নাৰীজনিত অপৰাধ
নাৰীৰ প্রতি হোৱা অপৰাধৰ পৰিমাণ হ্রাস কৰি আনি শূন্য কৰি দি পৃথিৱীখন নাৰীৰ বাবেও সুন্দৰ কৰি দিব খোজা সপোনৰ ভাষণ সদায়েই চলি আছে৷ তাৰ মাজতো ৰাষ্ট্রীয় অপৰাধ ৰেকর্ড ব্যুৰ’ৱে দিয়া তথ্য মতে, নাৰীৰ প্রতি হোৱা অপৰাধৰ ক্ষেত্রত অসমে একেবাৰে প্রথম স্থান অধিকাৰ কৰিছে৷ এই স্থান অধিকাৰ এয়া ধাৰাবাহিকভাৱে চতুর্থবাৰৰ বাবে ঘটিছে৷ দ্বিতীয় স্থানত আছে ওড়িশা আৰু তৃতীয় স্থানত দিল্লী৷ এই পৰিসংখ্যাই এটা কথাকে প্রমাণ কৰে যে এই দিশটোৰ পিনে চৰকাৰ আৰু সামাজিক সংগঠনবোৰে যিমান মনোযোগ দিব লাগিছিল, অপৰাধৰ হাৰ কমাবলৈ যিবোৰ কাম কৰিব লাগিছিল, সেইবোৰ বিষয়ত ফল দিব পৰা কাম কোনেও একো কৰা নাই৷ গুৰুত্বপূর্ণ কথাটো হ’ল, অসমৰ অপৰাধৰ এই হাৰ ৰাষ্ট্রীয় হাৰৰ তুলনাত বহু বেছি৷ প্রতি ১,০০,০০০ জনসংখ্যাৰ বিপৰীতে নথিভুক্ত কৰা অপৰাধৰ সংখ্যাৰ তুলনাৰে এহ হাৰ গণনা কৰা হয়৷ সেইবাবেই নাৰীৰ প্রতি কৰা অপৰাধৰ সর্বাধিক ৪৯,৩৮৫টা গোচৰ ৰুজু কৰা ডত্তৰ প্রদেশত এতিয়াও অপৰাধৰ হাৰ হ’ল মাত্র ৪৫.১৷ নাৰীৰ প্রতি হোৱা অপৰাধবোৰৰ এটা লক্ষণীয় দিশ হ’ল যে এই অপৰাধৰ এটা বুজনসংখ্যক সামাজিক স্থানত নহয়, হয় নিজৰ ঘৰৰ ভিতৰত, চিনাকি পৰিৱেশৰ মাজত৷ অসমত পঞ্জীয়ন হোৱা এনে গোচৰৰ মাজত এঘাৰ হাজাৰতকৈও অধিক গোচৰৰ কাৰণ আছিল স্বামী আৰু ঘনিষ্ঠ–আত্মীয়ৰ দ্বাৰা সংঘটিত নিষ্ঠুৰতা৷ অসমত পঞ্জীয়ন কৰা মহিলাৰ বিৰুদ্ধে অপৰাধৰ মুঠ গোচৰৰ ভিতৰত ১১,৪০৮টা স্বামী বা তেওঁৰ আত্মীয়ৰ দ্বাৰা নিষ্ঠুৰতাৰ আছিল৷ এইবোৰ সামাজিক স্থানত হোৱা অপৰাধ নহয়৷ তেনেদৰে শিশুৰ প্রতি কৰা যৌন অপৰাধ, ধর্ষণ, যৌন নির্যাতন আদিৰ দৰে বহু অপৰাধত ভুক্তভোগীজনৰ চিনাকি লোকৰ অংশগ্রহণ থাকে৷ অতি ব্যক্তিগত পৰিসৰৰ মাজত ঘটি থকা এই অপৰাধবোৰক লুকুৱাই ৰখাটো ভালেখিনি সহজ বাবেই এই দিশটোৱেই এই সমস্যাটো অধিক জটিল কৰি তুলিছে৷ আন এটা কথাও ঠিক যে বহু ক্ষেত্রত ভুক্তভোগীয়ে গোচৰ দিয়াৰ সুবিধাও নাপায়৷ সকলো অপৰাধৰ কথা পঞ্জীভুক্ত হোৱা হ’লে অপৰাধৰ পৰিসংখ্যাৰ হাৰ অধিক বৃদ্ধি পালেহেঁতেন বুলি সহজেই ধৰি ল’ব পাৰি৷
