ট্রাম্পক লৈ পুনৰ বিতর্ক
ৰাষ্ট্রপতিৰ দায়িত্বত থকা সময়ত প্রতিটো দিনেই বিতর্কৰ সৃষ্টি কৰিছিল ড’নাল্ড ট্রাম্পে৷ আমেৰিকাৰ দৰে প্রবল পৰাক্রমী আৰু সমৃদ্ধিশালী দেশখনৰ ৰাষ্ট্রপতি হিচাপে নির্বাচিত হোৱাৰ পাছত প্রতিদিনেই বিক্ষোভ আৰু আন্দোলনৰ সন্মুখীন হৈছিল ট্রাম্প৷ আমেৰিকাৰ ইতিহাসত ট্রাম্পৰ দৰে বিতর্কিত ৰাষ্ট্র নেতা নাই৷ আনকি ট্রাম্পক লৈ আমেৰিকাবাসীয়ে বিভিন্ন সময়ত বিশ্বৰ সন্মুখত লজ্জানত হ’বলগীয়া হৈছিল৷ ৰাজনীতিত কোনোধৰণৰ বিচক্ষণতা নথকা ট্রাম্পে অবিবেচকী মন্তব্যৰে দেশখনৰ গৰিষ্ঠসংখ্যক লোকক ক্ষুব্ধ কৰি তুলিছিল৷ পৰৱর্তী নির্বাচনত পৰাভূত হৈ ট্রাম্পে হোৱাইট হাউছ ত্যাগ কৰিবলগীয়া হয় যদিও তাতো সৃষ্টি হয় বিতর্ক৷ জ’ বাইডেনৰ ক্ষমতাত আৰোহণৰ পূর্বে ৰাষ্ট্রপতিৰ পদ এৰি দিবলৈ অস্বীকাৰ কৰিছিল ৰিপাব্লিকান নেতাগৰাকীয়ে৷ আনকি ট্রাম্পৰ উচটনিতে কেপিটেল হিলত সৃষ্টি হৈছিল সংঘর্ষ৷ আমেৰিকাত ট্রাম্পৰ বাহিৰে কোনো নেতাৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন হোৱা নাই৷ ব্যক্তিগত জীৱনতো ট্রাম্প বহু বিতর্কৰ সৈতে জড়িত হৈ আছে৷ যৌন কেলেংকাৰিৰ গোচৰৰ পৰা আৰম্ভ কৰি কেপিটেল হিলৰ সংঘর্ষলৈকে কেইবাটাও গোচৰ চলি আছে ট্রাম্পৰ বিৰুদ্ধে৷ আনকি প্রাক্তন প্রেয়সী পর্ণতাৰকা ষ্ট’মী ডেনিয়েলছক শাৰীৰিক সম্পর্কৰ কথা গোপন কৰিবলৈ অধিবক্তাৰ জৰিয়তে ধন দিছিল বুলি গুৰুতৰ অভিযোগ উঠিছে ট্রাম্পৰ বিৰুদ্ধে৷ ডেনিয়েলছৰ এই গোচৰত ইতিমধ্যে ট্রাম্পক অভিযুক্ত কৰা হৈছে৷ এনে অভিযোগ, বিতর্কৰ বাবে আমেৰিকাৰ সংবাদ মাধ্যমতো ক্ষমতাত নথকা সত্ত্বেও ট্রাম্প শিৰোনামত আছে৷ শেহতীয়াকৈ ট্রাম্পক লৈ যি অভিযোগ উঠিছে সেয়া অতি ভয়ংকৰ৷ ৰাষ্ট্রপতি হৈ থকা সময়ত ট্রাম্পে আমেৰিকাৰ বহু চৰকাৰী গোপন নথি ঘৰলৈ লৈ গৈছিল৷ যিবোৰ অতি গোপনীয় আৰু দেশখনৰ নিৰাপত্তাৰ ক্ষেত্রত স্পর্শকাতৰ হিচাবে চিহ্ণিত৷ বিশ্বৰ সর্বশক্তিমান দেশ হিচাবে চিহ্ণিত আমেৰিকাৰ আছে বৃহৎ পাৰমাণৱিক অস্ত্র ভাণ্ডাৰ৷ সামৰিক বিশ্লেষকসকলৰ মতে ৰাছিয়া, চীন আদি বহু দেশক সকীয়নি দি সদায় আমেৰিকাই সাজু কৰি ৰাখিছে ইণ্টাৰকণ্টিনেণ্টল বেলিষ্টিক মিছাইল বা আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র৷
