নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৃত্বিকৰ জন্মদিনত প্ৰাক্তন পত্নী সুজেন খানে ফটো পঠিয়াই জনালে শুভেচ্ছা, লিখিলে…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আজি অভিনেতা হৃত্বিক ৰোচনৰ জন্মদিন। ১৯৭৪ চনৰ আজিৰ দিনটোতে মুম্বাইত জন্মগ্ৰহণ কৰা হৃত্বিকলৈ জন্মদিনৰ শুভেচ্ছা আহিছে বিভিন্নজনৰ পৰা, সেয়া সতীৰ্থ, পৰিয়াল বা অনুৰাগীয়েই হওক বা আন কোনো।

কিন্তু ইয়াৰ মাজতে তেওঁৰ প্ৰাক্তন পত্নী সুজেন খানে পুৰণি আৰু অপ্ৰচাৰিত ফটোৰ ভিডিঅ’ শ্বেয়াৰ কৰি শুভেচ্ছা জ্ঞাপন কৰিছে হৃত্বিকক। সুজেনে শ্বেয়াৰ কৰা ফটোত আছে পুত্ৰ ঋদ্ধান ৰোছন আৰু ৰেহান ৰোছনেৰে অভিনেতাগৰাকীৰ কিছু ফটো। সুজেনে লগতে লিখে- হেপী বাৰ্থ ডে ঋ… তোমাৰ জীৱনলৈ আহিবলগীয়া দিনবোৰত সবাতোকৈ সুন্দৰ অংশবোৰৰ কামনা কৰিছো, ২০২১ৰ শুভকামনা।

অৱশ্যে বিবাহ বিচ্ছেদ হোৱাৰ পিছতো দুয়োৰে মাজত বন্ধুত্ব অটুত আছে। লকডাউনৰ সময়ত সুজেন হৃত্বিকৰ ঘৰতে আছিল কেইদিনমান। লকডাউনৰ সময়ত সন্তানক সময় দিয়াৰ বাবে তেওঁ হৃত্বিকৰ ঘৰতে আছিল। উল্লেখ্য, এক মধুৰ সম্পৰ্ক আছিল হৃত্বিক আৰু সুজেনৰ। কিন্তু বিবাহ বিচ্ছেদলৈ এই মধুৰ সম্পৰ্কৰ যাত্ৰা আজিও ৰহস্যময়।

You might also like