নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অভিনেতা ইৰফান খান, অভিনেত্ৰী তাপসী পান্নু

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ হিন্দী চিনেমাৰ শীৰ্ষ পুৰস্কাৰ ‘ফিল্মফেয়াৰ বঁটা ২০২১’ আজি ঘোষণা কৰা হয়। এইবাৰ ‘থাপ্পড়’ ছবিখনে ৭টা পুৰস্কাৰ লাভ কৰাৰ লগতে ‘গুলাবো সীতাবো’ কথাছবিয়ে ৬টা পুৰস্কাৰ লাভেৰে শীৰ্ষস্থানত থাকে। এই ফিল্মফেয়াৰ উৎসৱ প্ৰয়াত দুই অভিনেতা ক্ৰমে ইৰফান খান আৰু সুশান্ত সিং ৰাজপুতৰ স্মৃতিত ভাস্বৰ হৈ পৰা দেখা যায়।

ফিল্মফেয়াৰৰ ৬৬সংখ্যক অনুষ্ঠান কালি শনিবাৰে (২৭ মাৰ্চ) মুম্বাইত অনুষ্ঠিত হয়। অভিনেত্ৰী তাপসী পান্নুৱে এইবাৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে ‘ব্লেক লেডি’ হাতত তুলি লয়। তেওঁ ‘থাপ্পড়’ৰ বাবে শ্ৰেষ্ঠ বঁটা লাভ কৰে। ২০২০ চনৰ শ্ৰেষ্ঠ চিনেমাৰ খ্যাতি লাভ কৰে ‘থাপ্পড়’-এ।

আনহাতে, ইৰফান খানক মৰণোত্তৰভাৱে ‘ইংৰাজী মিডিয়াম’ৰ বাবে ফিল্মফেয়াৰ প্ৰদান কৰা হয়। তেওঁক জীৱন-কৃতিৰ সন্মানো দিয়া হয়। অমিতাভ বচ্চনে সমালোচকসকলৰ পছন্দৰ তালিকাত ‘গুলাবো সীতাবো’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।

উল্লেখ্য, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও অলপতে ঘোষণা কৰা হৈছিল। শ্ৰেষ্ঠ চিনেমাৰ খিতাপ লাভ কৰিছিল সুশান্ত সিং ৰাজপুতৰ ‘ছিছোৰে’ চলচ্চিত্ৰই। ফিল্মফেয়াৰৰ মঞ্চত তেওঁ কোনো পুৰস্কাৰ লাভ নকৰে যদিও বাৰে বাৰে তেওঁৰ নাম শুনা গৈছিল সকলোৰে মুখত। আজিও অনুষ্ঠানত চিনেৱৰ্ল্ডখনে তেওঁক মিছ কৰে। ফাৰহা খানে সৰ্বশ্ৰেষ্ঠ কোৰিঅ’গ্ৰাফাৰ বঁটা হাতত লৈ কয়- ‘সুশান্তই মোৰ কাম সহজ কৰি তুলিছিল। এই বঁটা লাভ কৰাৰ কৃতিত্ব সুশান্তক দিয়া হ’ল।’

বঁটাপ্ৰাপক তাৰকা আৰু চলচ্চিত্ৰ

শ্ৰেষ্ঠ পৰিচালকঃ ওম ৰাউত (তানহাজী: দ্য আনচাং ৱেৰিয়ৰ)
শ্ৰেষ্ঠ চলচ্চিত্ৰ (সমালোচক): প্ৰতীক ভাটছ (ইব এলী ও!)
শ্ৰেষ্ঠ অভিনেতা: ইৰফান খান (ইংলিছ মিডিয়াম)
শ্ৰেষ্ঠ অভিনেতা (সমালোচক): অমিতাভ বচ্চন (গুলাবো সীতাবো)
শ্ৰেষ্ঠ অভিনেত্ৰী: তাপসী পান্নু (থাপ্পড়)
শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক): তিলোত্তমা ছোম (ছাৰ)
শ্ৰেষ্ঠ সহ-অভিনেতা: ছইফ আলী খান (তানহাজী: দ্য আনচাং ৱেৰিয়ৰ)
শ্ৰেষ্ঠ সহ-অভিনেত্ৰী: ফাৰোখ জাফৰ (গুলাবো সীতাবো)
শ্ৰেষ্ঠ কাহিনী: অনুভৱ সুশীলা সিনহা আৰু মৃণ্ময়ী লাগো ৱাইকুল (থাপ্পড়)
শ্ৰেষ্ঠ চিত্ৰনাট্য: ৰোহেনা গেৰা (ছাৰ)
শ্ৰেষ্ঠ সংলাপ: জুহি চতুৰ্বেদী (গুলাবো সীতাবো)
শ্ৰেষ্ঠ সংগীত এলবাম: প্ৰীতম (লুডু)
শ্ৰেষ্ঠ গীত: গুলজাৰ (চাপ্পক)
শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়ক: ৰাঘৱ চৈতন্য (থাপ্পড়)
শ্ৰেষ্ঠ মহিলা প্লেবেক গায়ক: এশিছ কৌৰ (মালং)

You might also like