নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী বঁটা আৰু সন্মান

চৰকাৰৰ বিৰোধী কিছুমানে সকলো সময়তে চৰকাৰী বঁটা–সন্মান আদিৰ বিৰোধিতা কৰি ৰাইজৰ সন্মুখত সেই বঁটাৰ গুৰুত্ব কম কৰিব বিচাৰি চৰকাৰে দিয়া সেই বঁটাবোৰ চৰকাৰ চলোৱা দলটোৰ সমর্থক বা হিতাধিকাৰীৰ বঁটা বুলি প্রচাৰ চলোৱা কথাটো সকলোৱে জানে৷ ভূপেন হাজৰিকাক ভাৰত চৰকাৰে দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা সময়ত অসমৰে দুগৰাকীমানে অশ্রাব্য ভাষাৰে কৰা ঠাট্টা–বিদ্রূপৰ কথা ৰাইজে পাহৰি যোৱা নাই বা নাপাহৰে৷ তথাকথিত বিপ্লৱী সাংবাদিক এগৰাকীয়ে কৈছিল যে তেতিয়াৰ কংগ্রেছৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ লগত ভাল কাৰণেই তেওঁ ভূপেন হাজৰিকাক সেই বঁটাটো দিয়াইছিল৷ তেনে কথা কোৱাৰ পিছতো কিন্তু ৰাষ্ট্রীয় চলচ্চিত্র বঁটাৰ গুৰুত্ব কোনোধৰণে নকমিল৷ আন এটা মন কৰিবলগীয়া কথা হ’ল যে চৰকাৰে দিয়া বঁটা–বাহন কেৱল নিজ দলৰ সমর্থককহে দিয়াৰ পৰিকল্পনা বা মতলব থকা বুলি কথা এটা প্রচাৰ কৰা৷ এই কামটো বেছি হৈছে কেন্দ্রত আৰু অসমত বিজেপি চৰকাৰ অহাৰ পিছত৷ এই অপপ্রচাৰৰ কামটোত আগভাগ লয় সাধাৰণতে কংগ্রেছৰ সমর্থনত থকা কিছুমান বামপন্থীয়ে৷ কংগ্রেছৰ শাসনৰ সময়তো চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ হৈছিল, কিন্তু বঁটা ঘূৰাই দিয়াৰ দৰে কাহিনী আৰম্ভ হোৱা নাছিল৷ এই আৰম্ভণি মোদী যুগতেই৷ অসম চৰকাৰে লেখক–সম্বর্ধনা আঁচনিৰে লেখকসকলক উৎসাহিত কৰা আঁচনিখনৰ বিজ্ঞাপন ওলাওঁতেই বহু চৰকাৰবিৰোধীয়ে সমালোচনা কৰিছিল যে এই আঁচনিৰে চৰকাৰে লেখকৰ বিবেকক কিনিব খুজিছে৷ কিছুমানে টকা লোৱাৰ আগতে চাফাই গাই দিছিল যে তেওঁ চৰকাৰৰ পইচাও ল’ব, চৰকাৰৰ বিৰোধিতাও কৰি নিজৰ বিপ্লৱী সত্তাও ৰাইজৰ চকুত ভালদৰে জীয়াই ৰাখিব৷ চৰকাৰে তাতো আপত্তি কৰা নাই৷ সদায়েই চৰকাৰৰ, বিশেষকৈ বিজেপিৰ বিপক্ষে লিখা সাংবাদিকেও স্পষ্টভাৱে সেই ধন গ্রহণ কৰিছে আৰু তেওঁৰ লেখাও একে সুৰতেই ৰাখি প্রমাণ কৰি দিছে যে সেই সম্বর্ধনা প্রদান কৰাৰ পিছত চৰকাৰে তেওঁৰ কলমটোৰ মতলব বা গতিৰ বিষয়ে কোনোধৰণৰ ৰাজনৈতিক মনোযোগ প্রদর্শন কৰা নাই৷ এনেকুৱা বহু উদাহৰণে বুজাই দিয়ে যে চৰকাৰী বঁটা–সন্মান আদিৰ বিৰুদ্ধে পৰিকল্পিতভাৱে চলা প্রচাৰে বঁটা বা সন্মানৰ গুৰুত্ব কেতিয়াও নকমায়৷
