ৰাজনৈতিক মানচিত্রত মহিলা
আধুনিক বিশ্বত নাৰী আৰু পুৰুষ সমান৷ পুৰুষৰ সমানে নাৰী আগবাঢ়ি আছে৷ সামাজিকৰ পৰা অর্থনৈতিক, ক্রীড়াৰ পৰা ৰাজনৈতিক ক্ষেত্রখনলৈ পুৰুষৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে নাৰী৷ বিশ্বজুৰি ৰাজনৈতিক সিদ্ধান্ত গ্রহণকাৰী পদবীতো অনেক মহিলা অধিষ্ঠিত হৈ আছে৷ পুৰুষৰ সমানে নাৰী ৰাজনীতিতো ক্ষমতাশালী হৈ আছে৷ ইয়াৰ মাজতো পুৰুষতকৈ নাৰী কিছুক্ষেত্রত পিছ পৰি থকা বুলি চর্চিত হয়৷ অর্থাৎ লিংগ বৈষম্য বিষয়টোৱে বিশ্বজুৰি চর্চা লাভ কৰি আছে৷ ২০২৩ চনত বিশ্বৰ ৰাজনৈতিক ক্ষমতাত মহিলাৰ ভূমিকা গুৰুত্বপূর্ণ৷ ৰাষ্ট্রসংঘৰ ৰাজনীতিত মহিলা শীর্ষক ৰাজনৈতিক মানচিত্রখন উনুকিয়াই চালে পুৰুষৰ সমানেই মহিলা দেশৰ চৰকাৰৰ শীর্ষ পদবীৰ লগতে সিদ্ধান্ত গ্রহণকাৰী সংস্থাত আগবাঢ়ি আছে৷ তথ্য মতে, বর্তমান ৰাজনৈতিক ক্ষেত্রখনত মহিলাৰ সংখ্যা বিগত কিছু দশকৰ তুলনাত বৃদ্ধি পাইছে৷ ৰাজনৈতিক নেতৃত্ব, বিশেষকৈ চৰকাৰ আৰু সংসদত মহিলাৰ সংখ্যা বর্ধিত হৈছে৷ অৱশ্যে বিশ্বৰ সকলো প্রান্তত মহিলাৰ ভূমিকা একে নহয়৷ ২০২৩ চনৰ ১ জানুৱাৰীৰ তথ্য মতে, ১৫১খন দেশৰ ভিতৰত ১৭খন দেশত মুৰব্বী মহিলা৷ অর্থাৎ ১১.৩ শতাংশ মহিলাই বিশ্বৰ বিভিন্ন দেশত মুৰব্বী হিচাপে আছে৷ এই সংখ্যাত ৰাজতন্ত্র আধাৰিত প্রক্রিয়াক অন্তর্ভুক্ত কৰা হোৱা নাই৷ ইপিনে, ১৯৩খন দেশৰ ভিতৰত ১৯খন দেশত চৰকাৰৰ মুৰব্বী মহিলা৷ অর্থাৎ ৯.৮ শতাংশ মহিলা মুৰব্বী৷ এটা দশকৰ পূর্বে তুলনাত এই সংখ্যা ৫.৩ শতাংশ আৰু ৭.৩ শতাংশ আছিল৷ ইউৰোপত সর্বাধিক দেশত মহিলা মুৰব্বী দায়িত্বত আছে৷ ইউৰোপৰ ১৬খন দেশত শীর্ষ পদবীত আছে মহিলা৷ তেনেদৰে ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ চৰকাৰৰ কেবিনেটত অধিক মহিলাই কার্যনির্বাহ কৰি আছে৷ ইউৰোপত ২২.৮ শতাংশ মহিলা কেবিনেটত আছে৷ ইয়াৰ বিপৰীতে উত্তৰ আমেৰিকাত ৩১.৬ শতাংশ মহিলা কেবিনেটত আৰু লেটিন আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জত ৩০.১ শতাংশ মহিলা কেবিনেটত আছে৷ মধ্য আৰু দক্ষিণ এছিয়াত কেবিনেটত মহিলা প্রতিনিধিৰ সংখ্যা সবাতোকৈ নিম্ন ১০.১ শতাংশ৷
