সম্পাদকীয় : স্মার্টফোন আৰু অৱনমিত মানসিকতা
স্মার্টফোন আৰু সামাজিক মাধ্যমৰ প্রতি আসক্তি বর্তমান সময়ৰ বহু শিশু–কিশোৰৰ বাবে ঘাতক হিচাপে পৰিণত হৈছে৷ এদিন পূর্বে অসমতে মাত্র এটা ম’বাহল ফোনক কেন্দ্র কৰি দুহ ভাতৃৰ মাজত কন্দল আৰু পৰিণতিত ১৯ বছৰীয়া জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে ১৩ বছৰীয়া কনিষ্ঠ ভাতৃক৷ পূর্বেও স্মার্টফোনৰ ভয়াৱহ প্রভাৱ বিভিন্ন ঘটনাহ প্রমাণ কৰি গৈছে৷ বিভিন্ন অভিজ্ঞতাভিত্তিক অধ্যয়নৰ প্রমাণে স্মার্টফোন আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ লগে লগে মানসিক সমস্যা বৃদ্ধি হোৱাৰ হংগিত দিয়ে৷ ম’বাহলৰ বাবে ভাতৃ বা আত্মীয়ৰ প্রতি হিংসা প্রদর্শন কৰাটোও অত্যধিক ম’বাহল ব্যৱহাৰৰ এটা কাৰণ হ’ব পাৰে৷ গৱেষণাত দেখা গৈছে যে যুৱপ্রজন্মৰ মাজত আত্মহনন বৃদ্ধিৰ কাৰণো ম’বাহল আসক্তি আৰু সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰ৷ সামাজিক মাধ্যমে একোজন কিশোৰৰ নিজৰ প্রতি ভংগীমা সলনি কৰাৰ লগতে সামাজিক তুলনা আৰু নেতিবাচক ভাব বিনিময়ৰ জৰিয়তে আন্ত–ব্যক্তিগত সম্পর্কসমূহো বেয়া কৰে৷ চাহবাৰ বুলিং হয়াৰ অন্যতম ডদাহৰণ৷ অহৰহ ম’বাহল ব্যৱহাৰ কৰা কিশোৰৰ নিদ্রাত ব্যাঘাত জন্মে আৰু বোধশক্তিক নিয়ন্ত্রণৰ ক্ষমতা কমি যায়৷ প্রভাৱ পৰে শিক্ষা জীৱনতো৷ হতাশা, ডদ্বিগ্ণতাহ মন ভাৰাক্রান্ত কৰে আৰু নেতিবাচক চিন্তাহ কিশোৰসকলৰ কোমল মন বেৰি ধৰে৷ অহৰহ ম’বাহলত ব্যস্ত থকা শিশু–কিশোৰ–যুৱক সামাজিকভাৱে বিচ্ছিন্ন হৈ পৰে৷ সামাজিকভাৱে বিচ্ছিন্ন হোৱাৰ বাবে বাস্তৱ পৃথিৱীৰ আৱেগ–নুভূতিৰ লগত তেওঁলোকৰ চিনাকি নোহোৱা হৈছে৷ মানৱীয় সম্পর্কবোৰো তেওঁলোকৰ বাবে অবান্তৰ হৈ পৰিছে৷ আচৰিতভাৱে ম’বাহলৰ সৈতে বিচ্ছিন্ন থাকিলেহে তেওঁলোকে বিৰক্তি অনুভৱ কৰে আৰু ফলত বিভিন্ন হিংসাত্মক চিন্তাহ মনত স্থান লাভ কৰে৷ সম্পর্কবোৰৰ মূল্যও তেওঁলোকৰ বাবে তুচ্ছ হৈ পৰে৷ জীৱনতকৈও কোনো কোনো সময়ত ম’বাহল অধিক গুৰুত্বপূর্ণ হৈ পৰে৷ অসমৰ ম’বাহল ফোনৰ বাবে হোৱা হত্যাৰ ঘটনাটোৰ ক্ষেত্রতো এনে কিছুমান কাৰকেহ জগৰীয়া৷
