নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশান্ত বাংলাদেশ

হিংসাৰ জুইত জ্বলি আছে বাংলাদেশ৷ শ্বেইখ হাছিনাই প্রধানমন্ত্রীৰ পদ ত্যাগ কৰি ভাৰতলৈ পলায়ন কৰিলেও শান্ত হোৱা নাই দেশখনৰ পৰিস্থিতি৷ চৌদিশে মাথোঁ অৰাজক অৱস্থা৷ অবাধ ৰক্তপাত চলি আছে ৰাজধানী ঢাকাসহ কেইবাখনো চহৰত৷ এক অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে প্রায় ১৮ কোটি জনসংখ্যাৰ দেশখন৷ উত্তাল জনৰোষ আৰু গণবিক্ষোভৰ বাবে অসহায় অৱস্থাত পদত্যাগ কৰি দেশ এৰিবলগীয়া হৈছে শ্বেইখ হাছিনাই৷ ইয়াৰ লগে লগে অৱসান ঘটিছে হাছিনাৰ নেতৃত্বত আৱামী লীগৰ প্রায় ১৬ বছৰীয়া শাসনৰ৷ ভাৰতৰ সহায়ৰ বাবে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত মুক্তিযুদ্ধত জয়ী হৈ স্বাধীন বাংলাদেশৰ আত্মপ্রকাশ ঘটিছিল ১৯৭১ চনত৷ কিন্তু ১৯৭৫ চনত নিজৰ বাসভৱনতে আততায়ীৰ আক্রমণত সপৰিয়ালে নিহত হৈছিল বাংলাদেশৰ জনক মুজিবুৰ ৰহমান৷ সেই সময়ত মুজিবুৰ ৰহমানৰ কন্যা শ্বেইখ হাছিনা আৰু ৰেহানা বিদেশত থকা বাবে দুয়োগৰাকীৰ প্রাণৰক্ষা পৰিছিল৷ স্বাধীনতা লাভৰ মাত্র চাৰি বছৰ পিছতে দেশখনৰ মুক্তিযুদ্ধৰ নেতা এনেদৰে আততায়ীৰ আক্রমণত নিহত হোৱা ঘটনাৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছিল যে মুক্তিযুদ্ধৰ চেতনাবিৰোধী শক্তি আৰু স্বাধীনতাৰ শত্রুবোৰ সদায় সক্রিয় হৈ আছিল৷ এনে অপশক্তিক সদায় সহায় কৰি আহিছে মৌলবাদী সংগঠনসমূহে৷ বাৰে বাৰে বাংলাদেশৰ ধর্ম নিৰপেক্ষ আৰু গণতান্ত্রিক বিকাশৰ পথত বাধাৰ সৃষ্টি কৰি আহিছে মৌলবাদী শক্তিয়ে৷ চাবলৈ গ’লে গণতান্ত্রিক পথেৰে নির্বাচনৰ জৰিয়তে চৰকাৰ গঠন কৰাৰ সুস্থিৰ পৰিৱেশ দেশখনত নাছিলে৷ কেতিয়াবা যদি সেনাৰ চৰকাৰ হৈছে, কেতিয়াবা আকৌ মৌলবাদী স্বৈৰাচাৰীসকলৰ চৰকাৰ গঠন হৈছে দেশখনত৷ ইয়াৰ ফলত সাধাৰণ মানুহৰ অসন্তোষ আৰু অভ্যুত্থানত বাৰে বাৰে পতন হৈছে চৰকাৰ৷ দীর্ঘ অস্থিৰতাৰ পাছত ২০০৯ চনত নির্বাচনৰ জৰিয়তে শ্বেইখ হাছিনাৰ নেতৃত্বত গঠন হয় আৱামী লীগৰ চৰকাৰ৷ বিগত ১৫ বছৰত বাংলাদেশত আর্থ–সামাজিক বিকাশৰ নতুন যুগৰ সূচনা হয়৷ কিন্তু ইয়াৰ মাজতো স্বৈৰাচাৰী প্রৱণতা চৰকাৰৰ তৰফৰ পৰাই আৰম্ভ হয়৷ যি হাছিনাই দেশখনত গণতন্ত্রৰ এক পৰিৱেশ সৃষ্টি কৰিছিল, পৰৱর্তী সময়ত সেই একেগৰাকী নেত্রীয়েই দমনমূলক নীতি গ্রহণ কৰিবলৈ ধৰে৷ ইয়াৰ ফলত হাছিনা চৰকাৰৰ আমোলত দেশজুৰি জনতাৰ বিক্ষোভ বৃদ্ধি পায়৷
