাৰতে৷ লক্ষণীয়ভাৱে এইবাৰ অষ্ট্রেলিয়া ভ্রমণ কালত ভাৰতৰ বহু তাৰকা খেলুৱৈ আঘাতপ্রাপ্ত হ’বলগীয়া হয়৷ নৱজাতকৰ আগমনৰ পূর্বেই পিতৃ বিৰাট কোহলিয়ে আধাতে অষ্ট্রেলিয়া ভ্রমণ সামৰি ভাৰতলৈ উভতি আহে৷ তাৰকা বলাৰসকল এজনৰ পাছত এজনকৈ অষ্ট্রেলিয়াৰ কঠিন পিটচত আঘাতপ্রাপ্ত হ’বলগীয়া হয়৷ ৰবিচন্দ্রন অশ্বিন, মহম্মদ ছামি, যশপ্রীত বুমৰাহ, ৰবীন্দ্র জাদেজা, উমেশ যাদৱ, হনুমা বিহাৰীকে ধৰি টেষ্টৰ দিগ্গজ খেলুৱৈসকল আঘাতপ্রাপ্ত হোৱাৰ লগে লগে ভাৰতীয় শিবিৰত কেৱল হতাশা আৰু দুঃচিন্তাই দেখা দিয়ে৷ ইয়াৰ মাজতো অতি শীতল মস্তিষ্কৰে দলক নেতৃত্ব প্রদান কৰে ক্রিকেটৰ ধ্রুপদী সংস্কৰণৰ সংযমী বেটছমেন হিচাপে পৰিচিত আজিংক্য ৰাহানেই৷ দ্বিতীয়খন টেষ্টত বর্তমান ক্রিকেটৰ আক্রমণাত্মক বেটছমেন হিচাপে চিহ্ণিত বিৰাট কোহলিৰ অনুপস্থিতিত দলক নেতৃত্ব দি বিজয়ৰ সোৱাদ দিবলৈ সক্ষম হয় ৰাহানেই৷ লগে লগে ক্রিকেট বিশেষজ্ঞসকলৰ আলোচনাৰ কেন্দ্রবিন্দু হৈ পৰে ৰাহানে৷ ভৱিষ্যতে কোহলিবিহীন ভাৰতীয় ক্রিকেট দলক নেতৃত্ব দিয়াৰ এশ শতাংশ সক্ষমতা ৰাহানেৰ থকা বুলি কেইবাগৰাকীও প্রাক্তন ক্রিকেটাৰে মুকলিকৈ মন্তব্য কৰে৷ ৰাহানে নেতৃত্বাধীন ভাৰতীয় দলৰ বাবে তৃতীয়খন টেষ্ট আছিল এক অগ্ণিপৰীক্ষা৷ খেলপথাৰত আঘাতপ্রাপ্ত খেলুৱৈৰ জৰিয়তেই তৃতীয় টেষ্টত সন্মান ৰক্ষাৰ যুঁজ দিবলগীয়া হৈছিল ৰাহানেই৷ প্রায় বিজয়ৰ কাষ চপা অষ্ট্রেলিয়া দলৰ আশাত চেঁচাপানী ঢ়ালি তৃতীয় টেষ্টখন ড্র কৰিবলৈ সক্ষম হৈছিল ৰবিচন্দ্রন অশ্বিন আৰু হনুমা বিহাৰীয়ে৷ টেষ্টখনৰ অন্তিম দিনাখনৰ ৪০ অভাৰতকৈ অধিক বল ডিফেন্স কৰি যুঁজাৰু মানসিকতা আৰু ধৈর্যৰ পৰিচয় দিছিল অশ্বিন–হনুমা বিহাৰীয়ে৷ হতাশাত ভাগি পৰিছিল অষ্ট্রেলিয়া শিবিৰ৷ নিশ্চিত বিজয়ৰ ফালে গতি কৰা এখন খেলৰ ফলাফল ঘূৰাই দিছিল দুয়োজন ভাৰতীয় ক্রিকেটাৰে৷
