নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ পৰা ৭২,০০০ এছাল্ট ৰাইফল ক্রয় কৰিব ভাৰতে

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ চীনৰ সৈতে সংঘাত চলি থকাৰ সময়তে ভাৰতীয় সেনা বাহিনীৰ বাবে ৭৮০ কোটি টকা ব্যয় সাপেক্ষে আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা ৭২ হাজাৰ এছাল্ট ৰাইফল ক্রয়ৰ অনুমতি দিলে প্রতিৰক্ষা মন্ত্রালয়ে৷ এছাল্ট ৰাইফলৰ অভাৱ হ্রাস কৰাৰ লক্ষ্যৰে ফাষ্টট্রেক ক্রয় প্রক্রিয়াৰ অধীনত আমেৰিকাৰ পৰা ভাৰতীয় সেনাবাহিনীৰ বাবে ৭২ হাজাৰ এছাল্ট ৰাইফল ক্রয় কৰাৰ অনুমতিৰ পূর্বে সেনাৰ বাবে ৭২,৪০০ ছিগ ছৱাৰ ৰাইফল ক্রয়ত অনুমতি দিছিল মন্ত্রালয়ে৷

উল্লেখ্য যে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙৰ নেতৃত্বত ডিফেন্স একুইজিচন কাউঞ্চিলৰ দ্বাৰা ভাৰতীয় সশস্ত্র বাহিনীৰ বাবে প্রয়োজনীয় মাৰণাস্ত্র ক্রয়ৰ বাবে প্রায় ২২৯০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে৷ এই ধনৰ পৰাই ৭৮০ কোটি টকা ব্যয়েৰে আমেৰিকাৰ পৰা ৭২ হাজাৰ এছাল্ট ৰাইফল ক্রয় কৰিব৷ উল্লেখ্য যে দেশৰ সশস্ত্র বাহিনীক আধুনিকীকৰণ আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে বিভিন্ন মাৰণাস্ত্র ক্রয়ৰ অংশ হিচাপে আমেৰিকাৰ পৰা এছাল্ট ৰাইফল ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

You might also like