জলসংকট
বিশ্বজুৰি জলসংকট গভীৰৰ পৰা গভীৰতম হৈ উঠিছে৷ প্রাকৃতিকভাৱে মানৱ জাতিয়ে লাভ কৰা জলৰ উৎসসমূহৰ দ্রুতগতিত বিনাশ হৈ থকাৰ সমান্তৰালকৈ জলবায়ু পৰিৱর্তনৰ বাবেও পৃথিৱীত পানীৰ নাটনি এক ভয়াৱহ সমস্যাৰূপে থিয় দিছে৷ পানীৰ নাটনি অথবা জলসংকটে বিশ্বজুৰি মানৱ জাতিৰ স্বাস্থ্য আৰু বিকাশৰ প্রতি ভাবুকি নমাই আনিছে৷ প্রাকৃতিকভাৱে সৃষ্ট জলৰ ভাণ্ডাৰ বিনাশ হোৱা, মানৱসৃষ্ট কাৰকৰ বাবে জলভাণ্ডাৰসমূহ প্রদূষিত হোৱাৰ পৰিণতিত মানুহৰ বাবে ব্যৱহূত বিশুদ্ধ পানীৰ পৰিমাণ হ্রাস পাইছে৷ কার্যতঃ মানুহৰ বাবে ব্যৱহূত বিশুদ্ধ পানীৰ সংকটে গা কৰি উঠিছে৷ জলবায়ু পৰিৱর্তনে জলসংকটৰ সমস্যাটোক অধিক ভয়াৱহ কৰি তুলিছে৷ পৃথিৱীত প্রাকৃতিকভাৱে সৃষ্ট নদ–নদী, হ্রদ, জলাশয় আদিৰ বিনাশ হৈছে৷ প্রত্যক্ষভাৱে এই জলভাণ্ডাৰসমূহৰ পানী মানুহে ব্যৱহাৰ নকৰে যদিও বিশুদ্ধিকৰণ প্রক্রিয়াৰ জৰিয়তে এই জলভাণ্ডাৰৰ পানী ব্যৱহাৰ কৰে৷ আনপিনে ভূ–জলৰ পৰিমাণ দ্রুতগতিত হ্রাস পাই অহাৰ বাবেও জলসংকট গুৰুতৰ হৈ উঠিছে৷ মানুহে আধুনিকীকৰণৰ পৰিপ্রেক্ষিতত ভূ–জলৰ ব্যৱহাৰ অতিমাত্রা কৰিবলৈ লোৱাৰ পৰিপ্রেক্ষিতত ভূ–জলৰ ভাণ্ডাৰো হ্রাস পাইছে৷ আনপিনে মানৱসৃষ্ট কাৰকৰ বাবে প্রদূষিত পানীসমূহ ভূ–গর্ভত প্রৱেশ কৰি ভূ–জলৰ স্তৰ প্রদূষিত কৰিছে৷ এনে ভয়াৱহ কাৰণত বিশ্বৰ প্রান্তে প্রান্তে ভূ–জল ব্যৱহাৰৰ ক্ষেত্রতো জটিলতা আহি পৰিছে৷ আমি বাস কৰা পৃথিৱীখনৰ তিনিভাগেই পানী যদিও মানৱ জাতিৰ বাবে ব্যৱহাৰৰ পানী অতি নূ্যনতম৷ শতকৰা হিচাপত অতি কম পৰিমাণৰ পানী ব্যৱহাৰৰ উপযোগী হয়৷ এই উপযোগী পানীৰ ভিতৰত ৭০ শতাংশই কৃষিক্ষেত্রত ব্যৱহূত হয় আৰু বাকী ৩০ শতাংশৰ ভিতৰত ঔদ্যোগিক ক্ষেত্রত ১৯ শতাংশ আৰু ঘৰুৱা কার্যত ব্যৱহাৰ হয় ১১ শতাংশ৷ এই ১১ শতাংশৰ ভিতৰত খোৱাপানীও অন্তর্ভুক্ত হৈ আছে৷ পৃথিৱীত বিশুদ্ধ পানীৰ পৰিমাণ অর্থাৎ ব্যৱহাৰ উপযোগী পানীৰ পৰিমাণৰ ইমানেই নাটনি হৈছে যে মুঠ জনসংখ্যাৰ ৩০ শতাংশতকৈ অধিক লোকে পর্যাপ্ত বিশুদ্ধ পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে৷ তথ্য মতে ২০০ কোটিতকৈ অধিক লোকে পর্যাপ্ত বিশুদ্ধ পানীৰ অভাৱত ভোগে৷ দেশসমূহে প্রাকৃতিকভাৱে সৃষ্ট জলভাণ্ডাৰৰ ওপৰত অতিমাত্রা হেঁচা প্রয়োগ কৰি আহিছে৷ আন্তঃগাঁথনি নির্মাণৰ লগতে জনসংখ্যা বৃদ্ধিয়ে জলসংকট গুৰুতৰ কৰি তুলিছে৷ গ্রামাঞ্চলৰ তুলনাত চহৰাঞ্চলত জলসংকট বেছি৷
বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো জলসংকট ক্রমে গভীৰ সমস্যা হিচাপে চিহ্ণিত হৈছে৷ পৰিস্থিতি ক্রমান্বয়ে জটিলৰ পৰা জটিলতৰ হৈ উঠিছে৷ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত ভাৰতৰ জনমূৰি বার্ষিক পানীৰ উপলব্ধতা দ্রুত গতিত নিম্নগামী হৈছে৷ তথ্য মতে ১৯৪৭ চনত জনমূৰি বার্ষিক পানীৰ উপলব্ধতা ৬০৪২ প্রতি ঘনমিটাৰ আছিল৷ কিন্তু ২০২১ চনত এই উপলব্ধতা ১৪৮৬ প্রতি ঘনমিটাৰলৈ নিম্নগামী হৈছে৷ এই তথ্যই এটা কথা স্পষ্ট কৰি দিছে যে দেশত পানীৰ নাটনি বৃদ্ধি পাইছে৷ জনমূৰি বার্ষিক পানীৰ উপলব্ধতা চাহিদা অনুপাতে নাই৷ জলপৃষ্ঠৰ পানী প্রদূষিত হৈ থকাৰ সমান্তৰালকৈ ভূ–জল হ্রাস পোৱাৰ পৰিণতিয়েই দেশৰ জলসংকটৰ অন্যতম কাৰক৷ প্রাকৃতিকভাৱে সৃষ্ট পুখুৰী, নদী, হ্রদ, জলাশয়, আর্দ্রভূমি আদি শুকাই গৈছে৷ ঠায়ে ঠায়ে এনে জলভাণ্ডাৰসমূহত বেদখল হৈছে৷ উন্নয়নৰ নামত নদ–নদী, হ্রদ, বিল, খাল আদিৰ ওপৰত নেতিবাচক প্রভাৱ পৰিছে৷ দেশৰ জলভাণ্ডাৰসমূহ বেদখলৰ কবলত পৰাত পানীৰ প্রাকৃতিক উৎসসমূহত বাধাৰ সৃষ্টি হৈছে৷ জলবায়ু পৰিৱর্তনৰ ফলত বৰষুণৰ ভাৰসাম্যহীনতাই পাৰিপার্শ্বিকতাৰ ওপৰত নেতিবাচক প্রভাৱ পেলোৱাত জল উৎসসমূহ ক্ষতিৰ সন্মুখীন হৈছে৷ মন কৰিবলগীয়া যে মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত সেউজগৃহ গেছ বিশেষকৈ কার্বন–ডাই–অক্সাইডৰ্ মাত্রা বৃদ্ধিয়ে গোলকীয় উষ্ণতা বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে জলবায়ু পৰিৱর্তনে ভাৰতকে ধৰি বিশ্বৰ দেশসমূহত অভাৱনীয় বান আৰু খৰাঙকে ধৰি অনেক প্রাকৃতিক দুর্যোগৰ সৃষ্টি হৈছে৷ প্রাকৃতিকভাৱে সৃষ্ট জলভাণ্ডাৰসমূহ বর্তাই ৰাখিবলৈ দেশসমূহে ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ ইতিমধ্যে ৰাষ্ট্রসংঘৰ উদ্যোগত বিশ্বজুৰি জলসংকটৰ সমস্যাটোৰে মোকাবিলা কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্রহণ কৰা হৈছে৷ প্রাকৃতিক জলভাণ্ডাৰসমূহ যিবোৰ কাৰণত বিনাশৰ দিশে আগবাঢ়িছে সেই কাৰণবোৰ নিয়ন্ত্রণৰ প্রয়োজনীয়তাক গুৰুত্ব দিয়া হৈছে৷ জলসংকটৰ গভীৰ সমস্যাটোৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্বৰ সকলো দেশে আন্তৰিকতাৰে আগবাঢ়ি আহিব লাগিব৷ জলসংকটৰ পৰা মুক্ত হ’বলৈ দেশীয় চৰকাৰৰ পদক্ষেপক সকলো নাগৰিকে সহযোগ কৰিব লাগিব৷ অন্যথা জলসংকটে মানৱ জাতিৰ বাবে ভয়াৱহতা কঢ়িয়াই আনিব৷