নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰবিলা–চন্দ্রপুৰ সংযোগী দলঙৰ কাম আৰম্ভ

ডিগাৰু নৈত ১২.৩৪ কোটি ব্যয়েৰে দুবছৰত নির্মাণৰ লক্ষ্য

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ সুদীর্ঘ বছৰৰ যাতায়াতৰ দুর্যোগৰ অৱসান ঘটাই ডিগাৰু নৈৰ ওপৰত বৰবিলা–চন্দ্রপুৰ সংযোগী পকী দলঙৰ কামৰ শুভাৰম্ভ কৰে সংশ্লিষ্ট নির্মাণ প্রতিষ্ঠানে৷ সম্পূর্ণ মাংগলিক পদ্ধতিৰে বৈদিক নীতি–নিয়মৰ মাজেদি গংগাক পূজা আগবঢ়াই প্রতিষ্ঠানটোৱে আজি নির্মাণকার্য আৰম্ভ কৰে৷ এই শুভাৰম্ভ অনুষ্ঠানত নির্মাণ প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী হেমন্ত ভাগৱতী, গড়কাপ্ঢানী বিভাগৰ দিছপুৰ টেৰিটৰিয়েল পথ শাখাৰ সহকাৰী অভিযন্তা ৰূপম ডেকাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে৷ উল্লেখ্য যে বৰবিলা–চন্দ্রপুৰ সংযোগী ১০ কিলোমিটাৰ দৈর্ঘ্যৰ পথটোৰ লগতে ডিগাৰু নৈৰ ওপৰত ৬৬ মিটাৰ দৈর্ঘ্য আৰু ৭.৫ মিটাৰ প্রস্থৰ এখন দলং নির্মাণ হ’ব৷ যোৱা ৮ ছেপ্ঢেম্বৰত ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও আজিহে দলং নির্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হয়৷ সর্বমুঠ ১২ কোটি ৩৪ লাখ টকা ব্যয়েৰে নির্মাণ হ’ব পথ আৰু দলংখন৷ আজিৰে পৰা দলংখনৰ কাম আৰম্ভ হোৱাত সন্তুষ্টি লাভ কৰিছে অঞ্চলবাসীয়ে৷ বিভাগীয় নির্দেশ অনুসৰি দুবছৰ পূর্বে নির্মাণ সম্পূর্ণ হ’ব দলঙৰ কাম৷

You might also like