গুৱাহাটী মহানগৰীত নাৰী অপৰাধী আৰু নাৰীৰ প্রতি কৰা অপৰাধৰ ইমান বাতৰি সংবাদ মাধ্যমত প্রকাশ পাই থাকে যে গুৱাহাটীতেই এনেধৰণৰ অপৰাধৰ সংখ্যা অধিক যেন লাগে৷ কিন্তু বাস্তৱত পৰিসংখ্যা অনুযায়ী গুৱাহাটীত এনে অপৰাধৰ সংখ্যা আটাইতকৈ কম৷ অধিকাংশ অপৰাধ সংঘটিত হয় গ্রামাঞ্চলত অথবা চৰ অঞ্চলত৷ লকডাউনৰ সময়ত ঘৰত সোমাই থাকিবলগীয়া অৱস্থাই সৃষ্টি কৰা অস্থিৰ মানসিক অৱস্থা আৰু একে সময়তে হোৱা অর্থনৈতিক দুৰৱস্থাও এনে বহু অপৰাধ সংঘটিত হোৱাৰ কাৰণ হিচাপে কিছুমানে ব্যাখ্যা কৰে৷ এই যুক্তি কিছু পৰিমাণে মানি ল’ব পাৰি যদিও ক’ভিডহীন সময়ৰ অৱস্থাৰ কথা এই যুক্তিয়ে সমর্থন নকৰে৷ নাৰীৰ প্রতি অপৰাধ এটা সামাজিক পৰিঘটনা বুলি কৈ বা তাৰ বহু কাল্পনিক বা ৰোমাণ্টিক ভাবধাৰাৰ সমাধান বিচৰাটো সামাজিক বা প্রশাসনিক কর্তব্য হ’ব নোৱাৰে৷ মৃত্যুদণ্ডৰ দৰে শাস্তি দিয়াৰ উদাহৰণ থকাৰ পিছতো তেনে শাস্তিযোগ্য অপৰাধ ঘটিয়েই আছে৷ ধর্ম আৰু ৰাজনৈতিক মতলবত অপৰাধীক বা তেওঁৰ কামক সমর্থন কৰা ধৰণৰ কামো এইখন সমাজত চলিয়েই থাকিব৷ তাৰ পিছতো কিন্তু চৰকাৰৰ দায়িত্ব আছে এই অপৰাধৰ পৰিমাণ নিয়ন্ত্রণ কৰা৷ এটা কথা ঠিক যে অপৰাধ বিষয়ত পুলিচে গুৰুত্ব দিয়াৰ ক্ষেত্রত গ্রামাঞ্চল আৰু নগৰীয়া অঞ্চলৰ মাজত এক গুৰুত্বপূর্ণ বিভাজন আছে৷ এই দিশটোত সমতা অনাৰ প্রয়োজন আছে৷ অকল শাস্তি ব্যৱস্থাৰে অপৰাধ নিয়ন্ত্রণ কৰিব নোৱাৰি৷ ইয়াৰ বাবে প্রয়োজন হ’ব এক বৃহৎ সজাগতা অভিযানৰ৷ নাৰীৰ প্রতি কৰা অপৰাধৰ সংখ্যাৰে অসম এনে এক অৱস্থাত উপনীত হৈছে যে ই খুব দ্রুতগতিত সকলোৰে বাৱে ভয়াৱহ হৈ উঠিব৷ সমাজ বা চৰকাৰে এতিয়াও ইয়াক গভীৰভাৱে লোৱা যেন ভাব নহয়৷ এই প্রসংগত এটা বৃহৎ জনজাগৰণ সম্ভৱ কৰি তুলিব পাৰিব চৰকাৰ অথবা ৰাজনৈতিক দলেহে৷ বিধানসভাত এখন আসন লাভ কৰিবলৈ দলসমূহে যিদৰে পৰিকল্পনা আৰু কষ্ট কৰে, ঠিক তেনে ধৰণৰ আয়োজনহে এই সজাগতা সৃষ্টিৰ বাবে সঠিক হ’ব৷