গ্রন্থমেলাৰ বতৰৰ চিন্তা
ছপা আখৰৰ স্থায়িত্ব চিৰপ্রতিষ্ঠিত৷ একোটা ভাষা–সাহিত্যৰ ৰাজহাড় কিমান শক্তিশালী সেয়া নিৰূপণ কৰে ভাষাটোৰ সাহিত্যৰ ভিন্নমুখী সাহিত্যৰ ভঁৰালে৷ বিশ্বৰ বহু ভাষাৰ তুলনাত অসমীয়া ভাষা চহকী৷ ১৯৪৬ত প্রকাশ পোৱা অৰুনোদইৰ জৰিয়তে অসমীয়া ভাষা–সাহিত্যৰ উত্তৰণৰ যাত্রা আৰম্ভ হৈছিল৷ এতিয়া অভিধানত অসমীয়া ভাষাৰ এক লাখ ২৫ হাজাৰৰো অধিক শব্দ সংযোজন হৈছে৷ অসমীয়া ভাষাত সৃষ্টিশীল ৰচনাৰ ভাণ্ডাৰো অতি চহকী৷ ১৯৮৫ত আৰম্ভ হোৱা গুৱাহাটী গ্রন্থমেলাই অসমত গ্রন্থ উৎসৱক এক নির্ণায়ক ভূমিকাত উপৱিষ্ট কৰিবলৈ সক্ষম হৈছিল৷ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট সাংবাদিক–সাহিত্যিক চন্দ্রপ্রসাদ শইকীয়াই অসম প্রকাশন পৰিষদৰ সচিবৰ দায়িত্বত থকাৰ সময়তে জজ খেলপথাৰত আৰম্ভ কৰা গুৱাহাটী গ্রন্থমেলাই ৰাজ্যখনত গ্রন্থ আন্দোলনৰ পাতনি মেলিছিল৷ ইয়াৰ পূর্বে ১৯৭২ত ডিব্রুগড় বেংগলী হাইস্কুল প্রাংগণত গ্রন্থ প্রদর্শনী আৰু বিক্রীৰ ব্যৱস্থা কৰাৰ লগতে ১৯৭৮ত নগাঁৱৰ নেহৰুবালিত এখন গ্রন্থমেলা অনুষ্ঠিত হৈছিল৷ কিন্তু অসমৰ লগতে দেশ–বিদেশৰ প্রকাশক আৰু লেখকসকলক সংঘবদ্ধ কৰি পঢ়ুৱৈসকলক চিনাকি কৰি দিয়াৰ ক্ষেত্রত গুৱাহাটী গ্রন্থমেলাই অনবদ্য অৱদান আগবঢ়াই আহিছে৷ নৱেম্বৰ মাহ আৰম্ভ হ’লেই ৰাজ্যখনত গ্রন্থমেলাৰ বতৰ আৰম্ভ হয়৷ অসম প্রকাশন পৰিষদে প্রতি বছৰে অসমত গ্রন্থমেলা অনুষ্ঠিত কৰাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে৷ প্রকাশন পৰিষদে সদৌ অসম পুথি প্রকাশন আৰু বিক্রেতা সন্থাৰ সহযোগত গুৱাহাটীত অসম গ্রন্থমেলা অনুষ্ঠিত কৰাৰ উপৰি ৰাজ্যখনৰ বিভিন্ন চহৰত গ্রন্থমেলা অনুষ্ঠিত কৰিছে৷ ইয়াৰ উপৰি ৰাস মহোৎসৱকে ধৰি বিভিন্ন সংগঠন–অনুষ্ঠানৰ অধিৱেশন উপলক্ষে গ্রন্থমেলা অনুষ্ঠিত কৰাৰ কার্যসূচী গ্রহণ কৰা হৈছে৷ শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন প্রান্তত অনুষ্ঠিত গ্রন্থমেলাৰ সংখ্যাও লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ গ্রন্থমেলাৰ এনে