আকৌ ককাক-আইতাক হ’ল অমিতাভ-জয়া, পৰিয়ালত নতুন সদস্য
বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ পৰিয়ালে এইকেইদিন আনন্দ উদযাপন কৰিছে। তেওঁলোকৰ পৰিয়াললৈ নতুন সদস্যৰ আগমন ঘটিছে। আকৌ এবাৰ ককাক-আইতাক হৈছে অমিতাভ আৰু জয়া বচ্চন। আচৰিত নহব। এই শিশুটি শ্বেতা বচ্চন নন্দাৰ নহয়, বিগ-বিৰ ভতিজী নেয়না বচ্চনৰ।
নেয়না আৰু ‘ৰং দে বাসন্তী’ খ্যাত অভিনেতা কুনাল কাপুৰ এইবাৰ পিতৃ-মাতৃ হৈছে। ছচিয়েল মিডিয়াযত এই ঘোষণা কৰিছে দম্পত্তিয়ে। নেয়না বচ্চন অমিতাভৰ ভাতৃ অজিতাভৰ কন্যা তথা কুনাল তেওঁলোকৰ জোঁৱাই। বিয়াৰ ৭ বছৰৰ পাছত পুত্ৰ সন্তানৰ কলকলনি অনুৰণিত হৈছে নেয়নাৰ ঘৰত। সেয়ে বচ্চন পৰিয়ালৰ আনন্দ দুগুণ হৈছে।