ছিৰিজটোৰ আটাইতকৈ গুৰুত্বপূর্ণ খেলখন আছিল চতুর্থ তথা অন্তিম টেষ্ট৷ আঘাতত জর্জৰিত ভাৰতীয় শিবিৰত তেতিয়া তাৰকা খেলুৱৈ বুলিবলৈ কোনো নাছিল৷ বেটছমেন হিচাপে টেষ্ট ক্রিকেটৰ অভিজ্ঞতা থকা আজিংক্য ৰাহানে, চেতেশ্বৰ পূজাৰা আৰু ৰোহিত শর্মা আছিল যদিও বাকী আটাইকেইগৰাকী খেলুৱৈ আছিল এইক্ষেত্রত অনভিজ্ঞ৷ দুই–এখন খেলত ভুমুকি মৰাৰ সুযোগ লাভ কৰিছিল যদিও অষ্ট্রেলিয়াৰ দৰে তাৰকাসমৃদ্ধ দলৰ সৈতে ক্রিকেট খেলাৰ অভিজ্ঞতা নাছিল অধিকসংখ্যক খেলুৱৈৰ৷ কিন্তু অভিজ্ঞতাহীন এই ভাৰতীয় তৰুণ তেজে অষ্ট্রেলিয়াৰ মাটিত দেখুৱালে নজিৰবিহীন এক পৰাক্রম৷ প্রথম শ্রেণীৰ ক্রিকেট খেলি টেষ্টত ভুমুকি মৰা ৱাশ্বিংটন সুন্দৰৰ দৰে খেলুৱৈয়ে বিধ্বংসী অষ্ট্রেলিয়াৰ বলিঙক সাহসেৰে প্রত্যাহ্বান জনালে৷ টেষ্ট ক্রিকেটত কোনোদিন চর্চালৈ নহা শ্বার্দুল ঠাকুৰে চতুর্থ টেষ্টৰ প্রথম ইনিংছত খেলা সাহসী ইনিংছেৰে ভাৰতীয় দলে বিজয়ৰ খোপনি পুতিবলৈ সক্ষম হয়৷ অকল সেয়াই নহয়, বলিঙতো অনভিজ্ঞ এই ক্রিকেটাৰসকলেই অষ্ট্রেলিয়াৰ অভিজ্ঞতাসমৃদ্ধ যুঁজাৰু দুর্গক তচনচ কৰি দিয়ে৷ অভিষেক ছিৰিজৰ অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত অষ্ট্রেলিয়াৰ ৫গৰাকীকৈ বেটছমেনক পেভিলিয়নৰ পথ দেখুৱাই প্রশংসা বুটলিবলৈ সক্ষম হয় মহম্মদ ছিৰাজে৷ শ্বার্দুল ঠাকুৰে লাভ কৰে চাৰিটা উইকেট৷ চতুর্থ তথা অন্তিম ইনিংছ আছিল খেলখনৰ বাবে আটাইতকৈ আকর্ষণীয়৷ এফালে চেতেশ্বৰ পূজাৰাই ভাৰতীয় দুর্গক অতন্দ্র প্রহৰীৰ দৰে ৰক্ষা কৰাৰ বিপৰীতে আক্রমণাত্মক ক্রিকেটৰ তৰুণ তেজ শুভমন গিল আৰু ঋষভ পণ্টে সাহসিকতাৰে বাউণ্ডাৰীৰ বাহিৰলৈ ঠেলি পঠিয়াইছিল অষ্ট্রেলিয়ান বলাৰৰ বিধ্বংসী বল৷ তৰুণ ক্রিকেটাৰসকলৰ আক্রমণাত্মক আৰু নান্দনিক শ্বটৰ বাবেই ভাৰতে তিনি উইকেটত বিজয় সাব্যস্ত কৰি ছিৰিজটো ২–১ ব্যৱধানত হস্তগত কৰিবলৈ সক্ষম হয়৷ লগে লগে অষ্ট্রেলিয়াৰ ভূমিত গর্বিত হৈ পৰে ভাৰত আৰু ভাৰতীয় ক্রিকেট৷