চৰকাৰী বঁটাৰ প্রসংগত যিয়ে যিহকেই নকওক কিয়, বাস্তৱত কিন্তু চৰকাৰী বঁটাৰ গুৰুত্ব বহু বেছি৷ বিশেষকৈ চিনেমাৰ বাবে দিয়া ৰাজ্যিক বঁটাক সমগ্র দেশতেই গুৰুত্ব দিয়া হয়৷ চৰকাৰৰো দায়িত্ব থাকে বঁটাবোৰ যোগ্যজনৰ হাতত তুলি দিয়াৰ৷ বঁটাৰ বাবে ব্যক্তি নির্বাচন কৰা কামটো এক বা একাধিক ব্যক্তিৰ ওপৰত নিদি ৰাজহুৱা কৰি দিলে অলাগতিয়াল বিতর্কৰ পৰা হাত সাৰি থাকিব পাৰি আৰু বঁটাটোৰ প্রতি ৰাইজে পোষণ কৰি অহা সন্মানৰ ভাবটো বেয়া নোহোৱাকৈ থাকে৷ এটা সময়ত পদ্ম বঁটাৰ ক্ষেত্রতো এনেকুৱা হৈছিল, গতিকে তাৰ পিছৰ পৰা অসমবাসীৰ বাবে পদ্ম বঁটাৰ গুৰুত্ব কমি গ’ল৷ মঞ্চৰ প্রতি থকা অৱদানৰ বাবে প্রদান কৰা নটসূর্য বঁটাটো যদি জীৱনত এবাৰ মাত্র ভ্রাম্যমাণৰ মঞ্চত উঠা অভিনেতাক দিয়া হয়, তেনে কামে মানুহজনৰ সন্মান বৃদ্ধিতো নকৰেই, বঁটাটোৰ প্রতি চৰকাৰৰ গুৰুত্ব নথকা কথাটোহে বুজায়৷ অসম চৰকাৰে দিয়া চলচ্চিত্র বঁটাক সন্মানহীন কৰি তুলিবলৈ চৰকাৰে চেষ্টাৰ কার্পণ্য কৰা নাছিল৷ ৰাষ্ট্রীয় বঁটা পালে সেই ছবিৰ সেই দিশকেইটা অসম চৰকাৰে বঁটা প্রদানৰ ক্ষেত্রত বাদ দিয়া কথাটো কাৰ মগজুৰ সৃষ্টি বিচাৰিলে ওলাব নিশ্চয়৷ চৰকাৰৰ বিচাৰক মণ্ডলীত এনেকুৱা মানুহো থাকে, যিয়ে প্রতিযোগিতাত থকা ছবিতো অংশগ্রহণ কৰিছে অথবা তেওঁৰ ভাই–ভতিজাৰ ছবিয়ে প্রতিযোগিতাত অংশগ্রহণ কৰিছে৷ সর্বোপৰি, এই মানপত্রত স্বাক্ষৰ কৰিব লাগে বিভাগীয় উচ্চ বিষয়াই, ৰাজনৈতিকভাৱে জডিত মানুহে নহয়৷ সেই মানুহ দলৰ মানুহ, চৰকাৰৰ নহয়৷ চলচ্চিত্র বঁটা হ’ব লাগে সকলোৱে মান্যতা দি অহা ৰাষ্ট্রীয় বঁটাৰ আর্হিত৷ অসম চৰকাৰৰ বিভাগত বা নিগমত ৰাষ্ট্রীয় বঁটাৰ অভিজ্ঞতা থকা মানুহ নাথাকিব পাৰে, কিন্তু এই বঁটাৰ বিষয়ে জনা মানুহ অসমত বহু আছে৷ ঠিক তেনেদৰে অসম চৰকাৰে দিয়া আন বঁটাৰ বাবে নমিনেচন বিচৰা কামটো পদ্ম বঁটাৰ আর্হিত কৰাই উচিত৷ তেতিয়া সমাজৰ সকলো শ্রেণীৰ লোকে বঁটাৰ বাবে যোগ্য ব্যক্তি নির্বাচনত অংশগ্রহণ কৰিব পাৰিব৷ চৰকাৰে দিয়া বঁটাটো অকল চৰকাৰৰেই বঁটা নহয়, ই ৰাইজৰো বঁটা– এনে বিশ্বাস এটাই বঁটাৰ গুৰুত্ব আৰু মর্যাদা বৃদ্ধি কৰিব৷

You might also like