নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱর্ল্ড হেপীনেছ ইনডেক্স

সুখ হৈছে সুস্থতা, আনন্দ আৰু তৃপ্তিৰ অনুভূতি৷ এগৰাকী মানুহে যেতিয়া সফলতা অর্জন কৰে, নিজক সম্পূর্ণ নিৰাপদ বুলি গণ্য কৰে অথবা সৌভাগ্যশালী হয়, তেতিয়াই মনত অনুভৱ কৰে এক অনাবিল সুখ৷ সাধাৰণতে মানুহে কিবা এটা কৰাৰ ফলত সুখ অনুভৱ কৰে, তেতিয়া আৰু অধিক উদ্যমেৰে কাম কৰিবলৈ অনুপ্রেৰণা লাভ কৰে৷ প্রতিগৰাকী মানুহে জন্মৰ পিছৰে পৰা সুখৰ সন্ধান কৰিছে৷ সুখ বিচাৰি হাবাথুৰি খাইছে৷ কিন্তু অতি কমসংখ্যকৰ বাবেহে সুখ বিচাৰি পোৱা সম্ভৱ হৈছে৷ কাৰণ প্রতিগৰাকী ব্যক্তিৰ মনত সুখৰ ধাৰণা সুকীয়া সুকীয়া৷ আজি পর্যন্ত কোনেও সুখক নির্দিষ্ট সংজ্ঞাৰে বান্ধি ৰাখিব পৰা নাই৷ কাৰোবাৰ জীৱন ধন, ঐশ্বর্য, বিভূতিৰে পৰিপূর্ণ হৈ থাকিলেও তেওঁ সুখী নহ’বও পাৰে৷ কাৰণ ধন, টকা–পইচাৰে সুখ কিনিব নোৱাৰি৷ আনহাতে কোনোমতে খাই বৈ জীৱন–নির্বাহ কৰা লোকসকলো সুখী হ’ব পাৰে৷ সেইবাবে একোখন বিশ্বৰ শক্তিশালী তথা আধুনিক প্রযুক্তিবিদ্যাৰে উন্নতিৰ জখলাত শীর্ষস্থান দখল কৰা দেশৰ নাগৰিকসকলো সুখী নহ’ব পাৰে৷ ইয়াৰ বিপৰীতে এখন দুখীয়া দেশৰ নাগৰিকসকলো যথেষ্ট সুখী হ’ব পাৰে৷ বিশ্বৰ সুখী দেশৰ তালিকাখনলৈ লক্ষ্য ৰাখিলেই সেই কথা স্পষ্ট হৈ পৰে৷ উল্লেখ্য যে বিশ্বৰ সুখী দেশৰ তালিকাত যোৱা বর্ষৰ তুলনাত এইবাৰ কিছু ওপৰলৈ আহিছে ভাৰত৷ অৱশ্যে চুবুৰীয়া পাকিস্তান বিভিন্ন সমস্যাৰে জর্জৰিত হৈ থাকিলেও দেশখনৰ জনসাধাৰণ ভাৰতীয় লোকতকৈ অধিক সুখী বুলি কোৱা হৈছে৷ আনকি যুদ্ধবিধ্বস্ত আৰু আর্থিকভাৱে নিম্নগামী বহু দেশো সুখী দেশৰ তালিকাত ভাৰততকৈ কিছু হ’লেও ওপৰত আছে৷ মন কৰিবলগীয়া যে প্রতি বছৰৰ ২০ মার্চৰ দিনটোক আন্তর্জাতিক সুখ দিৱস ৰূপে পালন কৰা হয়৷ সেইদিনটোতে ‘ৱর্ল্ড হেপীনেছ ইনডেক্স’ অথবা ‘বিশ্বৰ সুখ সূচক’ প্রকাশ কৰে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ‘ৱেলবিয়িং ৰিছার্চ চেণ্টাৰ’–এ৷ ২০০৪ চনতো বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা প্রকাশ কৰা হৈছিল এই সুখৰ সূচক৷ যোৱা বছৰ সুখী দেশৰ তালিকাত ১২৪ নম্বৰ স্থানত আছিল ভাৰত৷ এইবাৰ ভাৰতে সেই স্থানৰ পৰা কিছু আগুৱাই ১১৮ নম্বৰ স্থানলৈ উন্নীত হৈছে৷ সেই তুলনাত পাকিস্তানৰ স্থান ভাৰততকৈ কিছু পৰিমাণে হ’লেও উন্নীত৷ দেশখনত অব্যাহত থকা ৰাজনৈতিক টনা–আঁজোৰা, সন্ত্রাসবাদীৰ ধ্বংসাত্মক কার্যকলাপ আৰু অর্থনৈতিক দুৰৱস্থা সত্ত্বেও ১০৯ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
