নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱৰ শিক্ষা, হাগ্রামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যৎ

উপ–নির্বাচনৰ ফলাফল ৰাইজে দেখা পালে৷ প্রত্যেকেই নিজৰ ধৰণে এই ফলাফল বিশ্লেষণ কৰিব৷ সেয়া স্বাভাৱিক৷ কিন্তু এই ফলাফলৰ পিছত মোৰ জানিবলৈ আগ্রহ হৈছে– হাগ্রামা মহিলাৰীৰ দৃষ্টিভংগী কি এই ফলাফলক লৈ? কিয়নো নিজৰ হাতৰ পৰা আৰু এখন আসন ওলাই গ’ল৷ প্রয়াত মাজেন্দ্র নার্জাৰী ক্রমাগত চতুর্থবাৰলৈ বিপিএফ প্রার্থী হিচাপে গোসাঁইগাঁও সমষ্টিত বিজয়ী হৈছিল৷ নার্জাৰীৰ আকস্মিক মৃত্যুৰ বাবে সমষ্টিটোত উপ–নির্বাচন হ’ল, আৰু এই নির্বাচনৰ পৰিণতি আজি বিপিএফৰ প্রতিকূলে৷ কিয় এনে হ’ল গোসাঁইগাঁৱত? কোনো প্রত্যাহ্বানেই জনাব নোৱাৰিলে হাগ্রামা মহিলাৰীৰ দলে৷ অথচ ছমাহ আগলৈ সমষ্টিটোৰ জনতাই হাগ্রামা মহিলাৰীক সংগ দিছিল৷ পৰিষদীয় শাসনৰ পৰা বিতাডিত হোৱাৰ পিছতো সমষ্টিটো নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছিল হাগ্রামা মহিলাৰীয়ে৷ অর্থাৎ বিটিচিৰ পৰিষদীয় নির্বাচনৰ প্রায় ৪ মাহ পিছত অনুষ্ঠিত হৈছিল বিধানসভা নির্বাচন৷ এই নির্বাচনত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰু কোকৰাঝাৰ পশ্চিম– এই দুয়োটা সমষ্টিয়েই নিজৰ দখলত ৰাখিবলৈকে সক্ষম হৈছিল বিপিএফ৷ সেই নির্বাচনত আছিল বিজেপি মিত্রজোঁটৰ সপক্ষে প্রবল ঢ়ৌ আৰু বিপিএফৰ বিৰুদ্ধে প্রচণ্ড প্রত্যাহ্বান৷ তাৰ পিছতো সমষ্টি দুটা বিপিএফৰ হাততে ৰৈ গৈছিল৷ কিন্তু এইবাৰ? বিজয়ী হোৱাতো দূৰৈৰে কথা, তৃতীয় স্থানলৈহে অৱনমিত হ’ল বিপিএফ৷ এই হতাশজনক পৰিণতিৰ পিছত কেৱল উপ–নির্বাচনত শাসকপক্ষ জিকাৰ সুযোগ থাকেই, জিকেই– এই সৰল যুক্তি দিয়েই পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিবনে হাগ্রামা মহিলাৰী আৰু তেওঁৰ দলে? হাগ্রামা মহিলাৰীৰ ব্যাখ্যা যিয়েই নহওক কিয়, মূল কথা এইটোহে– আহি থকা দিনত বিটিআৰ ৰাজনীতিৰ বাবে গোসাঁইগাঁৱৰ পৰাজয় হাগ্রামা মহিলাৰী তথা বিপিএফৰ বাবে অশনি সংকেত৷ প্রথমে পৰিষদ হেৰুৱালে, তাৰ পিছত বিধানসভা নির্বাচনত সামগ্রিকভাৱে দলৰ প্রায় হতাশজনক প্রদর্শন, আৰু এতিয়া গোসাঁইগাঁও সমষ্টিটোও উপ–নির্বাচনৰ পৰিণতিত নিজৰ হাতৰ পৰা ওলাই গ’ল৷ ঠিক আছে, বুজি পালোঁ যে উপ–নির্বাচনত শাসকীয় পক্ষ জিকেই৷ কিন্তু বুজি নাপালোঁ– সমষ্টিবাসীয়ে যে তৃতীয় স্থানলৈ ঠেলি পঠিয়ালে বিপিএফক? কথাটো এনেকুৱা নেকি, পৰিষদীয় শাসন হেৰুৱাই দিক্বিদিক নেদেখা হৈ পৰা বিপিএফপ্রধান হাগ্রামা মহিলাৰীৰ শেহতীয়া ৰাজনৈতিক আচৰণত হতাশাগ্রস্ত হৈ পৰিছে