সম্পাদকীয় : বাংলাদেশক লৈ উদ্বিগ্ন ৰাষ্ট্রসংঘ
শ্বেখ হাছিনাৰ পতনৰ পাছত বাংলাদেশ অস্থিৰ হৈ আছে৷ ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত দেশখনত অন্তর্ৱর্তী চৰকাৰ গঠন হৈছে যদিও শান্তি আৰু সুস্থিৰতা ঘূৰি অহা নাই৷ বৰঞ্চ সংখ্যালঘু লোকসকলৰ ওপৰত পাইকাৰী হাৰত আক্রমণ চলিছে দেশখনত৷ ইফালে, দেশখনৰ স্বাধীনতাৰ খনিকৰ শ্বেখ মুজিবুৰ ৰহমানৰ সকলো স্মাৰক ধ্বংস কৰাত নামি পৰিছে দেশখনৰ তথাকথিত ‘বিপ্লৱী’ ছাত্রসকল৷ ইতিমধ্যে ঢ়াকাস্থিত মুজিবুৰ ৰহমানৰ বাসগৃহ ধ্বংস কৰা হৈছে৷ দেশখনৰ বিভিন্ন স্থানত থকা স্বাধীনতা সংগ্রামী মুজিবুৰ ৰহমানৰ প্রতিমূর্তিবোৰ ভাঙি পেলোৱা হৈছে৷ অকল সেয়াই নহয়, বাংলাদেশৰ স্বাধীনতাৰ সংগ্রামৰ সকলো স্মাৰক মচি পেলোৱাৰ তৎপৰতা চলাইছে মৌলবাদী শক্তি আৰু অন্তর্ৱর্তী চৰকাৰে৷ ইয়াৰ মাজতে চয়তান বুলি অভিহিত কৰি আৱামী লীগৰ নেতা–কর্মীসকলক গ্রেপ্তাৰ কৰি আছে আৰক্ষীয়ে৷ লক্ষণীয়ভাৱে বাংলাদেশত এতিয়া চৰম নৈৰাজ্য চলি আছে৷ ইয়াৰ মাজতে এইবাৰ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা সন্দেহ কৰা হৈছে যে ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ চৰকাৰৰ আমোলত মানৱতাবিৰোধী কার্যকলাপ সংঘটিত হৈছিল বাংলাদেশত৷ প্রধানমন্ত্রী হাছিনাৰ চৰকাৰৰ আমোলত যোৱাবছৰৰ জুলাই–আগষ্ট মাহত চলা সংৰক্ষণবিৰোধী আন্দোলনৰ সময়ত চৰকাৰৰ নির্দেশতে পৰিকল্পিত বিচাৰ বহির্ভূত হত্যাকাণ্ড সংঘটিত কৰা হৈছিল৷ ৰাষ্ট্রসংঘৰ প্রতিবেদনত উল্লেখ পোৱা অনুসৰি হাছিনা চৰকাৰৰ নির্দেশত মানৱতাবিৰোধী কাম–কাজ সংঘটিত হৈছিল বাংলাদেশত৷ অর্থাৎ চৰকাৰৰ অন্যায় আৰু অনীতিৰ বাবেই ছাত্র আন্দোলনে প্রবল ৰূপ ধাৰণ কৰিছিল৷ এই আন্দোলনৰ ফলতেই হাছিনা চৰকাৰৰ পতন ঘটে৷ হাছিনাৰ পতনৰ পাছত বাংলাদেশৰ পৰিস্থিতি অধ্যয়ন কৰিবলৈ গৈছিল ৰাষ্ট্রসংঘৰ এটি বিশেষজ্ঞ দলে৷ এই দলটোৱে সংৰক্ষণবিৰোধী আন্দোলনত প্রত্যক্ষদর্শী আৰু নির্যাতিত লোকসকলৰ সৈতে মত বিনিময় কৰি বিভিন্ন শিহৰণকাৰী তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশেষজ্ঞসকলৰ মতে হাছিনা চৰকাৰৰ দমনমূলক নীতিয়ে বহু লোকক আক্রান্ত কৰিছিল৷ চৰকাৰৰ নির্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল নিৰীহ বাংলাদেশী নাগৰিকসকল৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা হাছিনা চৰকাৰৰ নির্যাতনৰ কথা প্রতিবেদনত উল্লেখ কৰাৰ উপৰি ইয়াৰ পৰৱর্তী সময়ত দেশখনত সংঘটিত পৰিস্থিতি সন্দর্ভত উদ্বেগ প্রকাশ কৰা হৈছে৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ প্রতিবেদনত উল্লেখ কৰা হৈছে যে হাছিনা চৰকাৰৰ আমোলত ছাত্র আন্দোলনৰ পূর্বে শ শ লোকক নির্বিচাৰভাৱে হত্যা কৰা হৈছিল৷ পৰৱর্তী সময়ত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে৷