অৱশ্যে ভাৰতৰ তুলনাত চুবুৰীয়া দেশ শ্রীলংকা আৰু বাংলাদেশৰ স্থান কিছু নিম্ন৷ দ্বীপৰাষ্ট্রখনৰ স্থান ১৩৩ হোৱাৰ বিপৰীতে বাংলাদেশৰ স্থান ১৩৪৷ সুখী দেশৰ তালিকাখনত চীনৰ স্থান যথেষ্ট উন্নত৷ বিশ্বৰ অন্যতম সর্বশক্তিমান এই দেশখনে বিশ্বৰ সুখী দেশৰ তুলনাত ৬৮ নম্বৰ স্থান পাইছে৷ তাৎপর্যপূর্ণভাৱে যুদ্ধবিধ্বস্ত ইউক্রেইন, মোজাম্বিক, ইৰাক, ইৰান, পেলেষ্টাইন, কংগো, উগাণ্ডা আদি দেশ এই তালিকাত ভাৰততকৈ আগত আছে৷ বিশ্বৰ আটাইতকৈ সুখী দেশৰ তুলনাত শীর্ষস্থানত আছে ফিনলেণ্ড৷ ইয়াৰ পিছতে আছে ডেনমার্ক আৰু আইচলেণ্ড৷ ১৪৭খন দেশৰ এই তালিকাখনত একেবাৰে শেষত আছে আফগানিস্তান৷ দেশখনৰ ৰক্ষণশীল তালিবান শাসনে মহিলাসকলক কঠোৰ নিয়মৰ মাজেৰে বান্ধি ৰখা বাবেই সুখ সূচকে দেশখনক অন্তিম স্থানলৈ অৱনমিত কৰা বুলি বহুতে ক’ব বিচাৰে৷ বিশ্বৰ আন এখন শক্তিমান দেশ আমেৰিকা যুক্তৰাষ্ট্রৰ স্থান ২৪৷ সকলো দিশৰ পৰা জয়জয়–ময়ময় দেশখনে সমগ্র বিশ্বক নিয়ন্ত্রণত ৰাখিলেও সুখী দেশৰ তালিকাত শীর্ষস্থান লাভ কৰিব পৰা নাই৷ আমেৰিকাতকৈ কিছু আগত আছে ব্রিটেইন৷ অৱশ্যে দেশ এখন বিত্তশালী অথবা আধুনিক প্রযুক্তিৰ ক্ষেত্রত আগবঢ়া হ’লেই সুখী দেশ হ’ব নোৱাৰে৷ বিভিন্ন দিশৰ প্রতি লক্ষ্য ৰাখিহে সুখী দেশৰ তালিকা নির্ণয় কৰা হয়৷ এই তালিকা তৈয়াৰ কৰাৰ সময়ত কিছুমান সূচকক গুৰুত্ব দিয়া হয়৷ এইক্ষেত্রত মূলতঃ সংশ্লিষ্ট দেশসমূহৰ নাগৰিকসকলৰ পৰা দৈনন্দিন জীৱন–যাপন কেনে, সেই বিষয়ে জানিব বিচৰা হয়৷ দেশখনৰ জনসাধাৰণৰ মাজৰ ঐক্য তথা গোষ্ঠীবদ্ধ জীৱন, খাদ্যবস্তু ভাগ কৰি খায় নে নাখায়, বিপদৰ সময়ত ইজনে সিজনৰ ওচৰত থিয় দিয়ে নে নিদিয়ে আদি বিষয়বোৰ গুৰুত্ব সহকাৰে লোৱা হয়৷ এইক্ষেত্রত এটি আমোদজনক উদাহৰণ দিয়া হৈছে৷ কোনো দেশত মানীবেগ হেৰালে সেইটো ওভতাই পোৱাৰ সম্ভাৱনা কিমান, সেই বিষয়ে মতামত লোৱা হয়৷ সেই মতামতৰ ভিত্তিত সেই দেশৰ মানুহ কিমান সুখী আৰু অন্যৰ প্রতি আস্থাশীল, তাক বিচাৰ কৰা হয়৷ সুখী দেশৰ তালিকাত ভাৰত বহুখিনি পিছুৱাই থকাৰ যথেষ্ট কাৰণ আছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷ মূলতঃ আমাৰ দেশত অব্যাহত থকা দুর্নীতিৰ বাবেই সাধাৰণ মানুহৰ ধাৰণা ভাৰতৰ বিপক্ষে যোৱা বুলি ভবা হয়৷ অৱশ্যে তালিকাত যোৱা বছৰতকৈ ভাৰতৰ উন্নতিৰ কাৰণ হিচাপে জিডিপি বৃদ্ধিৰ হাৰ, জীৱন সম্পর্কে স্বাধীনভাৱে সিদ্ধান্ত গ্রহণৰ সুযোগ ইত্যাদি সূচক সহায়ক হৈছে৷

You might also like