নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাৰ যুদ্ধবিৰতি সম্ভৱ হ’বনে !

যুদ্ধভূমি গাজা ক্রমান্বয়ে নিৰীহৰ বধ্যভূমিত পৰিণত হৈছে৷ বিশ্বৰ বিভিন্ন দেশৰ প্রতিক্রিয়া সত্ত্বেও হামাছক উৎখাত কৰাৰ লক্ষ্যৰে ইজৰাইলে আৰম্ভ কৰা এই যুদ্ধ অব্যাহত আছে৷ আনকি ইউৰোপীয় সংঘকে ধৰি বিশ্বৰ বিভিন্ন সংগঠন তথা আৰব দেশসমূহে শীঘ্রে পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন হামাছৰ সৈতে ইজৰাইলক যুদ্ধবিৰতিৰ বাবে সন্মত হ’বলৈ দাবী জনাই আছে যদিও ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে হামাছক উৎখাত নকৰালৈকে এই যুদ্ধৰ অন্ত পেলোৱা নহ’ব বুলি ঘোষণা কৰিছে৷ ইফালে, আমেৰিকাই নিৰীহ লোকৰ মৃত্যুত উদ্বেগ প্রকাশ কৰিছে যদিও যুদ্ধবিৰতিৰ সুযোগ হামাছে গ্রহণ কৰিব পাৰে বুলি যুক্তি দর্শাই যুদ্ধ অব্যাহত থকাৰ পক্ষত মতপোষণ কৰিছে৷ আমেৰিকাৰ এই দ্বৈত স্থিতিক লৈ ক্ষোভৰ উদ্গীৰণ ঘটিছে আৰব বিশ্বত৷ আৰব দেশসমূহে আমেৰিকাৰ এনে স্থিতিৰ ফলত পেলেষ্টাইনী শিশু–মহিলাসকলক নৃশংসভাৱে হত্যা কৰাৰ অনুমতি ইজৰাইলী সেনাই লাভ কৰা বুলি অভিযোগ কৰিছে৷ স্মর্তব্য যে যোৱা ৭ অক্টোবৰত হামাছে ইজৰাইলত নৃশংস আক্রমণ চলোৱাৰ পাছতে ইজৰাইলে গাজা ভূখণ্ডত হামাছৰ ঘাটি উৎখাত কৰাৰ সংকল্প গ্রহণ কৰে৷ তাৎক্ষণিকভাৱে গাজাৰ ওপৰত বোমাবর্ষণ আৰম্ভ কৰে ইজৰাইলে৷ আনকি গাজাক সম্পূর্ণৰূপে হামাছমুক্ত কৰাৰ সংকল্প গ্রহণ কৰি স্থলপথেৰেও অভিযান আৰম্ভ কৰে ইজৰাইলী সেনাই৷ হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ অভিযানক হিংস্র বুলি অভিহিত কৰিছে বিভিন্ন দেশে৷ কাৰণ সন্ত্রাসবাদী সংগঠন হামাছৰ সমান্তৰালকৈ নিৰীহ লোক আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে এই যুদ্ধত৷ লক্ষণীয়ভাৱে বিভিন্ন দেশৰ প্রতিক্রিয়া আৰু মানৱ অধিকাৰ সংগঠনসমূহৰ সমালোচনা সত্ত্বেও ইজৰাইলী সেনাই গাজা ভূখণ্ডত হাস্পতালসমূহত বোমাবর্ষণ কৰিছে৷ হাস্পতালত থকা চিকিৎসকসকলক শীঘ্রে হাস্পতাল খালী কৰি দিয়াৰ নির্দেশ দিয়া হৈছে৷ বন্ধ হৈ পৰিছে হাস্পতালসমূহলৈ দৰব–পাতিৰ যোগান৷ ইয়াৰ উপৰি পানী তথা বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হৈছে৷ লগে লগে এক নৰকসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্র গাজাত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি এই যুদ্ধৰ মাজতে ৫০ সহস্রাধিক অন্তঃসত্ত্বা পেলেষ্টাইনী মহিলাৰ জীৱনলৈ নামি আহিছে ভাবুকি৷ এই মহিলাসকলৰ পাঁচ সহস্রাধিকে নৱেম্বৰ মাহতে সন্তান জন্ম দিব৷ বোমা আৰু ক্ষেপণাস্ত্রৰ আঘাতত গাজাত এটাৰ পাছত এটাকৈ প্রাসাদ বিধ্বস্ত হোৱাৰ দৃশ্য প্রত্যক্ষ কৰিবলগীয়া হৈছে এই মহিলাসকলে৷ কিন্তু ইজৰাইলে এই দিশবোৰত গুৰুত্ব প্রদান কৰা নাই৷ পৰিণতিত পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷
শেহতীয়াকৈ আৰব দেশসমূহে যুদ্ধ বন্ধ কৰিবলৈ আমেৰিকাৰ ওপৰত চাপ সৃষ্টি কৰিছে যদিও আমেৰিকা এইক্ষেত্রত ব্যর্থ হৈছে৷ শেহতীয়াকৈ আমেৰিকাৰ বিদেশ সচিব এণ্টনী ব্লিংকেনে পশ্চিম এছিয়াৰ দেশসমূহৰ শীর্ষ নেতাসকলৰ সৈতে আলোচনা চলাই আছে যদিও সমস্যাৰ সমাধান সূত্র উলিয়াব পৰা নাই৷ জর্ডান, ইজিপ্ত, ইৰান, ছৌদি আৰব আদি দেশে শীঘ্রে যুদ্ধ বন্ধ কৰাৰ বাবে দাবী জনাইছে৷ আমেৰিকাক ইজৰাইলৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ দাবী জনাইছে এই দেশসমূহে৷ কিন্তু আমেৰিকাৰ ভূমিকা এইক্ষেত্রত সন্দেহজনক বুলি উল্লেখ কৰিছে কেইবাখনো আৰব ৰাষ্ট্রই৷ ইয়াৰ মাজতে ইজৰাইলৰ বিৰুদ্ধে প্রত্যক্ষ ভাবুকি আহি পৰিছে লেবাননৰ সন্ত্রাসবাদী সংগঠন হিজবুল্লা আৰু ইৰানৰ পৰা৷ হিজবুল্লাই ইতিমধ্যে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধৰ বাবে সাজু হোৱা বুলি ঘোষণা কৰিছে৷ সীমান্তত ইৰানেও সেনাক সষ্টম কৰিছে৷ আমেৰিকাৰ চোৰাংচোৱা সংস্থাই দাবী কৰা অনুসৰি হিজবুল্লাক ৰাছিয়াৰ ভাৰাতীয়া বাহিনী ৱাগনাৰ গ্রুপে অত্যাধুনিক ক্ষেপণাস্ত্র তথা বিভিন্ন সামৰিক সৰঞ্জাম প্রদান কৰিছে৷ অর্থাৎ ৱাগনাৰ গ্রুপ ইতিমধ্যে ইজৰাইলৰ বিৰুদ্ধে সষ্টম হৈছে৷ গতিকে গাজাত ইজৰাইলৰ দীর্ঘদিন অভিযান অব্যাহত থকা মানেই এই যুদ্ধৰ পৰিসীমা বৃদ্ধি পাব৷ ইৰান আৰু লেবাননৰ হিজবুল্লাই এই যুদ্ধত ইজৰাইলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিলে পৰিস্থিতি জটিল হৈ পৰাৰ সম্ভাৱনা আছে৷ ইফালে ৱেষ্ট বেংকৰ পৰা সঘনে অন্য এক পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন ইছলামিক জেহাদে ইজৰাইলৰ বিৰুদ্ধে সঘনে ৰকেট নিক্ষেপ কৰি আহিছে৷ যুদ্ধই দীর্ঘস্থায়ী ৰূপ লাভ কৰিলে আৰব বিশ্বত ইজৰাইলৰ বিৰুদ্ধে কেইবাটাও শক্তিয়ে মূৰ দাঙি উঠাৰ সম্ভাৱনা আছে৷ গতিকে শীঘ্রে যুদ্ধবিৰতি সম্ভৱ নহ’লে সমগ্র পশ্চিম এছিয়ালৈ যুদ্ধৰ জুই বিয়পি পৰিব পাৰে৷ পশ্চিম এছিয়াজুৰি যুদ্ধৰ জুই বিয়পি পৰা মানেই অধিক ৰক্তপাত আৰু সম্পদৰ ক্ষয়–ক্ষতি৷

You might also like