তেওঁৰ দলৰ প্রতি আস্থাশীল বিটিআৰৰ জনতা? হাগ্রামা মহিলাৰীৰ পৰিৱর্তে প্রমোদ বডোক লৈ বেছি আশ্বস্ত অঞ্চলৰ ৰাইজ, মূলতঃ বডো ভোটাৰ? সঠিক পর্যালোচনাই নিশ্চয় এইবোৰ সন্দেহ বা প্রশ্ণ নিৰসণ কৰিব৷ এইটোও ঠিক হাগ্রামা মহিলাৰীৰ ৰাজনৈতিক পৰিপক্বতা, বিচক্ষণতা আৰু দূৰদৃষ্টিৰ ওপৰতে নির্ভৰ কৰিব তেওঁ আৰু তেওঁৰ দল বিপিএফৰ ৰাজনৈতিক ভৱিষ্যৎ৷ প্রশ্ণ হয়– বিজেপিৰ দৰে সাংগঠিক দিশত অতি শক্তিশালী তথা শাসনৰ গাদীত থকা দলটোৱে বিপিএফক শক্তিশালী হৈ থকাটো বিচাৰিবনে? বিটিআৰত মিত্রশক্তিUPPLৰ সমান্তৰালকৈ বিপিএফকো শক্তিশালী হৈ থাকিব দিবনে বিজেপিয়ে? দুটা সমান্তৰাল স্থানীয় শক্তিৰে মোকাবিলা কৰিবলৈ স্বাচ্ছন্দ্য অনুভৱ কৰিবনে বিজেপিয়ে? এনেবোৰ প্রশ্ন বা সন্দেহৰ বাবেই এই কথা ধাৰণা কৰিবলৈ অসুবিধা নহয় যে কৌশলগত কাৰণতেই বিটিআৰত বিপিএফ নিশকতীয়া হৈ পৰাটো বিচাৰিব বিজেপিয়ে৷ নতুবা, পৃথক ৰাজনৈতিক অস্তিত্ব বর্তাই ৰখাৰ পৰিৱর্তে বিজেপিত বিলীন Political Merge) হৈ যোৱাটোৱে বিচাৰিব শাসনাধিষ্ঠিত বিজেপিয়ে৷ হয়তো এইবোৰ কাৰণতে সন্মানজনক এক বিকল্প পথৰ সন্ধান কৰাৰ অৱকাশ বিচাৰিব হাগ্রামা মহিলাৰীয়ে৷ কাৰণ আমি পাহৰিলে নহ’ব, পৰিষদীয় নির্বাচনলৈ আৰু ৪ বছৰ আছে বাকী৷ একে সময় আছে বিধানসভা নির্বাচনলৈকো৷ লোকসভা নির্বাচনৰ কথা সাংঘাতিক কিবা চিন্তা কৰি লাভ নাই বিটিআৰকেন্দ্রিক দল এটাই৷ ক্ষমতাৰ বাহিৰত থাকি এটা স্থানীয় পর্যায়ৰ দল এটাক দীঘলীয়া সময়ৰ বাবে সংগঠিত ৰূপত একত্রিত কৰি ৰখাটো হাগ্রামা মহিলাৰীৰ দৰে এজন নেতাৰ বাবে বৰ সম্ভৱ হ’ব ধাৰণা নহয়৷ কিয়নো শাসনৰ পৰা বিতাডিত হোৱা তথা বিজেপিয়ে সংগ এৰি দিয়াৰ পিছতে বিপিএফৰ মাজত ভাঙোনমুখী এক পৰিস্থিতিৰ সৃষ্টি হৈছেই৷ নির্বাচিত পাৰিষদে দল এৰিছে, ইজনৰ পিছত সিজন নেতাই হাগ্রামা মহিলাৰীৰ সংগ এৰিছে, আনকি দুই–এক বিধায়কেও বিজেপি গমনৰ চিন্তা–চর্চা কৰি থকাৰ কথাও বৰ নতুন কথা হৈ থকা নাই৷ আনহাতে, উপ–নির্বাচন ঘোষণাৰ সমসাময়িকভাৱে হাগ্রামা মহিলাৰী আৰু তেওঁৰ দলৰ বিধায়কসকলে সন্মিলিতভাৱে মুখ্যমন্ত্রীৰ সৈতে মিলিত হোৱাৰ কথাও এই প্রসংগতে উল্লেখযোগ্য৷ কেৱল মুখ্যমন্ত্রীয়ে নহয়, বিজেপিৰ নেতা–বিশেষৰ সৈতে হাগ্রামা মহিলাৰীৰ বৈঠকৰ কথাও উনুকিয়াব পাৰি৷ এই অৱস্থাত গোসাঁইগাঁৱে দিয়া শিক্ষাই নিজৰ ৰাজনৈতিক চিন্তা–চর্চা সলনি কৰাৰ ক্ষেত্রত হাগ্রামা মহিলাৰীৰ বাবে টার্নিং পইণ্ট হৈ উঠিব পাৰে, সেই ধাৰণা কৰাত নিশ্চয় অসুবিধা নাই৷

-ৰঞ্জন লাল শর্মা
লেখক এন ডি–২৪ৰ জ্যেষ্ঠ সহযোগী সম্পাদক
ফোন : ৯৮৬৪১–৫৩০২৩

You might also like