নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ মৃত্যু-বলীউডত ড্ৰাগছঃ মুখ খুলিলে অক্ষয় কুমাৰে…

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ বহু প্ৰতীক্ষাৰ অন্তত বলীউডৰ দ্বিগগজ অভিনেতা অক্ষয় কুমাৰে ব্যক্ত কৰিলে সুশান্ত সিঙৰ মৃত্যুৰ লগতে বলীউডত চলা ড্ৰাগছ কাণ্ডৰ বিষয়ে। অভিনেতাগৰাকীক সাধাৰণতে এইবোৰৰ পৰা দূৰত্ব বজাই ৰখা পৰিলক্ষিত হৈছিল। কিন্তু কালি ছ’চিয়েল মিডিয়াযোগে অভিনেতাগৰাকীয়ে সুশান্ত মৃত্যুক লৈ তেওঁ নিজেও দুখী বুলি উল্লেখ কৰে।

ইয়াৰ উপৰি অভিনতাগৰাকীয়ে বলীউডত ড্ৰাগছৰ প্ৰচলনক লৈও মন্তব্য কৰে। অভিনেতা অক্ষয় কুমাৰে কয়- ‘আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত ঘটা অতি বেয়া দিশবোৰ সম্প্ৰতি উদ্ভাসি উঠিছে। এইক্ষেত্ৰত চকু দিয়াটো যথেষ্ট দৰকাৰী। বলীউডত ড্ৰাগছৰ ব্যৱহাৰৰ বিষয়টো মিছা বুলি কোৱাৰ সামৰ্থ্য মোৰ নাই। বলীউডত সঁচাকৈয়ে এনে বেয়া দিশবোৰ আন বহু ক্ষেত্ৰত থকাৰ দৰে আছে। কিন্তু বলীউডৰ সকলো লোকেই এনে কুকৰ্মত জড়িত নহয়। বলীউডত বহুখিনি ভাল মানুহ আছে।’

অভিনেতাগৰাকীয়ে ড্ৰাগছক লৈ চলি থকা তদন্তৰ ক্ষেত্ৰত তদন্ত সংস্থাই উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। ফিল্ম ইণ্ডাষ্ট্ৰীৰ লোকক এই প্ৰসংগত তদন্তকাৰী সংস্থাক সহায় কৰাৰ বাবে তেওঁ আহ্বান জনায়।

অভিনেতাগৰাকীয়ে লগতে সংবাদ মাধ্যমকো অনুৰোধ জনাই কয় যে সংবাদ মাধ্যমৰ বাবে আমি বহুতো কথা জানো বা ইয়াৰ দ্বাৰাই কোনো সত্য উদঘাটন হয়। কিন্তু সংবাদ পৰিৱেশন কৰোঁতে কিছু সংবেদনশীল হোৱা দৰকাৰ। কিয়নো এটা ভুল খবৰে এগৰাকী ব্যক্তিৰ দীৰ্ঘদিনৰ পৰিশ্ৰম শেষ কৰি দিব পাৰে।

You might also like