নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অথন্তৰ : মঞ্চত উঠাৰ পূৰ্বে মৃত অৱস্থাত কোৰিয়ান গায়িকা

বিশেষ বাৰ্তা, ৮ জুলাইঃ মাত্ৰ আৰু কেইমিনিটমান অপেক্ষা কৰক। ইয়াৰ পিছত জনপ্ৰিয় কোৰিয়ান গায়িকাগৰাকীয়ে মঞ্চত উঠিব বুলি অপেক্ষা কৰিছিল সকলোৱে। কিন্তু তাৰ আগতে বেয়া খবৰ। ৩৩ সংখ্যক কনচাৰ্ট গীত গোৱাৰ পূৰ্বে মৃত্যু কোৰিয়ান গায়িকা লি সাং ইউনৰ। গিমচেওন মিউনিচিপালত গীত পৰিবেশন কৰাৰ কথা আছিল লি সাং ইউনৰ। দৰ্শকেৰে ঠাহ খাই আছিল মঞ্চ। যেতিয়া লি সাং ইউনে মঞ্চত উঠিবলৈ ওলাইছিল, তাৰ কেইমিনিটমান আগতে সেই কোৰিয়ান গায়কজনক মঞ্চৰ পিছফালে দেখা পোৱা গৈছিল। তেতিয়াই তাইৰ দলৰ সদস্য আৰু অনুষ্ঠানৰ আয়োজকসকলে গায়িকাগৰাকীক বিচাৰিবলৈ আৰম্ভ কৰিলে। চাওঁতে দেখা যায় গায়িকাগৰাকীৰ মৃতদেহ মজিয়াত পৰি আছে। তাৰ পৰাই লি সাং ইউনক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত কোৰিয়ান গায়িকাগৰাকীক মৃত ঘোষণা কৰা হয়। ইফালে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ, ৰহস্য ফাদিলৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে যোৱা তিনি মাহত কোৰিয়ান গায়ক তিনিজনৰ মৃত্যু হৈছে। যোৱা জুন মাহত বিতৰ্কিত কে-পপ গায়ক চই সুং বংয়েৰ মৃতদেহ তেওঁৰ ছিউলৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল। আৰক্ষীৰ মতে, গায়িকাগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল। আনহাতে নিজৰ শৰীৰৰ বাবে সততে সংবাদ শিৰোনামত থাকে চই সুং বং। আচলতে তেওঁ কেঞ্চাৰৰ সৈতে যুঁজি আছিল, আনকি তেওঁ এই কথা ৰাজহুৱাভাৱে দাবী কৰিছিল। পিছত অৱশ্যে তেওঁ মিছা কথা কোৱা বুলি স্বীকাৰ কৰে। মে মাহত মাত্ৰ ২৯ বছৰ বয়সতে কে পপ গায়িকা হাইসুৱে আত্মহননৰ পথ বাছি লৈছিল। হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ।

You might also like