নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীল নক্ষত্র দাসেই নহয়, বহু পৰীক্ষার্থীৰ হৈ পৰীক্ষা দিছিল প্রদীপে

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ  অভিযান্ত্রিক পাঠ্যক্রমৰ গুৱাহাটীত অনুষ্ঠিত সর্বভাৰতীয় প্রৱেশ পৰীক্ষাত (জেইই) ধনৰ বিনিময়ত অৱতীর্ণ হোৱা ভাৰাতীয়া পৰীক্ষার্থী প্রদীপ কুমাৰে বহুকেইজন পৰীক্ষার্থীৰ হৈ পৰীক্ষা দিছিল৷ প্রদীপ কুমাৰ আচলতে এজন পেছাদাৰী পৰীক্ষার্থী৷ ভাৰাতীয়া পৰীক্ষার্থীজনে গুৱাহাটীৰ টাউন টাউনৰ সমীপৱর্তী মথুৰা নগৰৰ বাসিন্দা ডাঃ জ্যোতির্ময় দাসৰ পুত্র নীল নক্ষত্র দাসৰ হৈয়ে নহয়, বহু পৰীক্ষার্থীৰ হৈ পৰীক্ষাত বহাৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষী বিষয়াই৷ আৰক্ষী সূত্রই জনোৱা মতে, ছয় লাখ টকাৰ বিনিময়ত ধৃত প্রদীপ কুমাৰে নীল নক্ষত্র দাসৰ হৈ জেইইৰ অনলাইন পৰীক্ষা দিছিল৷ গুৱাহাটীৰ আমবাৰীস্থিত কনছালটেঞ্চী চেণ্টাৰ গ্লোবেল এডু লাইটৰ স্বত্বাধিকাৰী ভার্গৱ ডেকাই পেছাদাৰী পৰীক্ষার্থী প্রদীপ কুমাৰক নীল নক্ষত্রৰ হৈ জেইইৰ অনলাইন পৰীক্ষা দিয়াৰ বাবে বন্দৱস্ত কৰিছিল৷ ইয়াৰ বাবদ ভার্গৱ ডেকাই পেছাদাৰী পৰীক্ষার্থীজনক ছয় লাখ টকা দিছিল৷ ঝাৰখণ্ডৰ বাসিন্দা প্রদীপ কুমাৰে যোৱা ৪ ছেপ্ঢেম্বৰত গুৱাহাটীত আহি উপস্থিত হৈছিল৷ আৰক্ষী সূত্রটোৱে জনোৱা মতে নতুন দিল্লীৰ পৰা ইঞ্জিনীয়াৰিং ডিগ্রী উত্তীর্ণ হোৱা প্রদীপ কুমাৰে প্রায়ে মহানগৰীখনত থাকিবলৈ লৈছিল আৰু তাত থাকি বিভিন্ন শৈক্ষিক প্রতিষ্ঠানৰ লগত যোগাযোগ কৰি প্রদীপ কুমাৰে বহু পৰীক্ষার্থীৰ হৈ বিভিন্ন পাঠ্যক্রমৰ পৰীক্ষা দিছিল৷ উল্লেখ্য যে গুৱাহাটীৰ বৰঝাৰস্থিত আইকন টাৱাৰস্থিত টাটা কনছালটেঞ্চী ছার্ভিচেছ লিমিটেডৰ (টিচিএছ) পৰীক্ষা কেন্দ্র আই অ’ন ডিজিটেল জ’নত যোৱা ৫ ছেপ্ঢেম্বৰত নীল নক্ষত্র দাসৰ প্রদীপ কুমাৰে জেইইৰ অনলাইন পৰীক্ষা দিছিল৷ ধনৰ বিনিময়ত নীল নক্ষত্র দাসৰ হৈ পৰীক্ষা দিয়া সংক্রান্তত আজাৰা থানাত ৰুজু কৰা ৬২৫/২০২০ নম্বৰ গোচৰত পশ্চিম গুৱাহাটী আৰক্ষীৰ অতিৰিক্ত উপ–আৰক্ষী আয়ুক্ত সুপ্রতিভ বৰুৱাৰ নেতৃত্বত যোৱা তিনিজনীয়া আৰক্ষীৰ দল এটাই প্রদীপ কুমাৰক কালি নতুন দিল্লীৰ বে–চৰাইৰ পৰা গ্রেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আহিছিল৷ ইয়াৰ পাছতে আজাৰা আৰক্ষীয়ে আজি ধৃত প্রদীপ কুমাৰক কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই ১০ দিনৰ আৰক্ষী জিম্মাত বিচাৰি আবেদন জনায়৷ আদালতে পেছাদাৰী পৰীক্ষার্থীজনক ১০ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্রেৰণ কৰে৷ বর্তমান আজাৰা থানাত ৰাখি আৰক্ষীয়ে জেইই কেলেংকাৰি সন্দর্ভত জেৰা অব্যাহত ৰাখিছে৷ জেৰাত প্রদীপ কুমাৰৰ পৰা উক্ত কেলেংকাৰি সন্দর্ভত বহু চাঞ্চল্যকৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি তদন্তকাৰী বিষয়াই আশা কৰিছে৷

You might also like