অপ্রতিৰোধ্য ঘাতক
ক’ভিড–১৯ মহামাৰীৰ চৰিত্র সলনি হৈছে৷ মহামাৰীয়ে ইয়াৰ সংহাৰী ৰূপ সলনি কৰিছে৷ ক’ৰোনা ভাইৰাছে ৰূপ সলোৱাৰ ফলত ইয়াৰ সংক্রমণৰ তাণ্ডৱো সলনি হৈছে৷ অতি ক্ষিপ্র হৈছে সংক্রমণৰ হাৰ৷ ভাৰতত এই মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ চলি থকা সময়তে ক’ভিড মহামাৰীয়ে দেশখনত নতুন ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে৷ ক’ভিডৰ এই পৰিৱর্তিত প্রকৰণৰ নাম ৰখা হৈছে ডেল্টা৷ এই ডেল্টা প্রকৰণে ভাৰতৰ পৰা ইতিমধ্যে বিশ্বৰ ১০০খন দেশলৈ সংক্রমণ ঘটাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা অনুসৰি ডেল্টা প্রকৰণে যিকোনো মুহূর্ততে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে৷ এই প্রকৰণৰ সংক্রমণৰ হাৰ পূর্বৰ ক’ভিড–১৯তকৈ বহু গুণে বেছি৷ আনকি বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা বাৰে বাৰে সতর্কবাণী কৰা হৈছে যে ক’ভিড মহামাৰীৰ পৰা পৰিত্রাণ পাবলৈ হ’লে সমগ্র পৃথিৱীতে সমতা ৰক্ষা কৰি ভেকচিন প্রদান কৰিব লাগিব৷ টিকাকৰণৰ ক্ষেত্রত বৈষম্য সৃষ্টি হ’লেই কোনো দেশেই ইয়াৰ পৰা পৰিত্রাণ পাবলৈ সক্ষম নহ’ব৷ আন্তর্জাতিক সংস্থাটোৰ তথ্য অনুসৰি ক’ভিডৰ কেইবাটাও ভেকচিন ডেল্টা প্রকৰণৰ ক্ষেত্রত ফলপ্রসূ নহ’বও পাৰে৷ শেহতীয়াকৈ একাংশ চিকিৎসা বিশেষজ্ঞই সদৰী কৰিছে যে ফাইজাৰে প্রস্তুত কৰা ক’ভিড ভেকচিন ডেল্টা প্রকৰণৰ দ্বাৰা সংক্রমিত লোকৰ ক্ষেত্রত ১০০ শতাংশ ফলপ্রসূ নহ’ব৷ লক্ষণীয়ভাৱে ডেল্টা প্রকৰণৰ সংক্রমণৰ তীব্রতাৰ কথা চিকিৎসা বিশেষজ্ঞসকলে সদৰী কৰি আহিছে যদিও এই প্রকৰণৰ দ্বাৰা আক্রান্ত লোকসকলক পূর্বৰ ভেকচিনৰ দ্বাৰা আৰোগ্য কৰাটো সম্ভৱ হ’ব নে নাই সেই কথা স্পষ্টভাৱে উল্লেখ কৰিব পৰা নাই৷ অর্থাৎ ডেল্টা প্রকৰণৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত ক’ভিড ভেকচিন প্রযোজ্য বুলি এতিয়াও কোনেও দাবী কৰিবলৈ সক্ষম হোৱা নাই৷ আনকি আমেৰিকাৰ সংক্রামক ৰোগ বিশেষজ্ঞ তথা হোৱাইট হাউছৰ চিকিৎসা পৰামর্শদাতা ডাঃ এণ্টনী ফাউচিয়েও ডেল্টা প্রকৰণৰ সংক্রমণ সন্দর্ভত এতিয়াও চিকিৎসা বিজ্ঞানীসকলে যথাযথ পৰীক্ষা চলাবলৈ সক্ষম হোৱা নাই বুলি ঘোষণা কৰিছে৷ গতিকে ক’ভিড–১৯ মহামাৰীয়ে অনাগত দিনত এই পৃথিৱী গ্রহত কেনে ৰূপ ধাৰণ কৰে তাক লৈ কোনো বিজ্ঞানীয়ে পূর্বানুমান কৰিবলৈ সক্ষম হোৱা নাই৷
