নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰণবীৰৰ স্বভাৱে আমুৱাইছে দীপিকাক

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ  ৰামলীলা ছবিত অভিনয়ৰ পিছত বন্ধুত্বৰ জৰিয়তে জীৱনসংগী নিৰ্বাচন কৰি লৈছিল দীপিকাক ৰণবীৰে। অত্যন্ত চৌখিন ৰণবীৰ সদায় বলীউড জগতৰ লাইমলাইটত থাকেই। সচৰাচৰ ষ্টাইলিছ কাপোৰেৰে অনুৰাগীৰ মন জয় কৰা ৰণবীৰে কিন্তু দীপিকাক আচৰিত ধৰণে বিৰক্ত কৰি তুলিছে। কোনো ধৰণৰ তিক্ততা অবিহনে সংসাৰ চলিছে ৰণবীৰ-দীপিকাৰ। কিন্তু ৰণবীৰক লৈ দীপিকা যথেষ্ট বিৰক্ত। অলপতে এক সাক্ষাৎকাৰৰ মুখামুখি হওঁতে সোধা এক প্ৰশ্নৰ উত্তৰ দিওঁতে ৰণবীৰক লৈ বিৰক্ত বুলি জনালে দীপিকাই। তেওঁৰ মতে ৰণবীৰে সকলো কাম দৌৰাদৌৰিকৈ কৰে। যিটোৱে মোক আজিকালি বিৰক্ত কৰা হৈছে। ৰণবীৰৰ বিৰক্তিকৰ কামৰ ভিতৰত এটা হৈছে সোনকালে ভাত খোৱা। ইমান সোনকালে তেওঁৰ খোৱা হয় যে মোৰ দুগৰাহো খোৱা নহয়। তেতিয়ালৈ ৰণবীৰৰ খোৱা হৈ যায়। আনহাতে দীপিকাই কয় যে ৰণবীৰৰ সংবেদনশীল স্বভাৱটোৱে মোক সদায় আকৰ্ষিত কৰে।কাৰণ ৰণবীৰে সকলোৰে কথা সদায় ভাবে।

You might also like