আয়োজনে ছপা মাধ্যমৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি কৰিছে৷ ’৮০ৰ দশকৰ মধ্যভাগত আৰম্ভ হোৱা গ্রন্থমেলাৰ বতৰত অসমীয়া ভাষাত ছপা হোৱা গ্রন্থৰ তালিকাখন আছিল তেনেই চমু৷ সেই সময়ত গ্রন্থমেলাৰ পূর্বে প্রকাশিত অসমীয়া গ্রন্থৰ তালিকাখনত ৫০খনৰ অধিক গ্রন্থ নাছিল৷ এতিয়া গ্রন্থমেলাৰ পূর্বে শতাধিকখন গ্রন্থ প্রকাশ হয়৷ অসমৰ ছপা মাধ্যমৰ প্রযুক্তিগত উত্থানৰ বাবে এতিয়া লেখক–প্রকাশকসকলে অসমতে গ্রন্থ ছপা কৰাটো সহজসাধ্য হৈছে৷ ইয়াৰ লগে লগে অসমীয়া ভাষাৰ লেখকৰ সংখ্যাও লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ আমাৰ ভাষাটোত যিমানেই গ্রন্থ সম্ভাৰ বৃদ্ধি হ’ব, যিমানেই সৃষ্টিশীল লেখকৰ জন্ম হ’ব সিমানেই ভাষা–সাহিত্যৰ ভঁৰাল চহকী হ’ব৷ ইয়াৰ লগে লগে জাতিটো সমৃদ্ধিশালী হ’ব৷
চিন্তনীয় এয়ে যে আমাৰ সৃষ্টিশীল সাহিত্যৰ ভঁৰাল আৰু লেখকৰ সংখ্যাৰ সমানুপাতিক হাৰত আমি পঢ়ুৱৈ সৃষ্টি কৰিব পৰা নাই৷ দর্শক–শ্রোতা অবিহনে যিদৰে সভা এখন সেৰেঙা হৈ উঠে একেদৰে পঢ়ুৱৈ অবিহনে লেখকৰ সৃষ্টিশীল ৰচনা সৃষ্টিৰ গতি স্থবিৰ হোৱাৰ আশংকা থাকে৷ ছপা আখৰৰ প্রতি ছাত্র–ছাত্রী তথা নতুন প্রজন্মৰ যুৱক–যুৱতীসকলক আকৃষ্ট কৰাটোৱে সাম্প্রতিক সময়ৰ এক গুৰুতৰ প্রত্যাহ্বান হৈ উঠিছে৷ এইক্ষেত্রত আমাৰ ভাষা–সাহিত্যৰ চর্চাত নিয়োজিত লেখকসকলেও নতুন প্রজন্মই সন্মুখীন হোৱা সাম্প্রতিক সমস্যা আৰু তেওঁলোকৰ আৱেগ–অনুভূতিক গুৰুত্ব দিয়া উচিত৷ আমাৰ বহু লেখকে নতুন পঢ়ুৱৈ সৃষ্টিৰ ক্ষেত্রত এক নির্বিকাৰ ভূমিকা গ্রহণ কৰি আহিছে৷ আমাৰ যুৱক–যুৱতীসকলে কেনেধৰণৰ সাহিত্যৰ প্রতি আকৃষ্ট তাৰ বাস্তৱ ছবিখন পর্যালোচনা কৰিবলৈ লেখকসকলেও আগবাঢ়ি আহিব লাগিব৷ ৰাজ্যখনৰ ভিন্ন প্রান্তত অনুষ্ঠিত হৈ থকা গ্রন্থমেলাসমূহত আমাৰ লেখকসকলে সক্রিয় অংশগ্রহণ কৰাৰ লগতে ছাত্র–ছাত্রী তথা যুৱক–যুৱতীসকলৰ সৈতে মত বিনিময় কৰিব লাগিব৷ পৰিতাপৰ কথা এয়ে যে অসমত শেহতীয়াকৈ লেখকৰ সংখ্যা বৃদ্ধি হৈছে যদিও অধিকাংশ লেখকে অন্য লেখকৰ সৃষ্টিশীল ৰচনা