প্রণিধানযোগ্য যে লিংগ বৈষম্য নথকা তথা পুৰুষ–মহিলা সমানে থকা কেবিনেট আৰু মহিলা সর্বাধিক থকা কেবিনেটৰ ভিতৰত আলবেনিয়া চৰকাৰত ৬৬.৭ শতাংশ, ফিনলেণ্ডত ৬৪.৩, স্পেইন ৬৩.৬, নিকাৰাগুৱা ৬২.৫, লিচেনষ্টেইন ৬০ শতাংশ, চিলি ৫৮.৩ শতাংশ, বেলজিয়াম ৫৭.১ শতাংশ, মোজাম্বিক ৫৫ শতাংশ আৰু এণ্ডোৰা–কলম্বিয়া–জা’ৱেত ৫০ শতাংশ৷ আনপিনে, ১৭খন দেশত কেবিনেটত মহিলা প্রতিনিধিৰ সংখ্যা ৪০ৰ পৰা ৪৯.৯ শতাংশৰ মাজত৷ ইয়াৰে ৯খন ইউৰোপৰ৷ অ’ছেনিয়া আৰু পশ্চিম এছিয়াৰ ৯খন দেশত কেবিনেটত মহিলা প্রতিনিধি নাই৷ মানৱ অধিকাৰ, লিংগ সমতা আৰু সামাজিক পৰিক্রমাৰ মন্ত্রিত্বত মহিলাই নেতৃত্ব দি আছে৷ মহিলা আৰু লিংগ সমতাত ৮৪ শতাংশ, পৰিয়াল আৰু শিশু পৰিক্রমাত ৬৮ শতাংশ, সামাজিক অন্তর্ভুক্তি আৰু উন্নয়নত ৪৯ শতাংশ, সামাজিক সুৰক্ষা আৰু সামাজিক নিৰাপত্তাত ৪৫ শতাংশ, খিলঞ্জীয়া আৰু সংখ্যালঘু পৰিক্রমাত ৪৪ শতাংশ মহিলাই প্রতিনিধিত্ব কৰি আছে৷ সংসদীয় নেতৃত্ব অর্থাৎ সংসদৰ অধ্যক্ষৰ পদত ২০২১ চনৰ তুলনাত ২০২৩ চনত মহিলাৰ সংখ্যা বর্ধিত হৈছে৷ এনেদৰে মহিলা সাংসদৰ প্রতিনিধিও বৃদ্ধি পাইছে৷ উল্লেখ্য যে ভাৰতৰ ৰাষ্ট্রপতি পদত মহিলা৷ দেশৰ সাংবিধানিক মুৰব্বী পদত মহিলা অধিষ্ঠিত হৈ থকাৰ সমান্তৰালকৈ চৰকাৰৰ কেবিনেটতো ১১গৰাকী মহিলা মন্ত্রী আছে৷ এই সংখ্যাটো দেশৰ ইতিহাসৰ তুলনাত অধিক৷ আনপিনে ৰাজনীতিৰ ক্ষেত্রখনত বিশেষকৈ সংসদৰ প্রার্থী হিচাপে মহিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশ এখন সর্বাংগসুন্দৰ হ’বলৈ কিম্বা সম দিশত আগবাঢ়ি যাবলৈ পুৰুষ আৰু মহিলাৰ সমান ভূমিকা গুৰুত্বপূর্ণ৷ আধুনিক বিশ্বত লিংগ বৈষম্য কোনো কাৰণতেই ইতিবাচক হ’ব নোৱাৰে৷ এই কথা সকলোৱে মানি আগবাঢ়িব পাৰিলেহে দেশৰ সর্বাংগীণ বিকাশ হ’ব৷