নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইন শান্তি সন্মিলন

ইউক্রেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ দুবছৰ অতিক্রম কৰাৰ পিছতো পৰিস্থিতি অস্থিৰ হৈয়েই আছে৷ যুদ্ধ বন্ধ কৰাৰ বাবে বিভিন্ন মহলে দাবী জনাই আহিছে যদিও ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ইউক্রেইনৰ বিৰুদ্ধে আগ্রাসন অব্যাহত ৰাখিছে৷ আমেৰিকা তথা ইউৰোপৰ ‘নাটো’ দেশসমূহৰ অর্থ তথা অস্ত্র সাহায্যত বলিয়ান হৈ ইউক্রেইনেও ৰাছিয়াৰ বিৰুদ্ধে বিগত সময়ছোৱাত প্রত্যাক্রমণ চলাই আহিছে৷ তথাপি বাৰে বাৰে ইউক্রেইনত সৃষ্টি হৈছে অস্ত্র সংকট৷ ৰাছিয়াৰ বৃহৎ সামৰিক শক্তিৰ বিৰুদ্ধে ধাৰাবাহিক যুদ্ধ চলাই থকাটো ইউক্রেইনৰ বাবে কষ্টকৰ হৈ পৰিছে৷ ইয়াৰ মাজতেই পাশ্চাত্যৰ দেশসমূহৰ উদ্যোগত ছুইজাৰলেণ্ডত অলপতে অনুষ্ঠিত হয় ইউক্রেইন শান্তি সন্মিলন৷ এই শান্তি সন্মিলনত বিশ্বৰ ৯০খন দেশৰ প্রতিনিধি তথা বহু আন্তর্জাতিক সংগঠনে সহমত পোষণ কৰে৷ অৱশ্যে সন্মিলনত গ্রহণ কৰা যৌথ ঘোষণা–পত্রত সকলো প্রতিনিধিয়ে স্বাক্ষৰ কৰাৰ ক্ষেত্রত ঐকমত্য পোষণ নকৰিলে৷ ভাৰত, ছৌদি আৰব, দক্ষিণ আফ্রিকাসহ কেইবাখনো দেশ এই ঘোষণা–পত্রত স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকে৷ ইয়াৰ মূল কাৰণ হৈছে ইউৰোপ আৰু আমেৰিকাই ৰাছিয়াৰ বৃহৎ পৰিমাণৰ ধন বাজেয়াপ্ত কৰি থৈছে৷ এই বৃহৎ পৰিমাণৰ ধনৰাশিৰ পৰাই ৫ হাজাৰ কোটি ডলাৰ ইউক্রেইনলৈ সাহায্য হিচাপে আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে আমেৰিকা আৰু ইউৰোপে৷ এই বিষয়টোত বিৰোধ কৰিছে ভাৰতসহ কেইবাখনো দেশে৷ কাৰণ, শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ হ’লে ৰাছিয়া আৰু ইউক্রেইনৰ সৈতে মধুৰ সম্পর্ক ৰক্ষা কৰি উমৈহতীয়া পদক্ষেপ গ্রহণ কৰিব লাগিব, যাক উভয় পক্ষই সদিচ্ছাৰে গ্রহণ কৰে৷ কিন্তু আমেৰিকা আৰু নাটো দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে চাপ সৃষ্টি কৰাৰ পৰিকল্পনা গ্রহণ কৰে এই শান্তি সন্মিলনত৷ পৰিণতিত শান্তি সন্মিলন অনুষ্ঠিত হ’ল যদিও, ইয়াত যৌথ ঘোষণা–পত্র প্রস্তুত কৰা হ’ল যদিও বাস্তৱিকতে ইয়ে কোনোধৰণৰ প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে৷ অর্থাৎ ইউক্রেইনৰ বিৰুদ্ধে চলি থকা আগ্রাসন প্রতিৰোধ কৰাৰ ক্ষেত্রত এই শান্তি সন্মিলনে কোনো পথ মুকলি কৰিব নোৱাৰিলে৷
