নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’টিটি প্লেটফৰ্মত মুক্তি পাব মধুৰ ভাণ্ডাৰকাৰৰ নতুন ছবি ‘ইণ্ডিয়া লকডাউন’

বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ চলচ্চিত্ৰ পৰিচালক মধুৰ ভাণ্ডাৰকাৰৰ আগন্তুক ছবি ‘ইণ্ডিয়া লকডাউন’ অ’টিটি প্লেটফৰ্মত মুক্তি পাব। কৰোনা মহামাৰী আৰু লকডাউনৰ দৰে গুৰুতৰ বিষয়ৰ ওপৰত আধাৰিত এই ছবিখন ‘জি ফাইভ’ত মুক্তি পাবলৈ গৈ আছে। ছবিখনৰ ফাৰ্ষ্ট লুকৰ লগতে মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে। ‘ইণ্ডিয়া লকডাউন’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা প্ৰতীক বব্বৰে। কৰোনা ভাইৰাছে বিয়পি পৰা মহামাৰীৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন জাৰি কৰা হৈছিল। এই ৰোগত কোটিৰো অধিক মানুহৰ মৃত্যু হৈছিল। ভাৰত বন্ধৰ বাবে সাধাৰণ মানুহে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই লকডাউনত ওপৰত নিৰ্মিত মধুৰ ভাণ্ডাৰকাৰৰ পৰৱৰ্তী ছবি ‘ইণ্ডিয়া লকডাউন’ শীঘ্ৰে অ’টিটিত মুক্তি পাবলৈ গৈ আছে। ড° জয়ন্তীলাল গাদাৰ পেন ষ্টুডিঅ’ই ছবিখন নিৰ্মাণ কৰিছে। অহা মাহৰ ২ ডিচেম্বৰত OTT প্লেটফৰ্ম Zee5ত মুকলি হ’ব India Lockdown। লকডাউনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি ছবিখনৰ নতুন পোষ্টাৰো মুকলি কৰিছে নিৰ্মাতাসকলে। ছবিখনত অভিনেতা প্ৰতীক বব্বৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে, প্ৰতীকৰ উপৰি অভিনেতা প্ৰকাশ বেলাৱাদী, আহানা কুমাৰ, শ্বেতা বসু প্ৰসাদ, সাই তামহাংকৰকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে। ছবিখনৰ পোষ্টাৰত সকলো তাৰকাক একেবাৰে বেলেগ ষ্টাইলত এটা ডাঙৰ তলাত থিয় হৈ থকা দেখা গৈছে। তলাটো শিকলিৰে বান্ধি থোৱা আছে।

You might also like