দ্বিতীয় মহাসমৰৰ পিছত বিশ্বত আটাইতকৈ ভয়াৱহ বিপর্যয় হিচাপে চিহ্ণিত হৈছে ক’ৰোনা ভাইৰাছ মহামাৰী৷ বিশ্বযুদ্ধই সমগ্র পৃথিৱীত সৃষ্টি কৰিছিল আর্থিক ক্ষেত্রত এক অভাৱনীয় বিপর্যয়৷ অসংখ্য লোকৰ প্রাণ হানি হোৱাৰ উপৰি কেইবাটাও প্রজন্মই আঁকোৱালি ল’বলগীয়া হৈছিল পংগুত্বক৷ শিক্ষা, স্বাস্থ্য আদি ক্ষেত্রত আহি পৰিছিল তাৎক্ষণিক বিপর্যয়৷ বিশ্ব অর্থনীতিত সৃষ্টি হোৱা সংকটৰ ফলত বহু শিশু অপুষ্টিৰ চিকাৰ হ’বলগীয়া হৈছিল৷ বিশ্বযুদ্ধৰ এই বিভীষিকাৰ পৰা পৰিত্রাণ পাবলৈ পৃথিৱীবাসীক কেইবা দশকৰ প্রয়োজন হৈছিল৷ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বৰ আর্থিক তথা বাণিজ্যিক ক্ষেত্রত ভয়াৱহ বিপর্যয় সৃষ্টি কৰাৰ উপৰি মানুহৰ জীৱন–জীৱিকালৈ নমাই আনিছে অকল্পনীয় সংকট৷ বিগত বর্ষৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে এই সংকটৰ পৰা পৰিত্রাণ পাবলৈ সক্ষম হোৱা নাই কোনো দেশ৷ বহু দেশৰ উদ্যোগ–কাৰখানাসমূহ্ লালবাতি জ্বলিছে৷ উৎপাদন সম্পূর্ণৰূপে ধ্বংস হৈছে বহু প্রতিষ্ঠানত৷ ইয়াৰ ফলত জীৱিকা হেৰুৱাবলগীয়া হৈছে লাখ লাখ লোকে৷ দেশে দেশে এই সংকট সৃষ্টি হোৱাৰ ফলত মাত্র দুটা বছৰৰ ভিতৰতে পৃথিৱীজুৰি কোটি কোটি লোকে কাম হেৰুৱাব লগা হৈছে৷ ইফালে, বিশ্ব অর্থনীতিত সৃষ্টি হৈছে সাংঘাতিক এক অস্থিৰতা৷ কেইবা লাখো লোকৰ ইতিমধ্যে প্রাণ হানি হৈছে মহামাৰীত আৰু কিমানে এই মহামাৰীত জীৱন ত্যাগ কৰিবলগীয়া হ’ব তাক অনুমান কৰিব নোৱাৰি৷ এনে পৰিস্থিতিত মহামাৰীৰ মোকাবিলা কৰিবলৈ একমাত্র ভেকচিনেই যে মূল হাতিয়াৰ, সেই কথাটো সহজেই অনুমেয়৷ কিন্তু পৃথিৱীৰ বহু দেশত এতিয়ালৈকে ভেকচিন প্রদান প্রক্রিয়া আছে অতি চালুকীয় অৱস্থাত৷ ভেকচিনৰ চাহিদা অনুযায়ী যোগান সম্ভৱ হোৱা নাই৷ মহামাৰীৰ সংহাৰ অব্যাহত থকা সময়তো ভেকচিন প্রস্তুত কোম্পানীসমূহে প্রয়োজন অনুসৰি ভেকচিন যোগান ধৰিব পৰা নাই৷ পৰিণতিত পৃথিৱীৰ প্রায় প্রতিখন দেশেই এই মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্রত সঠিক পদক্ষেপ গ্রহণ কৰিব পৰা নাই৷ অর্থাৎ মহামাৰী এতিয়াও পৃথিৱীবাসীৰ বাবে হৈ আছে অপ্রতিৰোধ্য ঘাতক৷