গায়িকাই ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিলে নগ্ন ফটো, লিখিলে আৱেগিক পোষ্ট…
নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ আমেৰিকান গায়িকা, অভিনেত্ৰী তথা লেখিকা মাৰ্গাৰেট লিয়েন ৰাইমছ ছিব্ৰায়নে নিজৰ ইনষ্টাগ্ৰাম পোষ্টযোগে তেওঁৰ নগ্ন শৰীৰৰ দুখন ফটো শ্বেয়াৰ কৰে। এই কাম গায়িকা তথা লেখিকাগৰাকীয়ে সস্তীয়া কমেণ্টৰ আশাত নহয় বা গ্লেমাৰৰ বাবে নহয়, এটা ছালৰ ৰোগক লৈ সজাগতা অনাৰ বাবে কৰে।
অৰ্ধনগ্ন ফটোত দেখা যায় লেখিকাগৰাকীৰ দেহত ৰঙা ৰঙা দাগ। পিঠিৰ অৰ্ধাংশ ঘেৰি ধৰা ৰঙা দাগবোৰ ছালৰ এটা বিশেষ ৰোগৰ বাবে হয়। গায়িকা মাৰ্গাৰেটে লগতে লিখা আৱেগিক পোষ্টত কয়- ‘মই এই ছালৰ ৰোগত দীৰ্ঘদিন ধৰি ভুগি আহিছোঁ। ছোৰাইছিছ নামৰ ৰোগৰ বাবে সজাগতা অনাৰ বাবে মই নিজৰ দেহত ইয়াৰ অৱস্থিতিৰ অংশবিশেষ প্ৰদৰ্শন কৰি ৰোগবিধক লৈ সজাগতা আনিব বিচাৰোঁ।’
উল্লেখ্য, ছোৰাইছিছ নামৰ এই ৰোগৰ ফলত দেহত খজুৱতি আৰু ৰঙা ৰঙা দাগ পৰে। ইয়াৰ কোনো স্থায়ী সমাধান নাই যদিও নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰি। বিশ্ব ছোৰাইছিছ দিৱস উপলক্ষে যোৱা ২৯ অক্টোবৰত লেখিকাগৰাকীয়ে এই ফটো শ্বেয়াৰ কৰে। দুবাৰৰ গ্ৰেমী এৱাৰ্ড বিজয়ী গায়িকাগৰাকীয়ে এই বেমাৰৰ চিকাৰ হোৱা লোকসকলক আচলতে এনে বেমাৰৰ কাৰণে হীনমন্যতাত নুভুগি আত্মবিশ্বাসী হোৱাৰ এক প্ৰতীকাত্মত উদাহৰণ দাঙি ধৰে।