শেহতীয়া অস্থিৰতাৰ সূত্রপাত ঘটিছিল যোৱা মাহৰ আৰম্ভণিতেই৷ চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ বিচাৰি ছাত্র আৰু যুৱ সমাজে বিক্ষোভ আৰম্ভ কৰে৷ আৰম্ভণিতে বিক্ষোভ শান্তিপূর্ণ আছিল যদিও হাছিনা চৰকাৰে ইয়াক কঠোৰ হাতেৰে দমনৰ চেষ্টা চলায়৷ আনকি আৱামী লীগৰ কর্মী–সমর্থকসকলক প্রতিবাদকাৰীৰ বিৰুদ্ধে সংঘর্ষত লিপ্ত হ’বলৈ চৰকাৰৰ তৰফৰ পৰাই প্রেৰণা যোগোৱা হয়৷ ইয়াৰ ফলত বিক্ষোভে নতুন মাত্রা লাভ কৰে৷ ইয়াৰ সুযোগ গ্রহণ কৰে মৌলবাদী জামাত–ই–ইছলামিকে ধৰি কেইবাটাও কট্টৰ ইছলামিক গোটে৷ গতিকে, আন্দোলন ৰক্তক্ষয়ী সংঘর্ষত পৰিণত হয়৷ এই আন্দোলনে এনে হিংস্র ৰূপ ধাৰণ কৰে যে প্রতিবাদকাৰীয়ে এফালৰ পৰা চৰকাৰী প্রতিষ্ঠান তথা আৱামী লীগৰ মন্ত্রী–সাংসদৰ বাসগৃহ জ্বলাই দিবলৈ ধৰে৷ আনকি হাছিনাৰ চৰকাৰী বাসগৃহ ‘গণভৱন’–ও হিংসাৰ পৰা সাৰি নগ’ল৷ হাছিনাই ভগ্ণী ৰেহানাৰ সৈতে কথমপি প্রাণ লৈ ভাৰতলৈ পলায়ন কৰে যদিও ইয়াৰ পাছতো দেশখনত চলি থাকিল নির্বিচাৰ হত্যা, লুণ্ঠন তথা অগ্ণিসংযোগৰ ঘটনা৷ হিংসাৰ জুই ইমানেই বিয়পি পৰিছে যদিও আৱমী লীগৰ নেতাৰ হোটেলত অগ্ণিসংযোগ কৰি জীৱন্তে জ্বলোৱা হৈছে ২৪গৰাকী লোকক৷ আন্দোলনৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে নিহত লোকৰ সংখ্যাই ৪৫০ অতিক্রম কৰিছে৷ আহত হৈছে কেইবাহাজাৰো লোক৷ ইয়াৰ মাজতে সেনাই এখন অন্তর্ৱর্তী চৰকাৰ গঠনৰ কুচকাৱাজ চলাইছে৷ চর্চালৈ আহিছে দেশখনৰ ন’বেল বঁটা বিজয়ী অর্থনীতিবিদ মহম্মদ ইউনুছৰ নাম৷ গঠন হ’বলগীয়া অন্তর্ৱর্তী চৰকাৰৰ মুৰব্বী হ’ব পাৰে ইউনুছ৷ ইফালে, বাংলাদেশৰ এনে পৰিস্থিতিয়ে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিছে৷ ইতিমধ্যে হিন্দু ধর্মাৱলম্বী লোকসকলৰ বাসগৃহ আৰু মন্দিৰত আক্রমণ চলোৱা হৈছে৷ ভাৰতে দেশখনত আবদ্ধ হৈ থকা ১৯ হাজাৰ নাগৰিকক গৃহভূমিলৈ ওভতাই আনিবলৈ তৎপৰতা আৰম্ভ কৰিছে৷ পৰিস্থিতি এতিয়াই শান্ত হ’ব বুলি ক’ব নোৱাৰি৷ বৰঞ্চ ভাৰতৰ প্রতিৱেশী দেশখনৰ ভৱিষ্যৎ অধিক অনিশ্চয়তাৰ ফালে গতি কৰিলে৷ এই মুহূর্তত সাধাৰণ জনতাই মৌলবাদী শক্তিৰ উত্থানত বাধাৰ সৃষ্টি কৰাৰ লগতে গণতান্ত্রিক পৰিৱেশ ওভতাই আনিবলৈ ঐক্যবদ্ধ হ’ব লাগিব৷

You might also like