শেহতীয়াকৈ সমগ্র বিশ্বতে ম’বাহল আসক্তিৰ বাবে মানসিক স্বাস্থ্য বিঘ্ণিত হোৱা কিশোৰ–কিশোৰীৰ সংখ্যা বৃদ্ধি হৈছে৷ সকলোতকৈ ভয়াৱহ কথাটো হ’ল যে মানসিক অসুস্থতাৰ লক্ষণবোৰ সূক্ষ্ম ৰূপত নিৰীক্ষণ নকৰিলে চকুত নপৰে৷ চীনৰ স্মার্টফোন নির্মাতা ভিভোৱে ঘোষণা কৰিছে যে মানৱিক সম্পর্ক আৰু স্মার্টফোন ব্যৱহাৰকাৰীৰ ওপৰত প্রভাৱ সম্পর্কে চি এম আৰৰ সৈতে কৰা গৱেষণাত শিশুৰ ব্যৱহাৰক যথেষ্ট নেতিবাচক ৰূপত ম’বাহলে প্রভাৱিত কৰে বুলি প্রমাণিত হৈছে৷ আনকি অভিভাৱকে অত্যধিক ম’বাহল ব্যৱহাৰ কৰাৰ ফলত তেওঁলোকৰ সন্তানসকলৰ সৈতে সম্পর্কৰ অৱনতি ঘটে আৰু সন্তান ডচ্ছৃংখল হৈ পৰে৷ ডচ্ছৃংখল সন্তানে স্বাভাৱিকতে নেতিবাচক কর্মৰ প্রতি আকর্ষিত হয়৷ বস্তুবাদী মানসিকতা গঢ় দিয়াৰ ক্ষেত্রতো ম’বাহলৰ অত্যধিক ব্যহাৰৰ প্রভাৱ আছে বুলি প্রমাণ হৈছে৷ ম’বাহলৰ হতিবাচক প্রভাৱৰ কথা দোহৰাৰ প্রয়োজন নাহ৷ কিন্তু হয়াৰ অত্যধিক ব্যৱহাৰে এনেদৰে একাংশৰ সমগ্র সত্তা প্রভাৱিত কৰিছে যে ড্রাগ্ছ সেৱনকাৰীৰ দৰেহ অদ্ভুত আচৰণ কৰি তেওঁলোকে নিজৰ চাৰিওকাষৰ মানুহকো এক অশান্তিকৰ পৰিস্থিতিলৈ লৈ যায়৷ মানসিক সমস্যাৰ লগতে শাৰীৰিক সমস্যা তেওঁলোকৰ প্রতিদিনৰ সংগী হৈ পৰে৷ কেৱল ম’বাহলত ব্যস্ত থকাৰ বাবে শাৰীৰিক কার্যক্ষমতা হ্রাস হয় আৰু বিভিন্ন ভয়াৱহ ৰোগে শৰীৰত বাহ লয়৷ শিশু–কিশোৰে প্রকৃতি আৰু অধ্যয়নৰ মাজত সময় কটোৱাৰ অভ্যাসে তেওঁলোকৰ মানুহ হোৱাৰ পথ সুগম কৰে৷ ম’বাহলৰ আসক্তিৰ পৰা শিশু–কিশোৰক মুক্ত কৰাৰ বাবে বিভিন্ন সজাগতামূলক কার্যসূচী গ্রহণ কৰাৰ প্রয়োজন আছে৷ অভিজ্ঞ লোকৰ কাডন্সেলিঙে এহক্ষেত্রত সহায় কৰিব পাৰে৷ শিশু–কিশোৰ দেশৰ ভৱিষ্যৎ৷ তেনে ক্ষেত্রত ম’বাহলৰ বাবেহ হত্যাৰ দৰে জঘন্য কাণ্ডত লিপ্ত হোৱাৰ মানসিকতা সমাজৰ বাবে অশনি সংকেত৷