নপঢ়ে অথবা পঢ়িবলৈও আগ্রহ নাই৷ ফলত উন্নত সৃষ্টিশীল ৰচনাৰ একোখন গ্রন্থও বছৰেকত এহেজাৰ ক’পী বিক্রী নহয়৷ যদি লেখকসকলেই অন্য লেখকৰ গ্রন্থ অধ্যয়ন নকৰে তেন্তে ভাষা–সাহিত্যৰ বিকাশ কেনেকৈ হ’ব? সৃষ্টিশীল ৰচনাৰ ভঁৰাল চহকী কৰিবলৈ হ’লে সাম্প্রতিক সময়ত প্রকাশ পোৱা গ্রন্থসমূহৰ ধাৰা আৰু অধ্যয়ন কৰিব লাগিব আমাৰ লেখকসকলে৷ দেশ–বিদেশৰ সৃষ্টিশীল ৰচনাৰাজি সন্দর্ভতো দৃষ্টি ৰাখিব লাগিব লেখকসকলে৷ তাতোকৈ ডাঙৰ কথা প্রত্যেকজন লেখক একোজন ভাল পঢ়ুৱৈ হ’ব লাগিব৷ এই কথা নকৈ দোহৰাৰ প্রয়োজন নাই যে বিগত প্রায় দুটা দশকত অসমৰ ভাষা–সাহিত্যই নহয়, আমাৰ জাতীয় জীৱনত ছপা মাধ্যমে যিমান অৱদান আগবঢ়াইছে সেয়া তুলনাহীন৷ অৰুনোদইৰ পিছত জন্ম হোৱা বাতৰিকাকত, আলোচনীসমূহেই দেশৰ স্বাধীনতা সংগ্রাম জাগ্রত কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছিল৷ অসমীয়া ভাষা–সাহিত্যৰ প্রতি ছপা মাধ্যমৰ ভূমিকা কিমান ঊর্ধ্বত, সেয়া ইতিমধ্যে একোখন আলোচনীৰ নামত স্বীকৃত হৈছে৷ অসমত বাতৰিকাকত–আলোচনী প্রকাশৰ পিছতহে আমাৰ স্বাধিকাৰ আৰু ভাষা–সাহিত্য–সংস্কৃতিক লৈ আমি ঐক্যবদ্ধ হোৱাৰ সুযোগ পাইছোঁ৷ অৰুনোদই প্রকাশৰ পূর্বে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ মাজত জ্বলি থকা ক্ষোভ–অসন্তুষ্টিৰ জুইকুৰা খণ্ডিত আকাৰতে নির্বাপণ হৈছিল৷ কিন্তু এনে ক্ষোভৰ জুইক সংঘবদ্ধ কৰাৰ ক্ষেত্রত বাতৰিকাকত, আলোচনীসমূহে নির্ণায়ক ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হৈছিল৷ সাম্প্রতিক সময়ত ছপা আখৰৰ প্রতি আগ্রহ হ্রাস পোৱাৰ লগে লগে বাতৰিকাকত–আলোচনী দুর্যোগৰ সন্মুখীন হৈছে৷ এই দুর্যোগ মাথোঁ বাতৰিকাকত–আলোচনীৰ বাবেই নহয়, আমাৰ ভাষা–সাহিত্যৰ বাবেও হৈছে৷ যদিহে আমি পঢ়ুৱৈৰ সৃষ্টি কৰিব নোৱাৰোঁ, তেন্তে গৱেষণালব্ধ আৰু সৃষ্টিশীল ৰচনাৰ জৰিয়তে কেতিয়াও জাতি–ভাষাটোৰ ৰাজহাড় শক্তিশালী কৰিব নোৱাৰিম৷ সেয়ে আমাৰ জাতি আৰু ভাষাৰ প্রতি দায়িত্বশীল প্রতিজন বিবেকৱান লোকে প্রথমে নিজকে এজন পঢ়ুৱৈ হিচাপে গঢ়িব লাগিব৷