সুস্থ গণতন্ত্রৰ প্রতি প্রত্যাহ্বান
ক্ষমতা দখলৰ ৰাজনীতিত শাসক–বিৰোধী পক্ষৰ মাজত অভিযোগ–প্রতিভিযোগ নতুন কথা নহয়৷ নির্বাচন আহিলেই এনে অভিযোগক লৈ সততে জাগ্রত হোৱা দেখা যায়৷ নির্বাচনৰ সময়ত দলীয় নেতা–কর্মীসকলৰ মাজত যুদ্ধংদেহি মনোভাবৰ জন্ম দিয়া আৰু জনসমর্থন আদায়ৰ স্বার্থতেই ৰাজনৈতিক নেতাসকলে অভিযোগ–প্রতিভিযোগ ব্যস্ত হয়৷ ৰাজনৈতিক দল এটা যিমানেই শক্তিশালী অথবা জনপ্রিয় নহওক কিয় স্থানীয় নিকায়ৰ পৰা আৰম্ভ কৰি লোকসভাৰ নির্বাচনলৈ কোনেও একমাত্র দলীয় নেতা–কর্মীৰ ভোটেৰে নির্বাচন জিকিব নোৱাৰে৷ নির্বাচনী ৰণৰ বৈতৰণী সফলতাৰে অতিক্রম কৰিবলৈ হ’লে সর্বসাধাৰণ ৰাইজৰ সমর্থন লাগিবই৷ আমাৰ গাঁও অথবা চহৰ অঞ্চলত বসবাস কৰা মধ্যবিত্ত অথবা নিম্ন মধ্যবিত্ত শ্রেণীৰ অধিকাংশ লোকেই ৰাজনৈতিক দলৰ স’তে প্রত্যক্ষভাৱে জড়িত নহয়৷ নির্বাচনত সাধাৰণতে নির্ণায়ক ভূমিকা গ্রহণ কৰে এই শ্রেণীৰ লোকসকলে৷ দুখীয়া লোকসকলে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তর্ভুক্ত হোৱাৰ স্বার্থতে সাধাৰণতে শাসকীয় দলৰ স্থানীয় নেতাৰ জৰিয়তে ৰাজনৈতিক সম্পর্কলৈ আহে৷ মাথোঁ হিতাধিকাৰীৰ তালিকাভিত্তিক ভোটদাতাৰ ওপৰত নির্ভৰ কৰি শাসকীয় দলে নির্বাচনী ৰণ জিকিব নোৱাৰে৷ সেয়া সম্ভৱ হ’লে ভাৰতীয় গণতন্ত্রৰ মূল উদ্দেশ্যক একাষৰীয়া কৰি প্রভাৱশালী ৰাজনৈতিক দলসমূহে ধাৰাবাহিকভাৱে ক্ষমতাত অধিষ্ঠিত হোৱাৰ সুযোগ–সুবিধা লাভ কৰিলেহেঁতেন৷ নির্বাচনী ৰণ জিকাৰ বাবে পৰিৱেশ অনুকূল পৰিস্থিতি সৃষ্টি কৰাৰ ক্ষেত্রত ৰাজনৈতিক দলসমূহৰ নেতা–কর্মীসকলে নির্ণায়ক ভূমিকা গ্রহণ কৰে৷ বিশেষকৈ নির্বাচনী সভা–সমিতি, সমদল আদিৰ জৰিয়তে শক্তি পৰীক্ষা কৰাৰ ক্ষেত্রত দলীয় নেতা–কর্মীসকলে বিশেষ ভূমিকা লৈ আহিছে৷ কিন্তু তৃণমূল পর্যায়ৰ নেতাসকলৰ ভূমিকাৰ ওপৰতো এগৰাকী প্রার্থীৰ জয়–পৰাজয় বহু পৰিমাণে নির্ভৰ কৰে৷ নির্বাচনৰ দিনটোত নিজ ঘৰৰ পৰা দুই–তিনি কিলোমিটাৰ খোজকাঢ়ি গৈ ভোটগ্রহণ কেন্দ্রত শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত ভোটদাতাসকলৰ মনত বহু প্রশ্ণৰ উদয় হয়৷ এইক্ষেত্রত ঘাইকৈ নির্ভয় কৰে ভোটদাতাসকলৰ আশা–আকাংক্ষা পূৰণৰ প্রতি থকা আস্থা আৰু বিশ্বাস৷ এইক্ষেত্রত প্রার্থীগৰাকীৰ জনসম্পর্কও হৈ পৰে উল্লেখনীয়৷ সর্বসাধাৰণ ভোটদাতাৰ অধিকাংশই হয়তো পছন্দৰ প্রার্থীগৰাকীক কোনোদিনে ওচৰৰ পৰা নেদেখাকৈয়ে তেওঁৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰে৷ সেয়ে সর্বসাধাৰণ ৰাইজক বিভিন্ন ধৰণে আকৃষ্ট কৰাৰ বাবে নির্বাচনৰ সময়ত ৰাজনৈতিক দলৰ নেতা–কর্মীসকলে নানা তৰহৰ প্রতিশ্রুতি–প্রলোভন দিয়াটো এক ৰাজনৈতিক পৰম্পৰাত পৰিণত হৈছে৷