লক্ষণীয় বিষয়টো হৈছে- শান্তি সন্মিলনখনত অংশগ্রহণৰ পৰা বিৰত থাকে চীন৷ চীনৰ এই অৱস্থানক লৈ নাটো দেশসমূহত সৃষ্টি হৈছে নতুন আতংক৷ কাৰণ, ইউক্রেইন যুদ্ধত ৰাছিয়াক চীনে সমর্থন কৰা বুলি নাটো গোষ্ঠীয়ে প্রত্যক্ষ অভিযোগ আনিছে৷ পূর্বৰে পৰা অতি কৌশলপূর্ণ অৱস্থান গ্রহণ কৰি অহা চীনে ৰাছিয়াৰ সৈতে বন্ধুত্ব ৰক্ষা কৰি ইউক্রেইন যুদ্ধৰ অৱসানৰ নতুন পথ বিচাৰি আছে৷ ইয়াৰ মাজতে ৰাছিয়াক ইউক্রেইনৰ বিৰুদ্ধে সামৰিক আগ্রাসনত সমর্থন জনাইছে কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াই৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে, ছুইজাৰলেণ্ডৰ শান্তি সন্মিলনৰ অৱসানৰ পিছতেই উত্তৰ কোৰিয়াত দুদিনীয়া ভ্রমণসূচী লৈ উপস্থিত হৈছে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷ ৰাষ্ট্রপতি পুটিনৰ ২৪ বছৰ পিছত উত্তৰ কোৰিয়াত পদার্পণে নতুন বার্তা দিছে ইউক্রেইন যুদ্ধলৈ৷ আমেৰিকা আৰু ইউৰোপে অভিযোগ কৰিছে যে এই ভ্রমণৰ সময়ত উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনৰ সৈতে অস্ত্র চুক্তিত স্বাক্ষৰ কৰিব পুটিনে৷ অৱশ্যে আন্তর্জাতিক সংবাদ মাধ্যমে দুয়োগৰাকী ৰাষ্ট্র নেতাৰ বৈঠক সন্দর্ভত কোনোধৰণৰ তথ্য সদৰী কৰিবলৈ সক্ষম হোৱা নাই৷ তথাপি, উত্তৰ কোৰিয়াত থকা কিমৰ অস্ত্র ভাণ্ডাৰ পৰিদর্শন কৰা বুলি ৰুছ ৰাষ্ট্রপটি পুটিনক লৈ বিভিন্ন সংবাদ মাধ্যমে প্রতিবেদন প্রকাশ কৰিছে৷ অকল উত্তৰ কোৰিয়াই নহয়, এই ভ্রমণসূচীৰ সময়ত আন এখন কমিউনিষ্ট ৰাষ্ট্র ভিয়েটনামকো সামৰি লৈছে ৰুছ ৰাষ্ট্রপতি পুটিনে৷ পুটিনৰ এই ভ্রমণে নাটো বাহিনীৰ মাজত নতুন আতংক সৃষ্টি কৰিছে৷ নাটো সদস্য দেশসমূহে ঘোষণা কৰিছে যে পুটিনৰ এই ভ্রমণে ইউক্রেইন যুদ্ধক অধিক ভয়াৱহ তথা জটিল কৰি তুলিব৷ কাৰণ, উত্তৰ কোৰিয়াৰ পৰা অস্ত্র লৈ এইবাৰ পূর্ণ শক্তিৰে যুদ্ধত অৱতীর্ণ হ’ব ৰুছ বাহিনী৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে, ইউক্রেইন যুদ্ধৰ অৱসান ঘটাবলৈ ছুইজাৰলেণ্ডৰ শান্তি সন্মিলনৰ পূর্বেই এলানি চর্ত আৰোপ কৰিছিল পুটিনে৷ এই চর্ত অনুসৰি, ইউক্রেইনৰ ৰুছ দখলীকৃত চাৰিটা অঞ্চলত ইউক্রেইনে নিজৰ অধিকাৰ নাই বুলি ক’ব লাগিব আৰু ভৱিষ্যতে নাটোৰ সদস্য হোৱাৰ বাবে চেষ্টা নচলায় বুলি প্রতিশ্রুতি দিব লাগিব৷ তেতিয়া হ’লে শীঘ্রে যুদ্ধ বন্ধ কৰা হ’ব বুলি পুটিনে ঘোষণা কৰে৷ ইয়াৰ পিছত পুটিনৰ কৌশল নাটো গোষ্ঠীৰ বাবে স্পষ্ট হৈ পৰিছে যে ৰাছিয়াক সৈমান কৰাৰ বাবে এতিয়া কোনোধৰণৰ শান্তি সন্মিলন অর্থপূর্ণ নহয়৷

You might also like