মহম্মদ ইউনুছৰ অন্তর্ৱর্তী চৰকাৰৰ আমোলত সংখ্যালঘু লোকসকল অধিক আক্রমণৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ইয়াৰ উপৰি আৱামী লীগৰ নেতা–কর্মীসকলক আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা হৈছে৷ এনে পৰিস্থিতিত বাংলাদেশলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাটো জটিল হৈ পৰিছে বুলি ৰাষ্ট্রসংঘৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে৷ হাছিনাৰ পৰৱর্তী বাংলাদেশত শান্তি আৰু ৰাজনৈতিক স্বচ্ছতা ওভতাই আনিবলৈ পাঁচদফীয়া সংস্কাৰত পৰামর্শ আগবঢ়াইছে ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগ৷ বাংলাদেশৰ বর্তমান পৰিস্থিতিক লৈ ৰাষ্ট্রসংঘৰ প্রতিনিধি গভীৰ উদ্বেগ প্রকাশ কৰি এই পাঁচদফীয়া সংস্কাৰৰ পদক্ষেপ গ্রহণ কৰিবলৈ অনুৰোধ জনাইছে৷ ইয়াৰ ভিতৰত আছে বিচাৰ বহির্ভূত হত্যাকাণ্ড, অপহৰণ, নির্যাতনসহ অপৰাধৰ তদন্ত তথা বিচাৰৰ বাবে কার্যকৰ, স্বচ্ছ, নিৰপেক্ষ আৰু উমৈহতীয়া প্রক্রিয়া নিশ্চিত কৰা৷ এই অপৰাধ যাৰ নির্দেশত সংঘটিত হৈছে বাংলাদেশৰ আইন আৰু আন্তর্জাতিক বিধি অনুসৰি তেওঁলোকৰ বিচাৰ নিশ্চিত কৰিব লাগিব৷ ইয়াৰ উপৰি ভুক্তভোগীসকলৰ বাবে ন্যায় বিচাৰ আৰু ক্ষতিপূৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাষ্ট্রসংঘই আহ্বান জনাইছে৷ মানৱ অধিকাৰ লংঘনৰ ঘটনা বন্ধ কৰিবলৈ সম্পূর্ণ আৰক্ষী বিধিক সংৰক্ষণৰো পৰামর্শ আগবঢ়াইছে বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে৷ মানৱ অধিকাৰ সম্পর্কীয় আন্তর্জাতিক বিধি আৰু মাপকাঠীৰ সৈতে সংগতি ৰাখি এই সংশোধন ঘটোৱাৰ অনুৰোধ জনোৱা হৈছে৷ সেইদৰে আন্তর্জাতিক মানৰ সৈতে সংগতি ৰাখি মানৱ অধিকাৰ নিশ্চিত কৰাৰ পৰামর্শও আগবঢ়োৱা হৈছে৷ বিতর্কিত অপৰাধ আইনবোৰ সংশোধন কৰাৰ পৰামর্শ আগবঢ়াইছে সংস্থাটোৱে৷ হিংসা আৰু বিদ্বেষৰ মুখৰ পৰা বাংলাদেশক মুক্ত কৰিবলৈ স্বচ্ছ আৰু নিৰপেক্ষ নির্বাচন পদ্ধতিৰ প্রয়োজন বুলিও বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ কোনো ৰাজনৈতিক দলক নিষিদ্ধ ঘোষণা কৰা উচিত নহয় বুলিও পৰামর্শ আগবঢ়াইছে সংস্থাটোৱে৷ ইফালে ৰাজনৈতিক আৰু প্রশাসনিক সংস্কাৰৰ লগতে হাছিনা–পৰৱর্তী বাংলাদেশত আর্থিক সুশাসন ওভতাই অনাৰ বাবে সকলো ইতিবাচক পদক্ষেপ অন্তর্ৱর্তী চৰকাৰক গ্রহণ কৰিবলৈ পৰামর্শ আগবঢ়োৱা হৈছে৷ কিন্তু ৰাষ্ট্রসংঘৰ এই পৰামর্শক মহম্মদ ইউনুছৰ চৰকাৰে কেনে ধৰণৰ গুৰুত্ব প্রদান কৰে সেয়া লক্ষণীয় হ’ব৷