গণতন্ত্রক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিবলৈ হ’লে, ৰাইজৰ শাসন প্রকৃতার্থত ৰূপায়ণ কৰিবলৈ হ’লে নির্বাচনক স্বচ্ছ আৰু নিকা কৰিবই লাগিব৷ নির্বাচনৰ সময়ত ধনবল আৰু বাহুবলৰ আধিপত্য প্রতিৰোধৰ বাবে দেশৰ নির্বাচন আয়োগ আৰু ৰাজ্যিক নির্বাচন আয়োগে নিত্য–নতুন কৌশল তথা নীতি–নির্দেশনা জাৰি কৰি আহিছে৷ ৰাজনীতিত যাতে অপৰাধীৰ ৰাজত্ব হ’ব নোৱাৰে তাৰ বাবেও বিশেষ পদক্ষেপ লৈছে নির্বাচন আয়োগে৷ কিন্তু নির্বাচন আয়োগৰ এনে কঠোৰ নীতি–নির্দেশনা সত্ত্বেও ৰাজনীতিত অপৰাধীৰ আগমন, ধনবল–বাহুবলৰ প্রকোপ হ্রাস হোৱা নাই৷ বৰঞ্চ অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত নির্বাচনত অশুভ শক্তিৰ পয়োভৰ বৃদ্ধি হৈছে৷ ৰাজনীতিক অপৰাধীকৰণ আৰু ধনবলৰ প্রকোপ বন্ধ নহ’লে সুস্থ–সবল গণতন্ত্র প্রতিষ্ঠা হ’ব বুলি কোনো কাৰণতে আশা কৰিব নোৱাৰি৷ নির্বাচন আয়োগে নির্ধাৰণ কৰা ব্যয়ৰ আধাৰত এতিয়া কোনো প্রার্থী জয়ী হোৱাৰ পৰিৱেশ নোহোৱা হৈছে৷ প্রধান ৰাজনৈতিক দলসমূহে ধনবল আৰু বাহুবলী প্রার্থীকহে জিকাৰ সম্ভাৱনা থকা বুলি দলীয় প্রার্থিত্ব দিয়াৰ ক্ষেত্রত অগ্রাধিকাৰ দি আহিছে৷ ফলত বিভিন্ন অপৰাধমূলক ঘটনাত জড়িত ধনৱান লোকসকলে নির্বাচনী যুঁজ কলুষিত কৰি আহিছে৷ অপৰাধত জড়িত কোনো লোকে যাতে দলীয় প্রার্থিত্ব লাভ কৰিব নোৱাৰে তাৰ বাবে নির্বাচন আয়োগে প্রথমে প্রধান ৰাজনৈতিক দলসমূহক লেকাম লগাবই লাগিব৷ ইয়াৰ উপৰি নির্বাচনৰ সময়ত যাতে নির্ধাৰিত পুঁজিতকৈ অধিক ব্যয় নকৰে তাৰ বাবেও নির্বাচন আয়োগে চোকা নজৰ দিয়াৰ প্রয়োজন হৈছে৷ যদিহে এইক্ষেত্রত নির্বাচন আয়োগে শীঘ্রে কঠোৰ পদক্ষেপ গ্রহণ নকৰে তেন্তে নীতি–আদর্শৰ ৰাজনীতি আৰু অধিক বিপদাপন্ন হ’ব৷ ধনবল আৰু বাহুবলৰ ৰাজনীতিৰ বাবে জনসেৱাৰ প্রতি দুর্বাৰ হেঁপাহ থকা সত্ত্বেও নির্বাচনী ৰাজনীতিৰ পৰা বহুযোজন দূৰত অৱস্থান কৰিছে একাংশ নীতিনিষ্ঠ ব্যক্তি৷ এখন সুস্থ সবল সমাজ প্রতিষ্ঠা কৰিবলৈ হ’লে বিভিন্ন ক্ষেত্রৰ অভিজ্ঞতাপুষ্ট আৰু নীতিনিষ্ঠ লোকক আমি নির্বাচন কৰিব লাগিব৷ অন্যথা সুস্থ গণতন্ত্র প্রতিষ্ঠাৰ জৰিয়তে জনমুখী সেৱক নির্বাচন কৰাৰ ক্ষেত্রত আমি কোনো পৰিস্থিতিতে সফল হ’ব নোৱাৰিম৷সুস্থ গণতন্ত্রৰ প্রতি প্রত্যাহ্বান
