চৰকাৰী চাকৰিৰ বজাৰ
চৰকাৰী চাকৰিৰে ৰাজ্যৰ দিছপুৰত নিবনুৱা সমস্যা সমাধান কৰাটো সম্ভৱ নহয়৷ ৰাজ্যখনত প্রায় ২৫ লাখ শিক্ষিত নিবনুৱা আৰু ছাত্র–ছাত্রীসকলেও এই কথা মর্মে মর্মে উপলব্ধি কৰিছে৷ তাৰ মাজতো এটা চৰকাৰী চাকৰি লাভ কৰাৰ সপোন দেখে ৰাজ্যখনৰ অধিকাংশ নিবনুৱা তথা ছাত্র–ছাত্রীসকলে৷ চৰকাৰী চাকৰিৰে ৰাজ্যখনৰ ২৫ লাখ নিবনুৱাৰ সংস্থাপিত কৰাৰ ক্ষমতা নাথাকিলেও স্বচ্ছ আৰু নিকা নিয়োগ ব্যৱস্থাৰ জৰিয়তে ৰাজ্য চৰকাৰে নিবনুৱা তথা ছাত্র–ছাত্রীসকললৈ আশাৰ ৰেঙনি কঢ়িয়াব পাৰে৷ শিক্ষাগত অর্হতা আৰু প্রতিযোগিতামূলক পৰীক্ষাৰ সঠিক মূল্যায়ণৰ ভিত্তিত চৰকাৰী নিযুক্তি সমাপন হ’লে কাৰো ক’বলগীয়া নাথাকে৷ কিন্তু চৰকাৰী চাকৰিৰ নামত চলা মুকলি বজাৰখনে ৰাজ্যখনৰ লাখ লাখ নিবনুৱাকে নহয় মেধাসম্পন্ন ছাত্র–ছাত্রীসকলকো হতাশ কৰি তুলিছে৷ চৰকাৰী চাকৰিৰ নামত ধন সংগ্রহ অথবা স্বজনপ্রীতি নতুন কথা নহয়৷ বছৰৰ পাছত বছৰ ধৰি এনে অভিযোগ উত্থাপন হৈ আহিছে৷ ফলত চৰকাৰী চাকৰি লাভ কৰাৰ আশাত ৰাজ্যখনৰ কিমানসংখ্যক নিবনুৱা দালাল চক্রৰ হাতত প্রতাৰিত হৈছে তাৰ সীমা–সংখ্যা নাই৷ ৰাজ্যখনত চৰকাৰী চাকৰি কিনা–বেচাৰ নিলাম বজাৰ চলোৱাৰ বাবে ৰঙাঘৰত সোমাইছে অসম লোকসেৱা আয়োগৰ দুজন অধ্যক্ষ৷ চাকৰিৰ নামত ভেটি লোৱা আৰু দিয়া দুয়োটাই অপৰাধ৷ কিন্তু ৰাজ্যখনৰ দিশহাৰা নিবনুৱাসকলক প্রতাৰিত কৰা এনে এখন চাকৰিৰ নিলাম বজাৰ চলি থকাটো ৰাজ্য চৰকাৰখনৰ বাবে দুর্ভাগ্যজনক৷ চৰকাৰৰ প্রত্যক্ষ অথবা পৰোক্ষ সহযোগ অবিহনে চৰকাৰী চাকৰিৰ এনে নিলাম বজাৰ কোনো কাৰণতে বর্তি থাকিব নোৱাৰে৷
২০১৬ত অভূতপূর্ব জনাদেশৰ জৰিয়তে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছতে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰাৰ প্রতিশ্রুতি দিছিল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ ইয়াৰ পূর্বে কংগ্রেছ নেতৃত্বাধীন চৰকাৰখনৰ কার্যকালত সীমাহীন দুর্নীতিত অতিষ্ঠ অসমবাসীয়ে পৰিৱর্তনৰ প্রত্যাশাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনক পূর্ণ সমর্থন দিছিল৷ ক্ষমতালৈ অহাৰ পাছতে অসম লোকসেৱা আয়োগত চলি থকা দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি সোণোৱাল চৰকাৰে ৰাজ্যখনৰ নিবনুৱা তথা ছাত্র–ছাত্রীসকললৈ এক কুশল বার্তা দিবলৈ সক্ষম হৈছিল৷ কিন্তু শেহতীয়াকৈ অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তিক কেন্দ্র কৰি চলা চাকৰিৰ নিলাম বজাৰখন পোহৰলৈ অহাৰ লগে লগে আশাহত হৈছে ৰাজ্যখনৰ নিবনুৱা যুৱক–যুৱতীৰ লগতে ছাত্র–ছাত্রীসকল৷ আৰক্ষী উপ–পৰিদর্শক পদত বাছনিৰ ক্ষেত্রত যিদৰে বক্রপথ অৱলম্বন কৰা হৈছে, যিদৰে প্রভাৱশালী চক্র জড়িত হৈছে সেয়া নিশ্চিতভাৱে উদ্বেগজনক৷ একোজন চাকৰিপ্রত্যাশীৰ পৰা ৮–১০ লাখ টকাকৈ সংগ্রহ কৰাৰো অভিযোগ উঠিছে৷ এই কথা ঠিক যে প্রয়োজনীয় শিক্ষাগত অর্হতা তথা পৰীক্ষাত সাফল্য লাভ কৰিলেও দুখীয়া পৰিয়ালৰ কোনো নিবনুৱা অথবা ছাত্র–ছাত্রীয়ে এই বৃহৎ পুঁজি আদায় দিব নোৱাৰে৷ এনে পৰিস্থিতিত এই বৃহৎ ধনৰাশি উপঢ়ৌকনৰূপে দিয়া ধনীক শ্রেণী অথবা দুর্নীতিগ্রস্ত পৰিয়ালৰ প্রার্থীয়ে আৰক্ষী উপ–পৰিদর্শকৰ চাকৰি লাভ কৰাৰ পথ প্রশস্ত হৈছিল৷ যদিহে এই বৃহৎ ধনৰাশিৰ বিনিময়ত আৰক্ষীৰ উপ–পৰিদর্শক পদত নিযুক্তি সম্পন্ন হ’লহেঁতেন তেন্তে আমি অসম আৰক্ষীক নিকাৰূপে গঢ়িবলৈ সমর্থ হ’লোঁহেঁতেননে? প্রকৃত মেধাসকলক বঞ্চিত কৰি টকাৰ বিনিময়ত চাকৰি লাভ কৰাসকলে ৰাইজৰ ‘জনহিতার্থে’ কাম কৰিলেহেঁতেননে? চৰকাৰী নিয়োগ ব্যৱস্থাত চলি থকা এনে দুষ্কার্য কঠোৰ হাতেৰে দমন কৰিব লাগিব ৰাজ্য চৰকাৰে৷ এই চক্রটো যিমানেই প্রভাৱশালী নহওক কিয়, শীঘ্রে গ্রেপ্তাৰ কৰি আইনৰ জৰিয়তে কঠোৰ শাস্তি প্রদান কৰিবই লাগিব৷ অন্যথা মুখ্যমন্ত্রী সোণোৱালৰ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি প্রহসনত পৰিণত হ’ব৷