পৰমাণু অস্ত্রৰ সকলো নথি ট্রাম্পে ৰাষ্ট্রপতিৰ দায়িত্বত থকাৰ সময়ত নিজৰ হাতলৈ আনে৷ এই নথি শেহতীয়াকৈ উদ্ধাৰ হৈছে ট্রাম্পৰ বাসগৃহৰ স্নানাগাৰত৷ পৰমাণু অস্ত্রৰ নথিৰ উপৰি আমেৰিকাই বিভিন্ন সময়ত বিশ্বৰ বহু দেশৰ বিৰুদ্ধে প্রস্তুত কৰা যুদ্ধৰ ব্লুপ্রিণ্টো ট্রাম্পৰ হাতত পৰিছিল৷ এই নথিবোৰ ৰাষ্ট্রপতি হিচাবে চৰকাৰী কার্যালয়ত সুৰক্ষিত কৰি ৰাখিব লাগিছিল যদিও হোৱাইট হাউছ ত্যাগ কৰাৰ পূর্বেই সেইবোৰ ট্রাম্পে নিজৰ ফ্লাৰিডাস্থিত মাৰ–এ–লাগোৰ ৰিজ’টৰ স্নানাগাৰত আনি মজুদ কৰে৷ শেহতীয়াকৈ মার্কিন বিচাৰ বিভাগৰ ৪৯ পৃষ্ঠাৰ চার্জশ্বীটত এই দাবী কৰা হৈছে৷ মুঠ ১৩ হাজাৰ গোপন নথি হোৱাইট হাউছৰ পৰা নি ট্রাম্পে নিজৰ বাসগৃহত ৰাখিছিল বুলি এই চার্জশ্বীটত অভিযোগ কৰা হৈছে৷ আমেৰিকাৰ প্রেছিডেন্সিয়েল ৰেকর্ডছ এক্ট অনুসৰি ৰাষ্ট্রপতি পদৰ ম্যাদ উকলি যোৱাৰ পাছত কোনো নেতাই চৰকাৰী নথি ব্যক্তিগত জিম্মাত ৰাখিব নোৱাৰে৷ ১৯৭৪ চনত ৰাষ্ট্রপতি পদ ত্যাগ কৰাৰ পাছত ৰিচার্ড নিক্সনে বহু নথি নষ্ট কৰি পেলোৱাৰ চেষ্টা চলাইছিল৷ এনে ঘটনাৰ পুনৰাবৃত্তি নঘটিবলৈ ১৯৮৮ চনত আইন প্রণয়ন কৰে মার্কিন কংগ্রেছে৷ এই আইন থকাৰ পাছতো ট্রাম্পে কেনেদৰে ব্যক্তিগত বাসগৃহত অতি স্পর্শকাতৰ গোপন নথিসমূহ নি মজুত কৰিলে সেয়া আশ্চর্যৰ বিষয়৷ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে আমেৰিকাৰ পৰমাণু অস্ত্র, যুদ্ধৰ প্রস্তুতি সম্পর্কীয় নথিবিলাকো ট্রাম্পে নীতি উলংঘা কৰি নিজৰ বাসগৃহত মজুত কৰিছিল৷ এই ঘটনাই এতিয়া আমেৰিকাৰ সামৰিক বিশেষজ্ঞসকলৰ চকু কপালত তুলিছে৷ কাৰণ পৰমাণু অস্ত্র সম্পর্কীয় গোপন নথি সেনাৰ শীর্ষ বিষয়াসকল আৰু ৰাষ্ট্রপতিৰ বাহিৰে অন্যৰ বাবে সদায় গোপনীয় বিষয়৷ ট্রাম্পে হোৱাইট হাউছৰ পৰা এই নথি নিজৰ বাসগৃহলৈ নি সেই গোপনীয়তাক উলংঘা কৰিলে৷ গতিকে আমেৰিকাৰ নিৰাপত্তাৰ বিষয়টোক লৈও অৱতাৰণা হৈছে প্রশ্ণ৷ এনে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো ট্রাম্প কিন্তু নির্বিকাৰ৷