ক্ষমতা দখলৰ ৰাজনীতিত শাসক–বিৰোধী পক্ষৰ মাজত অভিযোগ–প্রতিভিযোগ নতুন কথা নহয়৷ নির্বাচন আহিলেই এনে অভিযোগক লৈ সততে জাগ্রত হোৱা দেখা যায়৷ নির্বাচনৰ সময়ত দলীয় নেতা–কর্মীসকলৰ মাজত যুদ্ধংদেহি মনোভাবৰ জন্ম দিয়া আৰু জনসমর্থন আদায়ৰ স্বার্থতেই ৰাজনৈতিক নেতাসকলে অভিযোগ–প্রতিভিযোগ ব্যস্ত হয়৷ ৰাজনৈতিক দল এটা যিমানেই শক্তিশালী অথবা জনপ্রিয় নহওক কিয় স্থানীয় নিকায়ৰ পৰা আৰম্ভ কৰি লোকসভাৰ নির্বাচনলৈ কোনেও একমাত্র দলীয় নেতা–কর্মীৰ ভোটেৰে নির্বাচন জিকিব নোৱাৰে৷ নির্বাচনী ৰণৰ বৈতৰণী সফলতাৰে অতিক্রম কৰিবলৈ হ’লে সর্বসাধাৰণ ৰাইজৰ সমর্থন লাগিবই৷ আমাৰ গাঁও অথবা চহৰ অঞ্চলত বসবাস কৰা মধ্যবিত্ত অথবা নিম্ন মধ্যবিত্ত শ্রেণীৰ অধিকাংশ লোকেই ৰাজনৈতিক দলৰ স’তে প্রত্যক্ষভাৱে জড়িত নহয়৷ নির্বাচনত সাধাৰণতে নির্ণায়ক ভূমিকা গ্রহণ কৰে এই শ্রেণীৰ লোকসকলে৷ দুখীয়া লোকসকলে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তর্ভুক্ত হোৱাৰ স্বার্থতে সাধাৰণতে শাসকীয় দলৰ স্থানীয় নেতাৰ জৰিয়তে ৰাজনৈতিক সম্পর্কলৈ আহে৷ মাথোঁ হিতাধিকাৰীৰ তালিকাভিত্তিক ভোটদাতাৰ ওপৰত নির্ভৰ কৰি শাসকীয় দলে নির্বাচনী ৰণ জিকিব নোৱাৰে৷ সেয়া সম্ভৱ হ’লে ভাৰতীয় গণতন্ত্রৰ মূল উদ্দেশ্যক একাষৰীয়া কৰি প্রভাৱশালী ৰাজনৈতিক দলসমূহে ধাৰাবাহিকভাৱে ক্ষমতাত অধিষ্ঠিত হোৱাৰ সুযোগ–সুবিধা লাভ কৰিলেহেঁতেন৷ নির্বাচনী ৰণ জিকাৰ বাবে পৰিৱেশ অনুকূল পৰিস্থিতি সৃষ্টি কৰাৰ ক্ষেত্রত ৰাজনৈতিক দলসমূহৰ নেতা–কর্মীসকলে নির্ণায়ক ভূমিকা গ্রহণ কৰে৷ বিশেষকৈ নির্বাচনী সভা–সমিতি, সমদল আদিৰ জৰিয়তে শক্তি পৰীক্ষা কৰাৰ ক্ষেত্রত দলীয় নেতা–কর্মীসকলে বিশেষ ভূমিকা লৈ আহিছে৷ কিন্তু তৃণমূল পর্যায়ৰ নেতাসকলৰ ভূমিকাৰ ওপৰতো এগৰাকী প্রার্থীৰ জয়–পৰাজয় বহু পৰিমাণে নির্ভৰ কৰে৷ নির্বাচনৰ দিনটোত নিজ ঘৰৰ পৰা দুই–তিনি কিলোমিটাৰ খোজকাঢ়ি গৈ ভোটগ্রহণ কেন্দ্রত শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত ভোটদাতাসকলৰ মনত বহু প্রশ্ণৰ উদয় হয়৷ এইক্ষেত্রত ঘাইকৈ নির্ভয় কৰে ভোটদাতাসকলৰ আশা–আকাংক্ষা পূৰণৰ প্রতি থকা আস্থা আৰু বিশ্বাস৷ এইক্ষেত্রত প্রার্থীগৰাকীৰ জনসম্পর্কও হৈ পৰে উল্লেখনীয়৷ সর্বসাধাৰণ ভোটদাতাৰ অধিকাংশই হয়তো পছন্দৰ প্রার্থীগৰাকীক কোনোদিনে ওচৰৰ পৰা নেদেখাকৈয়ে তেওঁৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰে৷ সেয়ে সর্বসাধাৰণ ৰাইজক বিভিন্ন ধৰণে আকৃষ্ট কৰাৰ বাবে নির্বাচনৰ সময়ত ৰাজনৈতিক দলৰ নেতা–কর্মীসকলে নানা তৰহৰ প্রতিশ্রুতি–প্রলোভন দিয়াটো এক ৰাজনৈতিক পৰম্পৰাত পৰিণত হৈছে৷
গণতন্ত্রক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিবলৈ হ’লে, ৰাইজৰ শাসন প্রকৃতার্থত ৰূপায়ণ কৰিবলৈ হ’লে নির্বাচনক স্বচ্ছ আৰু নিকা কৰিবই লাগিব৷ নির্বাচনৰ সময়ত ধনবল আৰু বাহুবলৰ আধিপত্য প্রতিৰোধৰ বাবে দেশৰ নির্বাচন আয়োগ আৰু ৰাজ্যিক নির্বাচন আয়োগে নিত্য–নতুন কৌশল তথা নীতি–নির্দেশনা জাৰি কৰি আহিছে৷ ৰাজনীতিত যাতে অপৰাধীৰ ৰাজত্ব হ’ব নোৱাৰে তাৰ বাবেও বিশেষ পদক্ষেপ লৈছে নির্বাচন আয়োগে৷ কিন্তু নির্বাচন আয়োগৰ এনে কঠোৰ নীতি–নির্দেশনা সত্ত্বেও ৰাজনীতিত অপৰাধীৰ আগমন, ধনবল–বাহুবলৰ প্রকোপ হ্রাস হোৱা নাই৷ বৰঞ্চ অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত নির্বাচনত অশুভ শক্তিৰ পয়োভৰ বৃদ্ধি হৈছে৷ ৰাজনীতিক অপৰাধীকৰণ আৰু ধনবলৰ প্রকোপ বন্ধ নহ’লে সুস্থ–সবল গণতন্ত্র প্রতিষ্ঠা হ’ব বুলি কোনো কাৰণতে আশা কৰিব নোৱাৰি৷ নির্বাচন আয়োগে নির্ধাৰণ কৰা ব্যয়ৰ আধাৰত এতিয়া কোনো প্রার্থী জয়ী হোৱাৰ পৰিৱেশ নোহোৱা হৈছে৷ প্রধান ৰাজনৈতিক দলসমূহে ধনবল আৰু বাহুবলী প্রার্থীকহে জিকাৰ সম্ভাৱনা থকা বুলি দলীয় প্রার্থিত্ব দিয়াৰ ক্ষেত্রত অগ্রাধিকাৰ দি আহিছে৷ ফলত বিভিন্ন অপৰাধমূলক ঘটনাত জড়িত ধনৱান লোকসকলে নির্বাচনী যুঁজ কলুষিত কৰি আহিছে৷ অপৰাধত জড়িত কোনো লোকে যাতে দলীয় প্রার্থিত্ব লাভ কৰিব নোৱাৰে তাৰ বাবে নির্বাচন আয়োগে প্রথমে প্রধান ৰাজনৈতিক দলসমূহক লেকাম লগাবই লাগিব৷ ইয়াৰ উপৰি নির্বাচনৰ সময়ত যাতে নির্ধাৰিত পুঁজিতকৈ অধিক ব্যয় নকৰে তাৰ বাবেও নির্বাচন আয়োগে চোকা নজৰ দিয়াৰ প্রয়োজন হৈছে৷ যদিহে এইক্ষেত্রত নির্বাচন আয়োগে শীঘ্রে কঠোৰ পদক্ষেপ গ্রহণ নকৰে তেন্তে নীতি–আদর্শৰ ৰাজনীতি আৰু অধিক বিপদাপন্ন হ’ব৷ ধনবল আৰু বাহুবলৰ ৰাজনীতিৰ বাবে জনসেৱাৰ প্রতি দুর্বাৰ হেঁপাহ থকা সত্ত্বেও নির্বাচনী ৰাজনীতিৰ পৰা বহুযোজন দূৰত অৱস্থান কৰিছে একাংশ নীতিনিষ্ঠ ব্যক্তি৷ এখন সুস্থ সবল সমাজ প্রতিষ্ঠা কৰিবলৈ হ’লে বিভিন্ন ক্ষেত্রৰ অভিজ্ঞতাপুষ্ট আৰু নীতিনিষ্ঠ লোকক আমি নির্বাচন কৰিব লাগিব৷ অন্যথা সুস্থ গণতন্ত্র প্রতিষ্ঠাৰ জৰিয়তে জনমুখী সেৱক নির্বাচন কৰাৰ ক্ষেত্রত আমি কোনো পৰিস্থিতিতে সফল হ’ব নোৱাৰিম৷